নেমুটেঙাক কাজী টেঙা বুলিও কয়। ইয়াৰ শাস্ত্ৰীয় নাম- নিম্বুক, বহ্নিদপ্যি, বহ্নিবাজ, দস্তঘাত ইত্যাদি। নেমু গছৰ ফল পাত, শিপা আৰু ছাল দৰবত ব্যৱহাৰ হয়। পাত, শিপা আৰু ছালৰ ৰস একৰ পৰা দুই তোলা হিচাবত দৰকাৰ।
নেমুটেঙা অম্লৰসযুক্ত। ই উষ্ণবীৰ্য্য আৰু বায়ুনাশক তদুপৰি ই ৰুচিকাৰক আৰু ক্ৰিমিনাশক। চকুৰ বাবে আৰু পেটৰ অসুখত নেমুটেঙাৰ ৰস উপকাৰ। নেমুৰ ৰস কফ, বাত, গুল্ম আৰু শূলৰোগত পৰম উপকাৰী। নেমুটেঙাৰ পাতৰ ৰস এচামুচকৈ ক্ৰিমি থকা ল’ৰা-ছোৱালীক নিতৌ খুৱালে ক্ৰিমিনাশ হয়। বমি ভাৱত নেমুটেঙাৰ পাত নাকেৰে সেৱন কৰিলে বমি ভাব আতৰি যায়। ই অৰুচি ৰোগৰ মহৌষধ। জ্বৰৰ পিছত খোৱাৰ ৰুচি আনিবলৈ নেমুৰ ৰসেৰে ভাত খাব লাগে। অতিভোজন আৰু অখাদ্য ভোজনৰ ফলত হোৱা পেটৰ অজীৰ্ণ নাশৰ বাবে নেমু ৰস ব্যৱহাৰ হয়। মদৰ নিচা আতৰাবৰ বাবেও নেমুৰ ৰস ব্যৱহাৰ কৰিব পাৰি। শৌচ কঠিন, ওগাৰ বা শৰীৰত জ্বলা-পোৰা আদি ৰোগত নেমুৰ চৰবত সুফলদায়ক। নিতৌ ছয় ভাগ পানীত এভাগ নেমূ টেঙাৰ ৰস মিহলাই খালে পেটৰ যিকোনো অভিযোগৰ চাম কাটে। টেঙা আৰু মিঠা উভয় নেমুৰে গুণাগুণ সমান। উভয়ে বায়ুপিত্ত, বিষদোষ, ক্ষয়, অৰুচি, তৃষ্ণা আৰু বমিনাশক। তদুপৰি বল-বীৰ্য্য আৰু পুষ্টিসাধনত নেমুৰ উপকাৰিতা অপৰিসীম।
লিখক: ধৰ্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 4/28/2020