অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দুবৰিৰ ঔষধী গুণ

দুবৰিৰ ঔষধী গুণ

 

দুবৰি বনৰ উপকাৰীতাৰ বিষয়ে জানো আহক চোন।

দুবৰিৰ খাৰুৱা গুণে পেটৰ এচিডিটি, গেষ্ট্ৰিক আলচাৰ, ডাইবেটিচ, এনিমিয়া ভাল কৰা আৰু শৰীৰৰ দূষিত টক্সিন নিৰ্গত কৰাৰ উপৰিও দাঁত আৰু হাড় মজবুত কৰে।

বহুহাজাৰ বছৰ আগৰ পৰাই আয়ুৰ্বেদত দূৰ্বা বা দুবৰি ব্যৱহৃত হৈ আহিছে।

১)খাৰুৱা গুণ:

ইয়াৰ খাৰুৱা গুণে পেটৰ অম্ল বা এচিডিটি প্ৰশমিত কৰি বিভিন্ন পেটৰ ৰোগ প্ৰতিৰোধ কৰে।

২)Detoxing agent ৰূপে লিভাৰ, শৰীৰৰ কোষ আৰু তেজ chlorophyll ৰ দ্বাৰা পৰিস্কাৰ কৰে।

৩)এনিমিয়া বা ৰক্তহীনতা:

ইয়াত থকা ৬৫% Chlorophyll এ তেজৰ লোহিত ৰক্তকণিকা RBC আৰু হিমগ্লবন বঢ়াই এনিমিয়া দূৰ কৰে।

৪)মধুমেহ:

দুবৰি জুচৰ লগত দুখিলা নিম পাতে শৰীৰৰ শৰ্কৰা মাত্ৰা কমায়। অকল দুবৰিৰ ৰসেও তেজৰ শৰ্কৰা কমাই মধুমেহ নিয়ন্ত্ৰণ কৰিব পাৰে।

৫)ই পেটৰ এচিড নাইকিয়া কৰি গেষ্ট্ৰিক আলচাৰ, গেষ্ট্ৰাইটিছ আৰু গেচ নিৰাময় কৰে।

৬)এই জুচ উত্তম Diuretic হোৱাৰ বাবে কিডনীষ্টোন ফ্লাচ কৰি উলিয়াব পাৰে। ইউৰিণেৰি ট্ৰেক ইনফেক্সন আৰোগ্য কৰে।

৭)শ্বাসকষ্ট:

এই জুচে হাওঁফাওঁ পৰিস্কাৰ কৰি চৰ্দি, কাঁহ, ব্ৰংকাইটিছ আৰু হাপানী নিৰাময় কৰে।

৮)দুবৰি ৰসে নাকৰ পৰা তেজ উলোৱা, GI bleeding আৰু অতিমাত্ৰা ঋতুশ্ৰাৱ নিৰাময় কৰে।

৯)সাধাৰণ কটা চিঙাৰ ৰক্তক্ষৰণ বন্ধ কৰে। যষ্ঠিমধুৰ শিপা আৰু দুবৰি বন নাৰিকল তেলত ১৫ মিনিট উতলাই প্ৰলেপ দিলে খৰ ভাল হয়।

১০)অতিমাত্ৰা ভোকলগা নিয়ন্ত্ৰণ কৰি obesity দূৰ কৰে।

১১)ইয়াত থকা বিভিন্ন প্ৰটিন, ফচফৰাচ আৰু কেলচিয়ামে দাঁত আৰু হাড় মজবুত কৰে, পটাচিয়ামে পানী সন্তোলন আৰু হাৰ্ট, মেঙ্গানিজে এন্জাইম উত্পাদন কৰে।

১১)ইয়াত ভিটামিন A আৰু C আছে যি এন্টিঅক্সিডেন্ট হিচাবে হৃদৰোগ, স্ট্ৰোক আৰু কেনচাৰ প্ৰতিৰোধ কৰে।নাৰিকল তেলত থকাৰ দৰে ইয়াত palmitic acid পোৱা যায়, যিয়ে atheroscrelosis ত কাম দিয়ে।

দুবৰি জুচ:

প্ৰয়োজনীয় পৰিমাণৰ দুবৰিৰ আগ অংশ গোটাই ভালদৰে ধুই লওক। ইয়াত নাৰিকলৰ পানী অথবা সাধাৰণ পৰিস্কাৰ পানী মিহলাই জুইচাৰত দিয়ক। জুচ খিনি চাহৰ চাকনিৰে চেকি ডাঙৰ গিলাচৰ এগিলাচ পুৱা খালি পেটত খাব। সোৱাদ আৰু গুণ বঢ়াবলৈ স্টেভিয়া পাত আৰু কেঁচা হালধীৰ ৰস মিলাব পাৰে (ঐচ্ছিক)। দুবৰিৰ জুচৰ একো নিমিহলোৱাকৈও এটা নিজস্ব ভাল লগা সোৱাদ আছে। জুচ খোৱাৰ এঘণ্টালৈকে একো নাখাব।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 1/13/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate