মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / দোৰোণ ফুলৰ ঔষধীয় গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দোৰোণ ফুলৰ ঔষধীয় গুণ :

দোৰোণ ফুলৰ ঔষধীয় গুণ :ৰ বিষয়ে লিখা হৈছে ।

ঘৰৰ ওচৰে-পাঁজৰে এনেয়ে পৰি থকা ঠাইত নানা তৰহৰ গছ-গছনি গজে। সাম্প্ৰতিক কালত পৰিৱেশৰ প্ৰতি সচেতন নোহোৱা মানুহে ঘৰৰ কাষৰ মাটিখিনিও পকা কৰি হাতৰ কুঠাৰ ভৰিত মাৰে।

পকা কৰা ঠাইত গছ-গছনি নগজে বাবে সেউজ আৱৰণৰ পৰা বঞ্চিত হয়। সেউজ আৱৰণে পৰিৱেশ সুস্থিৰ কৰি ৰখাত সহায় কৰে।

এনে ঠাইত বৰষুণ পৰিলে পানী সৰকি গৈ ভূগৰ্ভ পায় বাবে তাৰ পানী নকমে। যি কি নহওক পথাৰতো আপোনা-আপুনি গজি অযত্ন পালিত গছবোৰ পৰিৱেশ সুস্থিৰ কৰি ৰাখে।

এনে গছৰ মাজৰে চাপৰ জোপোহা হৈ বাঢ়ি অহা বগা ফুলৰ গছজোপাই দোৰোণ ফুল।

ৰোগ নিৰাময় কৰা দৰব হিচাপে এই উদ্ভিদৰ ব্যৱহাৰ বহুমুখী বুলি প্ৰতিপন্ন হৈছে। এই উদ্ভিদৰ পাতত নানা ধৰণৰ ফেনলজাতীয় যৌগ উভৈনদী, যিবোৰে সুকীয়া সুকীয়া কাৰ্য সম্পাদনৰ জৰিয়তে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আমাক সহায় কৰে।

এই উদ্ভিদৰ কুমলীয়া আগবোৰ ছিঙি আন বহুতো লোকে শাক হিচাপে ভাজি খায়। ভোজনৰ উপকৰণ তিতা সোৱাদযুক্ত যদিও স্বাস্থ্য ৰক্ষাৰ বাবে ই অতিশয় উপকাৰী।

দোৰোণ ফুলৰ উদ্ভিদৰ পাতত থকা ফেনল যৌগবোৰ হ’ল -

  • ফ্লেভনয়ডছ,
  • উপক্ষাৰ,
  • ফেনলীয়া অম্ল,
  • লিগনিন আৰু
  • টেনিন।

এইবোৰে স্বাস্থ্যৰ ওপৰত বহুতো জৈৱিক প্ৰভাৱ পেলোৱাৰ উপৰি শৰীৰৰ অপকাৰ সাধন কৰা মুক্তমূলকবোৰ নিত্মূলকৰণৰ পথ প্ৰশস্ত কৰে। এই উদ্ভিদৰ পাত প্ৰতিজাৰক গুণবিশিষ্ট হোৱা হেতুকে দেহৰ ক্ষতিসাধন ৰোধ কৰে।

ভেঁকুৰ জাতীয় জীৱবোৰে নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে বাবে এই ক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰশীল হয়।

এইবোৰে পৰজীৱী অথবা মৃতজীৱী হিচাপে জীৱন নিৰ্বাহ কৰে। পৰজীৱী ভেঁকুৰে পোষকৰ পৰা খাদ্য শোষণ কৰে বাবে ই প্ৰকাৰান্তৰে আশ্ৰয়দাতাৰ জীৱনৰ অপকাৰ সাধন কৰে।

দোৰোণ গছৰ পাতত ভেঁকূৰ বিনাশী পদাৰ্থ থাকে বাবে এই পাত খাদ্য হিচাপে গ্ৰহণ কৰিলে ভেঁকুৰৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি। অপকাৰী অণুজীৱবোৰৰ নানা বেমাৰৰ মূল কাৰক।

  • অন্ত্ৰত বংশবৃদ্ধি কৰি সংখ্যাত বাঢ়ি অহা কৃমিবোৰে শিশুসকলৰ ক্ষেত্ৰত নানা অথন্তৰৰ সৃষ্টি কৰে। যিবোৰৰ পৰা নিস্তাৰ পাবলৈ দোৰোণ ফুলৰ ৰস অগতিৰ গতি স্বৰূপ।
  • দোৰোণ গছৰ পাত-
  • অণুজীৱ বিৰোধী,
  • কীটনাশক,
  • জ্বৰ লাঘৱ কাৰক,
  • বেদনা লাঘৱ কাৰক গুণবিশিষ্ট হোৱা হেতুকে সেইপাত কাটি গুড়ি কৰি পানীৰ সৈতে মিহলাই লুথুৰী পগাব পাৰি। এই মগু নিয়মিতভাৱে ছালত ঘঁহিলে ছালৰ বেমাৰ আঁতৰ হয়।

গুণবিশিষ্ট -

  • ছালৰ কিছুমান ৰোগ নিৰাময় কৰিবলৈ দোৰোণ পাতৰ ৰস প্ৰয়োগ কৰা হয় আৰু পুৰিলে ছালত জোলা ফুটাৰ চিকিৎসাত এই ৰস প্ৰয়োগ কৰি সুফল লাভ কৰিব পাৰি।
  • মেলেৰিয়া ৰোগত আক্ৰান্ত হ’লে জ্বৰ লাঘৱ লৰিবলৈ দোৰোণ পাতৰ ৰস সেৱন কৰা হয়। দেশৰ কেতবোৰ অঞ্চলত জ্বৰ নিৰাময় কৰিবলৈ দোৰোণ গছৰ ক্কাথ অৰ্থাৎ সিজাই চেপি উলিওৱা ৰস সেৱন কৰে।
  • দোৰোণ পাতৰ ৰস অথবা ভাপত দিয়া অথবা গৰম পানীত দি পিহা পাত খাদ্য হিচাপে গ্ৰহণ কৰিলে দেহৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ হয়।
  • মধুমেহ ৰোগত ভোগা লোকসকলে দোৰোণ পাতৰ ৰস খাই উপকাৰ পায়।
  • দোৰোণৰ পাত কুটি মিহিকৈ প্ৰস্তুত কৰা লুথুৰীৰ লগত নেমুৰ ৰস তথা খোৱাৰ বাভে উপযোগী তিলতেল ভালদৰে মিহলাই এসপ্তাহ খালী পেটত খালে মহিলাৰ ঋতুস্ৰাৱৰ কালত হোৱা সৰহীয়া ৰক্ত নিৰ্গমন প্ৰতিৰোধ কৰিব পাৰি।
  • দোৰোণ গছ খাদ্য হিচাপে গ্ৰহণ কৰিলে ই খাদ্য পৰিপাক হোৱাৰ সহায় কৰে, তদুপৰি গছৰ পৰা আহৰণ কৰা আৰক মৌজোলৰ লগত খালে পেটৰ বিষ লাঘৱ হয়।
  • গৱেষণাৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি এই গছৰ আৰক কৰ্কট প্ৰতিৰোধী পদাৰ্থৰে সমৃদ্ধ হোৱা হেতুকে ইয়াক সেৱন কৰি এই মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰি ৰাখিব পাৰি।
  • দোৰোণ গছৰ কেইটামান পাতৰ ৰস পানী মিহলাই পাতল কৰি নাকৰ ভিতৰত প্ৰয়োগ কৰিলে
  • কাহৰ পৰা ৰেহাই পোৱা যায়,
  • তদুপৰি নাক সোপা মাৰি ধৰা,
  • কাহৰ পৰা হোৱা মূৰৰ বিষ,
  • ছাইনাছৰ প্ৰদাহ,
  • আদকপালী,
  • কফ আদিৰ পৰাও পৰিত্ৰাণ পোৱা যায়।

দোৰোণ গছৰ ফুল, পাত সহ গোটেই গছজোপা বহুতো ঔষধীয় গুণেৰে সমৃদ্ধ যদিও ইয়াৰ অতিমাত্ৰা সেৱন স্বাস্থ্যৰ পৰিপন্থী হ’ব পাৰে।

কাৰণ ইয়াৰ পাত অতিমাত্ৰাত সেৱন কৰিলে শৰীৰত তাপ উৎপাদন কৰে। ইয়াৰ পাতৰ ৰস তপতাই এচামুচ নিয়মীয়াকৈ খালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

এই গছৰ পাত শাক হিচাপে নিয়মিতভাৱে গ্ৰহণ কৰিলে বহুতো বেমাৰৰ আক্ৰমণ ৰোধ হয়। সেইবাবে ঘৰৰ চৌহদতে গজি লহপহকৈ বাঢ়ি অহা দোৰোণ গছ দেখা মাত্ৰকে উভালি নেপেলাই উপযুক্তভাৱে সেৱন কৰিলে উপকাৰ লাভ কৰিব পাৰি।

লেখক: আনন্দ দেৱ গোস্বামী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top