মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / দহিকচুৰো আছে ঔষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দহিকচুৰো আছে ঔষধি গুণ :

দহিকচুৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

দহিকচু এবিধ ক’লা ডাঠ নীলা বৰণৰ উদ্ভিদ। ই জোপোহা হৈ থাকে। ইয়ৰ বৈজ্ঞানিক নাম Alocacia indica Schott আৰু ই Araceae গোত্ৰৰ। দহিকচুৰ ঠাৰিবোৰ যথেষ্ট দীঘল। সাধাৰণতে দহিকচুৰ ঠাৰি, কুমলীয়া থোৰ পাতত দি আৰু মাছেৰে আঞ্জা কৰি খোৱা হয়। ই পুষ্টিকৰ খাদ্য।

দহিকচুত থকা ঔষধি গুণবোৰ এনেধৰণৰ -

*কোষ্ঠকাঠিন্য হ’লে দহিকচুৰ থোৰ বা ঠাৰি পাতত দি বা আঞ্জা কৰি খালে শৌচ খোলোচা হয়।

*দহিকচুত যথেষ্ট পৰিমাণে হিমগ্ল’বিন পোৱা যায়। সেয়ে হিমগ্ল’বিন কমা ব্যক্তিৰ বাবে দহিকচুৰ উপকাৰী।

*গৰম ৰোগীৰ বাবেও দহিকচুৰ আঞ্জা খোৱাটো ভাল।

*কাটিলে বা আঘাত পাই তেজ ওলালে দহিকচুৰ আঠা তেজ ওলোৱা স্থানত লগালে তেজ বন্ধ হয়।

*সন্তান হোৱাৰ পাছত দহিকচুৰ আঞ্জা খালী নাড়ী(পোৱাতিৰ) শুকায়।

*দহিকচু খালে ফিটা পেলু নাশ হয়।

*ঘা বা ফোহা হ’লে দহিকচুৰ আঠা লগালে বিজাণু নাশ হয় আৰু সোনকালে ঘা শুকায়।

*দহিকচুৰ আঞ্জা শৰীৰ উখহা ৰোগীয়ে নিয়মিত ৰূপে খালে ৰোগ নিৰাময় হয়।

*ছাল সজীৱ আৰু নিমজ কৰাত দহিকচুৱে সহায় কৰে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top