অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দূৱৰি বনৰ ঔষধি গুণ

দূৱৰি বনৰ ঔষধি গুণ

দূৱৰি বন এবিধ সচৰাচৰ দেখি থকা বন। যাক পুৱা উঠিয়েই গছকিলে চকুৰ কাৰণে ভাল বুলি কোৱা হয়। দূৱৰি বন এনেকুৱা এবিধ পৱিত্ৰ বন যাক দেৱ পূজাতো ব্যৱহাৰ হয়। ইয়াৰ ঔষধি গুণ অতি প্ৰখৰ।

প্ৰকাৰ

দূৱৰি বন তিনি প্ৰকাৰৰ আছে-

১) নীলা দূৱৰি (নীল দুৰ্বা): ইয়াক সংস্কৃতত ৰুহা, অনন্ত, ভাৰ্গৱা শত পত্ৰিতা সহস্ৰবীৰ্য আৰু শতবল্লী বোলে।

২) বগা দূৱৰি (চত দুৰ্বা): এইবিধ দূৱৰিক শাস্ত্ৰত গোলামী আৰু শীতবীৰ্য বোলে।

৩) গাঁথি দূৱৰি (গণ্ড দুৰ্বা): ইয়াৰ শাস্ত্ৰীয় নাম গণ্ডালী, মৎস্যাক্ষী আৰু শকুলা ক্ষক। যিকোনো প্ৰকাৰৰ দূৱৰিয়েই ঔষধত ব্যৱহাৰ কৰিব পাৰি।

‘সংস্কৃত আছে সৰ্ব্বপুষ্পাময়ী দুৰ্ববা’। ইয়াৰ অৰ্থ এনে ধৰণৰ ফুলৰ অভাৱত দূৰ্বাৰে দেৱতাৰ পূজা সমাপন কৰিব পাৰি।

পৰিমাণ

দূৱৰি বনৰ শিপা, গা গছ আৰু আগপাত সকলোখিনি অংশই ঔষধত লগোৱা হয়। ইয়াৰ মাত্ৰা- ৰ’দত শুকাই গুড়ি কৰি ব্যৱহাৰ কৰিলে দুই অনাৰ পৰা চাৰি অনালৈকে। কেঁচাই বটি ব্যৱহাৰ কৰিলে চাৰি অনাৰ পৰা আঠ অনা। ৰসৰ মাত্ৰা, এক তোলাৰ পৰা দুই তোলালৈকে ব্যৱহাৰ কৰিব পাৰি।

গুণাগুণ আৰু কাৰিকৰী জ্ঞান

সকলো দ্ৰব্যৰে নিজস্ব গুণ আৰু স্বাদ থাকে। তেনেকৈ দূৱৰি বনৰ ৰসতো তিতা, মিঠা আৰু কেঁহা ৰস বেছি পৰিমাণে থাকে। সকলো প্ৰকাৰৰ দূৱৰিয়েই ৰক্তৰোধক গুণ আছে। তৃষ্ণা, পিত্ত, বিসৰ্প, তেজৰ দোষ, চৰ্মৰোগ, শীতপিত্ত: অৰুচি, বমি, দাহ মৰ্চ্ছা শ্ৰান্তি নিবাৰক।

দূৱৰি বন তেজ ওলোৱা যিকোনো অৱস্থাতেই ব্যৱহাৰ কৰিব পাৰি। কোনো ঠাইত কাটিলে আৰু তাৰ পৰা তেজ ওলালে ততালিকে দূৱৰি বনৰ ৰস উলিয়াই সেই কটা ঠাইডোখৰত লগাই দিলে তেজ বন্ধ হৈ কটা ঘা অতি সোনকালে শুকোৱাত সহায় কৰে। কোনো মানুহৰ কেতিয়াবা কেতিয়াবা নাকেৰে তেজ যায়। সেই মুহুৰ্তত দূৱৰি বনৰ পাতৰ ৰস নাকেৰে উজাই দিলে তৎক্ষণাত তেজ ওলোৱা বন্ধ হয়।

ৰক্তপিত্ত বেমাৰত তেজ বমি, শৌচ আৰু প্ৰস্ৰাৱৰ দ্বাৰেদি তেজ পৰা আদি যিকোনো কাৰণতেই নহওঁক দূৱৰি বন বৰ উপকাৰী। দূৱৰি বনৰ ৰস এক তোলা বা দুই তোলা, চাৰি অনা চেনি আৰু দুই-তিনি টোপ মৌ লগ লগাই দিনে ২/৩ বাৰকৈ খালে তেজ ওলোৱা বন্ধ হয়। নিয়মিত কিছুদিন ব্যৱহাৰ কৰিলে ৰোগ পুৰণা হ’লেও ভাল হ’ব পাৰে।

তিৰোতা মানুহৰ কিছুমান বেমাৰ থাকে। তেওঁলোকৰ বাবে ৰক্তপ্ৰদৰ এটি বেয়া বেমাৰ। এই ৰোগৰ কাৰণে দূৱৰি বৰ উপকাৰী। ৰক্ত প্ৰদৰ বেমাৰত দূৱৰি বনৰ পাতৰ ৰস এক তোলা, চেনি আৰু মৌৰ সৈতে দিনে ২/৩ বাৰকৈ ব্যৱহাৰ কৰিলে ৰক্তপ্ৰদৰ ৰোগ আৰোগ্য হয়। তাৰ উপৰিও দূৱৰি বনৰ ভৰণ তলপেটত দিলে অধিক ৰক্তস্ৰাৱত বৰ কাম দিয়ে। দূৱৰি বন বটা আৰু কলহৰ তলৰ মাটি মিহলাই তলপেটত ভৰণ দিলে প্ৰৱল সোতৰ ৰক্তস্ৰাৱো বন্ধ হৈ যায়। তেনেকুৱা ৰক্তস্ৰাৱত ভৰণ দি শুকাই যোৱাৰ পিছত সেই ভৰণ গুচাই আকৌ দূৱৰি বন আৰু কলহৰ তলৰ মাটি মিহলাই তলপেটত লেপন দিলে তৎক্ষণাত ৰক্তস্ৰাৱ বন্ধ হৈ যায়।

অতিশয় জ্বৰত চকু জ্বলা-পোৰা কৰিলে দূৱৰি বনৰ পাত পানীত তিয়াই সেই পানী চকুত চটিয়াই দিলে চকুৰ জ্বলা-পোৰা কমে। মুৰ্চ্ছা যোৱা বেমাৰতো এনেকৈ দূৱৰিৰ পানী চটিয়াই দিলে মূৰ্চ্ছা ভাঙে।

মানুহৰ শৰীৰত নানা কাৰণত জ্বৰ হ’ব পাৰে। পিত্তৰ জ্বৰতো শৰীৰত খুব দাহ, জ্বলা-পোৰা, বমি আৰু পিয়াহ লগা আদি লক্ষণ হয়। তেনেকুৱা লক্ষণে দেখা দিলে আলা চাউল আৰু দূৱৰি বন সমানে লৈ বটি তালুত ভৰণ দিলে তেনেবোৰ লক্ষণ দূৰ হয়।

কেতিয়াবা প্ৰস্ৰাৱ বন্ধ হ’লে দূৱৰি বনৰ ৰস খাই প্ৰস্ৰাৱৰোধক বেমাৰ দূৰ কৰিব পাৰি। ই প্ৰস্ৰাৱ কাৰক। প্ৰস্ৰাৱ বন্ধ হ’লে দূৱৰি বনৰ শিপা দুই তোলা ভালকৈ খুন্দি আধা লিটাৰ পানীত পগাই আধা পোৱা পৰিমাণত ৰাখি ঠাণ্ডা হ’বলৈ দিব লাগে। পিছত সেই ৰস চেকি তাৰ লগত চাৰি অনা ওজনৰ চেনি আৰু তিনি-চাৰি টোপাল পুৰণা গুড় মিহলাই খালে মূত্ৰৰোগ আঁতৰে। যদি ক্কথ কৰিবলৈ অসুবিধা তেন্তে পাতৰ কেঁচা ৰস উলিয়াই খালেও একে গুণ পোৱা যায়।

দূৱৰি বনেৰে বমিও বন্ধ কৰিব পৰা যায়। কেঁচা দূৱৰি ধুই পখালি পানী নিদিয়াকৈ খচি লৈ দুই তোলা ৰস উলিয়াই সেই ৰসত আধা তোলা চেনি আৰু অলপমান চূণৰ পানী মিলাই একো চামুচকৈ কেইবাবাৰো খালে বমি বন্ধ হৈ যায় আৰু ৰোগীক সুস্থ কৰি তোলে।

ছিটিকা ঘা হ’লে দূৱৰি বনৰ ৰস ঘঁহি আৰোগ্য লাভ কৰিব পাৰি। এইবিধ ঘা সাধাৰণতে সৰু ল’ৰা-ছোৱালীৰ হোৱা দেখা যায়। এই ঘা শৰীৰৰ এঠাইত হ’লে আন ঠাইলৈ বিয়পি পৰি সমগ্ৰ শৰীৰ আগুৰি ধৰে। এই ঘাৰ জ্বলা-পোৰা বৰ বেছি। ছিটিকা ঘাৰ আন এটা নাম আছে সেয়া হ’ল বিসৰ্প ঘা।

গাত চকলা-চকল উঠি গা খজুৱালে বা অন্যান্য চৰ্ম ৰোগত দূৱৰি বন আৰু তাৰ সমান পৰিমাণে কেঁচা হালধি লৈ অতি সুন্দৰকৈ বটি গাত ঘঁহিলে সেইবোৰ চৰ্মৰোগ আৰোগ্য হয়। ঘামচিৰ কাৰণেও উপকাৰী।

দূৱৰি বনৰ আন এটা গুণ আছে। ই যেনেকৈ ৰক্ত বন্ধ কৰে তেনেকৈ ৰক্তশ্ৰৱণো কৰে। কোনো ছোৱালীৰ বেছি বয়সলৈ ঋতু দৰ্শন নাপালে তলত লিখা মতে দূৱৰি বনৰ পিঠা তৈয়াৰ কৰি খালে ঋতু দৰ্শন হয়। অনিয়মিত ঋতু বা যিকোনো অৱস্থাৰ ঋতু গোলমালতো এই পিঠা ব্যৱহাৰ কৰিলে ভাল ফল পায়।

বিধি

দূৱৰি বনৰ গুড়ি এক তোলাৰ লগত চাউলৰ পিঠাগুড়ি পাঁচ তোলা লগ লগাই পানীৰে গুলি ঘিউত ভাজি ৪/৫ খন পিঠা তৈয়াৰ কৰিব লাগে। এই পিঠা দিনে ১/২ খনকৈ খালে সুফল পোৱা যায়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

3.375
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top