অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নয়নতৰা :

নয়নতৰা :

নয়নতৰা ফুল গছজোপা কেৱল আপুনি চাগে ফুলৰ বাগানৰ শোভা বর্ধনৰ বাবেই ৰুই থৈছে । কিন্তু আপুনি জানেনে ই আয়ুবের্দিক চিকিৎসাত এটি উত্তম ঔষধি গছ?

উদ্ভিদৰ নাম : নয়নতৰা Noyan Tara

ভেষজ নাম : Catharanthus roseus G.Don,

ফেমিলী: Apocynaceae.

ৰোপনৰ সময় : ই সাধাৰনতে বর্ষজীবী, গতিকে বহু বছৰ জীয়াই থকা দেখা যায়।
গোটেই বছৰ ধৰি ফুল ফুলে।

আবাদী/অনাবাদী/বনজ : বহুতেই বাগানৰ বেৰৰ কাষত এই গছ ৰোপণ কৰে।

এই ফুলৰ গছ সাধাৰনতে বীজৰ পৰাই জন্মে। মাজে মাজে গছৰ কাটি নাথাকিলে ডাল ডাঠ হৈ যায়, ভাল ফুল নুফুলা হয় আৰু সোনকালে মৰি যায়।

সাধাৰণতে ২/৩ ফুট লম্বা হয়। পাতবোৰ বিপৰীত , মসৃণ, আয়তাকাৰ , বহুখিনি ডিম্বাকৃতিৰ। ই কিন্তু এবিধ বিষাক্ত গছ।

নয়নতৰা ফুলৰ গছ ভাৰতবৰ্ষ উপমহাদেশৰ সমতলভূমিৰ প্রায় সকলো ঠাইতে পোৱা যায়। পাঁচটা পাপৰি যুক্ত এই ফুল সাধাৰণতে তিনিটা ৰঙৰ দেখা যায়। গুলপীয়া , পাতল গুলপীয়া, আৰু বগা । ফলবোৰ দেখিবলৈ সৰিয়হ চেইৰ নিচিনা ,অলপ ডাঙৰ।চেইৰ ভিতৰত বহুত বীজ থাকে। নয়নতৰা গছত মাজে সময়ে ভাইৰাছ জনিত ৰোগ হয় । প্রথমতে সাবধানতা অবলম্বন নকৰিলে বাৰে বাৰে গছত ভাইৰাছ আক্রান্ত হৈ মৰি যায়।সম্পূৰ্ণ গছজোপা তিক্ত স্বাদৰ হোৱা বাবে সাধাৰনতে গৰু -ছাগলীয়ে নাখায়। একেবাৰে গৰু ছাগলীয়ে নাখাই বুলি কলেও ভুল হব, কেতিয়াবা কেতিয়াবা গৰু ছাগলীয়ে কম বেছি পৰিমাণে এই গছ খোৱা দেখা যায় । ই কিন্তু গৰু -ছাগলীৰ পক্ষে বিষাক্ত। বেছি খালে ই বিপদ আনিব পাৰে । বর্তমান নয়নতৰা ক লৈ দেশে-বিদেশে ব্যাপক গবেষণা হৈ আছে ।
নয়নতৰাৰ বীজ কলা আৰু অমসৃণ। কলা ৰঙৰ বীজৰ পৰা বংশ বিস্তাৰ ঘটে।

ঔষধার্থে ব্যৱহাৰ্য্য অংশঃ- পত্র, গছ আৰু মূল। নয়নতৰা ফুলৰ গছত ৬০ বিধৰো বেছি উপক্ষাৰ আছে যাৰ ভিতৰত ভিনক্রিস্টিন আৰু ভিনব্লাস্টিন লিউকেমিয়া ৰোগৰ ঔষধ হিচাপে ব্যবহাৰ কৰা হয়। দুটি secoiridoial glucosides,ursolic acid, oleanolic acid আছে।
এতে সক্রিয় উপাদান হচ্ছে এলকালয়েড আৰু টেনিনচ।

নয়নতৰা গছৰ অবাক কৰি দিয়া কিছুমান উপকাৰিতা আছে :

মধুমেহ (Diabetes Mellitus) ৰোগতঃ- নয়নতৰা ভেষজৰ ক্কাথ খালে তেজত চেনিৰ পৰিমান দ্ৰুতভাৱে কম হয়। ৮/১০ দিন ব্যবহাৰ কৰাৰ পাছত পুনৰাই তেজ পৰীক্ষা কৰিহে ইয়াৰ ব্যবহাৰ কৰা প্ৰয়োজন ।ইয়াৰোপৰি ঘনে ঘনে প্রস্রাব হোৱা আৰু অন্যান্য উপসৰ্গ বিলাকো ধীৰে ধীৰে কমি যায়। নয়নতৰা তেজৰ শৰ্কৰাৰ(suger) পৰিমাণ কমায়। দক্ষিণ আফ্ৰিকাত নয়নতৰা গছ ডায়েবেটিজৰ চিকিৎসাত ব্যবহৃত হয়।

ৰক্তপ্ৰদৰ :নয়নতৰা গছৰ মূল (শিপা) পেটৰ টনিক হিচাপে কাম কৰে ।ইয়াৰ পাতৰ ৰস মেনোৰিজিয়া (Menorrhagia) বা অতিৰজঃস্রাবৰ চিকিৎসাত ব্যবহৃত হয়। প্ৰতিমাহে ঋতু বিকাশৰ দিন আৰু সময় যেতিয়া অনিয়মিত হয় আৰু ঋতুস্রাবৰ দিনৰ সংখ্যাও বাঢ়ে, অথবা যাৰ মাহে একাধিকবাৰ মাহেকীয়া ঋতুস্ৰাৱ হয়, স্রাব বেছি নির্গত হয়, অথচ বিশেষ কোনো শাৰীৰিক কাৰন বিছাৰি পোৱা নাযায় , শৰীৰত অন্য কোনো অসুবিধাও নাথাকে , আহাৰ -নিদ্রা-স্বাস্থ্য স্বাভাবিক, নয়নতৰাৰ ব্যবহাৰ এমাহ বা দুমাহ কৰাৰ পাছত একমাহ ঔষধ বন্ধ কৰি অবস্থাটো লক্ষ্য ৰাখিব লাগে। প্রয়োজন নহলে আৰু খোৱাৰ দৰকাৰ নাই , উপকাৰ নাপালে চিকিৎসকৰ পৰামর্শ ব্যতিৰেকে ব্যবহাৰ কৰা উচিত নহয়।

নাক আৰু মুখেৰে তেজ ওলালে : নয়নতৰাৰ ভেষজ গুণ সপ্তম শতাব্দীত ব্ৰিটেইনৰ চিকিৎসা শাস্ত্রত পোৱা যায়। কাল্পচাৰ নামৰ এজন ব্ৰিটিছ ঔষধ বিশেষজ্ঞই নাক আৰু মুখেৰে ৰক্তপাত হলে এই গছ ব্যবহাৰৰ পৰামর্শ দিছিল । স্ক্যার্ভি, উদৰাময়, ডিঙিৰ বিষ, টনচিলৰ প্রদাহ, ৰক্তশূণ্যতা ইত্যাদিত ই খুবেই উপকাৰী ।

ডিফথেৰিয়া ৰোগৰ চিকিৎসা: নয়নতৰাৰ পাতত ভিনডোলিন নামৰ ক্ষাৰ থাকে। এই ক্ষাৰ ডিফথেৰিয়া জীবাণুৰ (Corynebacterium diptherae) বিৰুদ্ধে সক্রিয়। সেয়েহে ডিফথেৰিয়াৰ ঔষধ বনাওতে এই পাত ব্যবহৃত হয়।ইয়াৰোপৰি ইয়াৰ মূল সাপ, বিচ্ছু ইত্যাদিৰ বিষনাশক দৰৱ বনাওতেও ব্যবহৃত হয়!

লিউকেমিয়া (Leukemia) ৰোগতঃ- এইটো এটা অসাধ্য পৰ্যায়ৰ ৰেগ। আয়ুৰ্বেদৰ চিন্তাধাৰা মতে ই ৰক্তবাহী স্রোতৰ ব্যাধি। এইক্ষেত্ৰত নয়নতৰা ভেষজৰ ব্যবহাৰে ৰোগটোক প্রতিহত কৰাত সহায় কৰে, যি আগতেও উল্লেখ কৰা হৈছে।

মেধাহ্রাসতঃ- যিবিলাক ক্ষেত্রত দেখা যায় মগজুৰ গ্রহণ শক্তি আৰু সঞ্চালন শক্তি ঠিকেই আছে, কিন্তু ধাৰন শক্তি ক্ৰমশঃ কমি যায় , তেনেকুৱা ক্ষেত্ৰত এই নয়নতৰা ভেষজটোৱে খুব দ্ৰুতভাৱে ফল দিয়ে। এমাহমান নিয়মিত খোৱা প্ৰয়োজন ।

পার্শ্ব প্রতিক্রিয়া:
নয়নতৰাৰ কিছুমান পার্শ্ব প্রতিক্রিয়াও আছে ।ইয়াৰ দ্বাৰা বনোৱা ঔষধৰ কাৰণে বমি বা বমি বমি ভাব অহা, মূৰৰ বিষ, অৱসাদ ইত্যাদি পার্শ্ব প্রতিক্রিয়া দেখা দিব পাৰে । ই কিডনি আৰু স্নায়ুতন্ত্ৰৰ ওপৰত বিৰূপ প্রভাব পেলাব পাৰে । গর্ভবতী মহিলাৰ বাবেও এই ভেষজ ক্ষতিকাৰক ।

৬। ৰক্তচাপ বৃদ্ধিত (Hypertension/High Blood Pressure) নয়নতৰাৰ ক্কাথ সেৱন কৰিলে ৰক্ত চাপ হ্রাস পায়। ৮/১০ দিন ব্যবহাৰৰ পিছত ৰক্তচাপ পৰীক্ষা কৰি চোৱা উচিত। ৰক্তচাপৰ হ্ৰাসৰ অবস্থা অনুযায়ী এই ভেষজটো ব্যবহাৰৰ সময় আৰু মাত্রা ঠিক কৰা দৰকাৰ । আৰু সেইবাবে কোনো অভিজ্ঞ চিকিৎসকৰ পৰামর্শ গ্রহণ বিধেয়।

বাহ্যিক ব্যবহাৰ -

৭। সন্ধিবাতঃ- গাঠি গাঠি বিষ হলে ফুলা বা প্রদাহ একো নাই, এই ক্ষেত্ৰত , কেঁচা বা শুকান নয়নতৰাৰ (সমগ্র গছ)ৰ ক্কাথ তিল তেলৰ লগত পাক কৰি ব্যবহাৰ কৰিলে যন্ত্ৰনাৰ উপশম হয়।(বিশেষজ্ঞৰ পৰামর্শ নোলোৱাকৈ তেলটো তৈয়াৰ নকৰাই ভাল) ।

৮। বৰল মৌমাখি আদিৰ হুলৰ জ্বলনত/কীট দংশনত-
বৰল, কোদোবৰল, মৌমাখি , ভোমোৰা , পৰুৱা , কাঠপৰুৱা আদিৰ দংশনত হুলৰ জ্বালা যন্ত্ৰনাৰ পৰা আশু উপকাৰ পাবলৈ হলে নয়নতৰাৰ পাত থেঁতালি লগাব লাগে ।

গতিকে নয়নতৰা ফুল ঘৰৰ চৌহদত ৰুই সৌন্দৰ্য্য বৃদ্ধিৰ লগতে ইয়াৰ উপকাৰী প্ৰভাৱবোৰৰো সহায় লোৱা ভাল।

লেখক: ডাঃ মনোজ কুমাৰ গোস্বামী
চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate