অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দোৰোণ ফুলৰ উপকাৰিতা

সকলোৰে চিনাকি কিছুমান ফুলো যে মহাঔষধি গুণেৰে সমৃদ্ধ তাৰ প্ৰকৃত গুণাগুণ জনাৰ পিছতহে জানিব পাৰি। তেনে এবিধ ফুল দোৰোণ ফুল। ইয়াক শাক হিচাবেও ব্যৱহাৰ কৰে। তাৰোপৰি বসন্ত ৰোগৰ আৰোগ্যৰ বাবে দেৱী শীতলাৰ নাম প্ৰসংগতো আগলতি পাতৰ আসনত স্থাপন কৰে। ই সকলো ঠাইতে সকলো সময়তে জন্মে। এইবিধ ফুলৰ গছৰ পাতবোৰ দীঘল আৰু সৰু। ওখ প্ৰায় এক ডেৰ ফুটমান হয়। ফুলবোৰ বগা আৰু গছডাল জোপোহা হয়। ইয়াৰ শাস্ত্ৰীয় নাম দ্ৰোণপুষ্প, দ্ৰোণা, ফুলে পুষ্পা ইত্যাদি।

পৰিমাণ

সকলো ঔষধৰে ব্যৱহাৰ কৰাৰ আগতে তাৰ পৰিমাণ জানি থোৱা উচিত। অন্যথাই উপকাৰতকৈ অপকাৰ হোৱাৰ সম্ভাৱনাই বেছি। দোৰোণ গছৰ পাতৰ ৰসৰ পৰিমাণ দুই তোলা। শিপাৰ ৰসৰ মাত্ৰাও দুই তোলা। শুকাই চূৰ্ণ কৰি ব্যৱহাৰ কৰিলে দুই অনাৰ পৰা চাৰি অনালৈকে। ইয়াৰ পাতৰ ৰস কলৰ পাতত মেৰাই জুইত সেকিও উলিয়াব পাৰি। তেনে ৰসৰ পৰিমাণো দুই তোলা হোৱা উচিত।

গুণাগুণ আৰু কাৰিকৰী জ্ঞান

দোৰোণ ফুল এনেকুৱা এবিধ গছ যাক কিছুমান ৰোগৰ মহৌষধ বুলি ক’ব পাৰি। ই শ্লেষ্মা নি:মাৰক আৰু বেচক। গুড়, লৱণ, মধুৰ আৰু জ্বলা ৰসযুক্ত। ই ৰুক্ষ উষ্ণবীৰ্য, বায়ু আৰু পিত্তবৰ্ধক, তীক্ষ্ণ আৰু মধুৰ বিপাক। কফ, আম, কমলা, শোথ, তমক শ্বাস আৰু কৃমিনাশক। ইয়াৰ শিপাত কফত্ম গুণ আছে। দোৰোণ ফুলৰ পাতৰ ৰসৰ স্থানিক প্ৰয়োগত হোমাৰ বেদনা আৰোগ্য হয়।

মেলেৰিয়া জ্বৰ, তিয়াজ্বৰ, পালজ্বৰ, যকৃত প্লীহা বৃদ্ধি হোৱা জ্বৰতো দোৰোণ ফুল অতি উপকাৰী। দোৰোণ ফুলৰ কেঁচা ৰস এক তোলা, জালুকৰ গুড়ি এক অনা মিহলাই নিয়মিত ব্যৱহাৰ কৰিলে উক্ত জ্বৰৰ উপশম ঘটে আৰু শৰীৰৰ সুস্থতা আনে।

কোনো ধৰণৰ বাত, শ্লৈষ্মিক জ্বৰ বা নিউমোনিয় জ্বৰ, কফ বেছি হ’লে আৰু তাৰ পৰা বুকুত বিষ হ’লে বা কফৰ পৰা হোৱা আন আন বেদনা আদিত দোৰোণ ফুলৰ পাতৰ ৰস আভ্যন্তৰিক ব্যৱহাৰেও কৰিব লাগে আৰু বাহিৰতো ইয়াৰ ৰস তপতাই মালিচ কৰিলে সুন্দৰ ফল পোৱা যায়।

দোৰোণ ফুলৰ পাতৰ ৰস চৰ্মৰোগ নাশক। দোৰোণ ফুলৰ পাতৰ ৰস গাত মালিচ কৰিলে চৰ্মৰোগ দূৰ হয় আৰু এটা মনত ৰাখিবলগীয়া কথা যে দোৰোণ ফুল সৰ্প বিষৰ এটি উৎকৃষ্ট দৰৱ বুলি বহুতে কয়। দোৰোণ ফুলৰ পাতৰ ৰস কৃমি, অৰ্শ আৰু শোথ আদি ৰোগৰ আৰোগ্যকাৰক।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 7/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate