অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নহৰুৰ গুণাগুণ

নহৰুৰ গুণাগুণ

নহৰু ৰান্ধনিৰ পাকঘৰৰ এক গুৰুত্বপূৰ্ণ বস্তু। আমি খোৱা আহাৰত নহৰু দিলে খাবলৈ সোৱাদ হয়। নহৰু আয়ুৰ্বেদিক শাস্ত্ৰত এবিধ অতি দৰকাৰী বনজাতীয় উদ্ভিদ। সংস্কৃতত নহৰুক মহৌষধি বুলি জনা যায়। নহৰুৰ ঔষধি গুণ বহুত। কাহ, হুপিংকাহ, স্নায়ুৰ অসুখ, পেটৰ অসুখ, বাত বিষ, হিষ্টোৰিয়া, হাওঁফাওঁৰ অসুখ, সাধাৰণ পক্ষাঘাত আদি বেমাৰৰ বাবে প্ৰস্তুত কৰা ঔষধত নহৰু ব্যৱহাৰ কৰা হয়।

নহৰুত একক প্ৰতিজৈৱিক গুণ আছে। নহৰুৰ বিশেষত্ব হ’ল- নহৰুৰ বগা অংশই পেটৰ ভিতৰৰ ক্ষতিকাৰক বেক্টেৰিয়াবোৰ ধ্বংস কৰিব পাৰে আৰু উপকাৰী বেক্টেৰিয়াবিলাকৰ একো ক্ষতি নকৰে। নহৰু খালে চাৰি সপ্তাহৰ মূৰত ই শৰীৰৰ সম্পূৰ্ণ কলেষ্টৰেলৰ বাৰ শতাংশ হ্ৰাস পায়। নহৰুৱে উচ্চ ৰক্তচাপ কমাব পাৰে। গৰ্ভৱতী মহিলাই নহৰুযুক্ত টেবলেট্‌ ব্যৱহাৰ কৰিলে বহুতো উপকাৰ লাভ কৰে। নহৰুৱে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। নহৰু হ’ল সুস্বাদু, শক্তিবৰ্ধক, হজমকাৰক, শুক্ৰ বৃদ্ধিকাৰক, অম্লপিত্ত নাশক, ৰোগৰ প্ৰতিষেধক।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

3.09090909091
দুলাল ডেকা Aug 02, 2018 11:34 PM

নহৰুৰ উপকাৰিতাৰ বিষয়ে পঢ় ভাল লাগিল ৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top