অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নহৰুৰ গুণ :

নহৰুৰ গুণ :

 

আমি যি আঞ্জায়ে বনাও আদা আৰু নহৰু কম বেছি পৰিমানে আমি সকলোৱে ব্যৱহাৰ কৰো।মাংসৰ আঞ্জাৰ পৰা কল পচলা,কল দিল বনালেও নহৰু আমি মচলা হিচাপে ব্যৱহাৰ কৰোঁ।আনকি ডালিৰ সম্বাৰ দিলেও নহৰু ব্যৱহাৰ কৰা হয়।হালধি,আদাৰ দৰে নহৰু ৰান্ধনিঘৰৰ এক বহু উপযোগী মচলা।আমি খোৱা আঞ্জাত নহৰু ব্যৱহাৰ কৰিলে ইয়াৰ সোৱাদ আৰু গুণ বঢ়ায়।ৰান্ধনিঘৰত নহৰু উপলব্দ্ধ নাথাকিলে আঞ্জাখন যেন সোৱাদ নহব এনে মোৰ ব্যক্তিগত অনুভৱ হয়।নহৰুয়ে সোৱাদ বঢ়োৱাৰ লগতে ইয়াক পাচত হিচাপে ব্যৱহাৰ কৰা হয়।নহৰু পাকস্থলীৰ পৰা আবদ্ধ গেছ বাহিৰ কৰি উলিয়ায়।বহুতে নহৰু গোন্ধযুক্ত হোৱাৰ বাবে ইয়াক কেচাঁকৈ খাব নিবিচাৰে।কিন্তু নহৰু ঔষধি গুণাগুণৰ ওপৰত লক্ষ্য আৰু বতৰ অনুসৰি সকলোৱে খোৱাটো উপযোগী।
নহৰু মাটিৰ তলত উৎপন্ন হোৱা এবিধ পাচলি জাতীয় শস্য।এটা নহৰুৰ ৬ পৰা ১৫ ফোটা থাকে আৰু ই বগা আৰু ইয়াৰ ওপৰত এখন পাতল আৱৰণ থাকে। নহৰু যদিও ৩০০০ পূৰ্বে এছিয়া ত উৎপাদন হৈছিল কিন্তু বৰ্তমান ভাৰত,চীন, কেনিয়া, ব্ৰাজিল,মেক্সিকো ত ইয়াৰ উৎপাদন প্ৰচুৰ পৰিমাণে হয়। ৰাসায়নিক বিশ্লেষণত দেখা যায় যে নহৰুত পানী ৬২%, প্ৰটিন ৬.৩%,ফেট ০.১%,  মিনাৰেল ১.০%, ফাইবাৰ ০.৮% আৰু কাৰবহাইড্ৰেট ২৯.৮%, কেলচিয়াম,ফচফৰুছ,আইৰণ, ৰিবফ্লাভিন আৰু ভিটামিন চি পোৱা যায়।
নহৰুত থকা বীজাণুনাশক দ্ৰৱ্যবিধেই হল এলিন। এলিন থকাৰ অপকাৰী আৰু ৰোগকাৰী বীজাণুবোৰ ধ্বংস কৰে।ছালফাৰ থকাৰ বাবে নহৰুত এক বিশেষ গোন্ধ থাকে।
এলিচিন,এলিষ্টেটিন I আৰু এলিষ্টেটিন II থকাৰ বাবে নহৰুত এন্টিচেপতিক গুণ আৰু উচ্চ ৰক্তচাপ কোমোৱাৰ গুণ পোৱা যায়।

নহৰুৰ ঔষধি গুণ -


১) ১ ফোটা নহৰু লগত ১/২ কাপ কুহুমীয়া পানী আৰু ১/২ চামুচ হালধি গুড়ি নিতৌ দুবাৰকৈ খালে উচ্চ ৰক্তচাপ, হৃদৰোগ, এথেৰস্কেলৰচিচ,উচ্চ ৰক্তত কলেষ্টৰল পৰা উপশম পায়।
২) ২ ফোটা নহৰু বা নহৰুৰ ৰস নিতৌ দুবাৰ মধুমেহ হোৱা ৰোগীয়ে খোৱাটো আৱশ্যক।
৩) ৪-৫ ফোটা নহৰু,১/২ চামুচ কলা জিৰা ভালকৈ কেঁচা তেলত ভাজি ৰঙা হলে মিহিকৈ বটি ১ চামুচ মৌৰ লগত নিতৌ দুবাৰ খালে জ্বৰ, পানী লগা,কাঁহৰ পৰা উপশম পায়।
৪) ১/২ লিটাৰ মিঠাতেল,২ টা নহৰু,১০০ গ্ৰাম কলা জিৰা ভালকৈ পগাব।তাৰ পিছত ঠাণ্ডা হলে চেকনিয়ে চেকি এটা গ্লাছৰ বটলত ভৰাই থৈ দিব।নিতৌ ঠাণ্ডা দিনত দুবাৰকৈ সৰু লৰা ছোৱালীক মালিচ দিলে আৰু তালুত লগাই থলে জ্বৰ, কাঁহ, চৰ্দিৰ পৰা উপশম পায়।
৫) কাণৰ বিষ হলে ২ ফোটা নহৰু,১/২ চামুচ তেল গৰম কৰি ঠাণ্ডা হলে কাণত দিলে কাণৰ বিষৰ পৰা উপশম পায়।কিন্তু মনত ৰাখিব যদি কাণৰ পৰা পানী বা পুজ পানী বাহিৰ হয় তেনেহলে এই পদ্ধতি অৱলম্বন নকৰিব।
৬) ১/২ চামুচ নহৰুৰ ৰস নিতৌ দুবাৰকৈ খালে পাচন ক্ৰিয়াত যথেষ্ট উপশম পায়।পেটত হোৱা গেছ, বতহজম,বমি পৰা উপশম পায়।নহৰু ৰসে ভয়ংকাৰী বেক্টেৰিয়া বিৰুদ্ধে যুঁজ দিব পাৰে।
৭) কেইবাগৰাকী বিজ্ঞানীৰ মতে নহৰু এবিধ ব্ৰডস্পেকট্ৰাম অণুজীৱ বিনষ্ট কৰিব পৰা ক্ষমতা আছে।
৮) ১/২ নহৰু ৰস,১/২ চামুচ তেঁতেলীৰ ৰস নিতৌ দুবাৰকৈ খালে চৰ্বি,ৰক্তত উচ্চ কলেছষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ পৰা উপশম পায়।
৯) দুই বা তিনি ফোটা নহৰুৰ ৰস, ১/২ গিলাছ পানী ৰাতিপুৱা খাব।তাৰ ২০ মিনিটৰ পাছত ৩০ মিলি এলোভেৰা ৰস খালে লিভাৰত হোৱা যি কোনো বেমাৰৰ পৰা উপশম পায়।কিন্তু যদি জণ্ডিচ হয় তেনেহলে নহৰু নাখাব কেৱল এলোভেড়া ৰস খাব।
১০) নহৰু ৰস নিতৌ দুবাৰকৈ খালে কৃমিৰ পৰা উপশম পায়।
১১) টেবলেট গাৰলিক বা কেপচুল গাৰলিক নিতৌ দুবাৰকৈ খালে উচ্চ ৰক্তচাপ,ডিচেনটেৰী,ভোক নলগা,হৃদৰোগ,চৰ্মৰোগ,হালমইনা পৰা উপশম পায়।
১২) নহৰু ৰস নাৰিকল তেলৰ লগত গৰম কৰি চুলিৰ গুৰিত ১৫ মিনিট লগালে চুলি সৰা,চুলি অকালতে পকা,উফিৰ,টকৌয়ে খোৱাৰ পৰা উপশম পায়।
১৩) নহৰু ৰস এন্টিচেপতিক হিচাপে ব্যৱহাৰ কৰিব পাৰে কটা ছিঙাত।নহৰুৰ লেপন কটা চিঙাত ব্যৱহাৰ কৰিলে সোনকালে ঘাঁ ডোখৰ শুকুৱাত সহায় কৰে।
১৩) নহৰু ৰস ১ চামুচ নিতৌ দুবাৰকৈ খালে বাতজনিত বিষৰ পৰা উপশম পায়।
১৪) নহৰুৰ ৰসেৰে কুহুমীয়া পানীত মিলাই কুলকুলি কৰিলে যি কোনো কাৰণত হোৱা ডিঙিৰ বিষত উপশম পায়।
জটিল ৰোগত আক্ৰান্ত ৰোগীয়ে এই বিধি সমূহ চিকিৎসকৰ পৰামৰ্শৰ অনুসৰি অৱলম্বন কৰাটো বাধ্যতামূলক।

লেখিকা :-ডাঃ কৰবী হাজৰিকা চৌধুৰী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 4/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate