তেতেলী চিৰ সেউজীয়া গছ। ইয়াৰ পাতবিলাক মিহি আৰু চিলচিলীয়া। আকাৰত যথেষ্ট সৰু। ফুলবোৰ সৰু, প্ৰায় থোপা বান্ধি ফুলে। চিৰাযুক্ত ফল, দীঘল আৰু ফলৰ প্ৰতি চিৰাতে কেইবাটাও পাত থাকে। পাতৰ প্ৰতিটো অংশত চেপেটা আকৃতিৰ ৮-১০ টাকৈ গুটি থাকে। কেঁচা অৱস্থাত ইয়াৰ ফলৰ ওপৰৰ বাকিল সেউজীয়া আৰু পকিলে শুকান হয়। মঙহাল অতি টেঙা। তেতেলী অনেক গুণেৰে সমৃদ্ধ। কেঁচা তেতেলী অম্লৰস আৰু বায়ুনাশক। পিত্ত কফ আৰু ৰক্তদোষৰ কাৰক। গছৰ বিভিন্ন অংশ, যেনে পাত, ফল, বীজ আজি ব্যৱহাৰ কৰিলে সুফল পাব পাৰি।
(১) বাত ৰোগত তালৰ ৰসৰ লগত তেতেলীৰ পাত সিজাই বিষ হোৱা ঠাইখিনত প্ৰলেপ দিলে এই ৰোগৰ উপশম পাব পাৰি।
(২) বসন্ত ৰোগতো তেতেলী বৰ উপকাৰী। এই ৰোগ হলে তেতেলী পাত কেঁচা হালিদৰ সৈতে পিহি লৈ তাত সামান্য পৰিমাণৰ পানী মিহলাই খালে যথেষ্ট আৰাম পোৱা যায়।
(৩) যি কোনো কাৰণত তেজ বমি হলে তেতেলী গছৰ পাতৰ ৰস চেনীৰ লগত মিহলাই অলপ অলপ কৈ সেৱন কৰিলেও তেজ বমি বন্ধ হয়।
(৪) শৰীৰৰ কোনো অংশত বিষা হ’লে তেতলী অলপ পানীত সিজাই তাত সামান্য পৰিমাণৰ লোণ মিহলাই আঘাত পোৱা ঠাইত প্ৰলেপ দিব লাগে। বিষ কমে আৰু উখহা জামৰে ৷
(৫) অৰুচি হলে পকা তেতলী মিহলাই নিমখ আৰু গুড় মিহলাই খালেও অৰুচি দূৰ হয়।
(৬) তেতলীৰ কুমলীয়া পাত, অৰ্শৰোগৰ কাৰণে পৰম উপকাৰী। দুমুঠিমান তেতেলীৰ কুমলীয়া পাত পিহি লৈ দুগিলাচ পানীৰ লগত ভালদৰে সিজাব লাগে, যাতে অৱশিষ্ট এগিলাচহে থাকে। সেইখিন ভালদেৰ চেকি লৈ দিনে এবাৰকৈ দহদিনমান খালেই অৰ্শ বা কেঁচুমূৰীয়া ৰোগ ভাল হয়।
(৭) পকা তেতেলীৰ খালে জ্বৰ নাশ কৰে। তদুপৰি পুৰণি তেতলী অৰ্থাত দুই-তিনি বছৰ সংৰক্ষণ কৰা পকা তেতেলীয়ে বাত, পিত্ত আৰু কফ দূৰ কৰে। মুখত হোৱা ক্ষত বা মূখৰ দুৰ্গন্ধ ওলালে তেতেলীৰ পাত এমুঠি এগিলাচ পানীত সিজাই চেখি লৈ ঠাণ্ডা কৰি মুখ কুলকুলি কৰিব লাগে। এনে কৰাৰ ফলত মুখৰ ভিতৰৰ ঘা আৰু মুখৰ দুৰ্গন্ধ নাশ হয়।
(৮) কেঁচা তেতেলীৰ পাত পানীত সিজাই তাক ভালদৰে চেকি একেৰাহে কেইদিনমান খালে পুৰণি গ্ৰহণী ৰোগ আৰোগ্য হয়।
(৯) হাৰ্টৰ ৰোগীৰ হাত, ভৰি, মুখ আদি ফুলিলে পুৰণি তেতলী এচিৰা খুন্দি মিঠাতেলত ভাজি লৈ বুকুত মালিচ কৰিলে উপশম পাব। তেতেলীয়ে আহাৰ হজম কৰাতো সহায় কৰে।
লেখিকা: ৰেখা বৰা
শেহতীয়া উন্নীতকৰণ: : 4/30/2020