অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নৰসিংহ পাতৰ গুণ :

নৰসিংহ পাতৰ গুণৰ বিষয়ে লিখা হৈছে ।

নৰসিংহ এবিধ সৰু বৃক্ষ। ইংৰাজীত ইয়াক ‘কাৰি লিফ প্লান্ট’(Curry leaf Plant) বোলা হয়। ইয়াৰ পাত খাজ কটা। কোনো কোনো অঞ্চলত ইয়াক মিঠা নিম বুলিও কোৱা হয়।

নৰসিংহ চাটনি বনাই, ফোৰণ দি খোৱা হয়। দক্ষিণ ভাৰতত ইয়াৰ যথেষ্ট ব্যৱহাৰ হয়। নৰসিংহ পাতৰ বহুতো ঔষধি গুণ আছে।

নৰসিংহ পাতৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

*নৰসিংহ পাতত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ই থাকে কাৰণে শিশুৰ কাৰণে এই পাত উপকাৰী।

*নৰসিংহ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰে।

*গৰ্ভৱতী আৰু প্ৰসূতি নাৰীয়ে নৰসিংহ পাত খালে উপকাৰ পাব।

*নৰসিংহ পাতত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থাকে কাৰণে নৰসিংহৰ পাত খালে শৰীৰত ৰক্ত বৃদ্ধি হয়।

*জুয়ে পুৰিলে নৰসিংহ পাত থেতেলিয়াই পোৰা অংশত লগালে আৰাম পোৱা যায়।

*নৰসিংহ পাতৰ ৰসৰ লগত নিমখ মিহলাই কুলকুলি কৰিলে পায়োৰিয়া ৰোগ নিৰাময় হয়।

*বিষাক্ত কীট-পতংগই কামুৰিলে নৰসিংহ পাতৰ ৰসৰ লগত সম পৰিমাণৰ নেমুৰ ৰস মিহলি কৰি লগালে আৰাম পোৱা যায়।

*নৰসিংহ পাত বহুমূত্ৰ ৰোগী আৰু বৃক্ক ৰোগৰ বাবে উপকাৰী।

*কেঁচুমূৰীয়া ৰোগীৰ বাবে নৰসিংহ পাতৰ চাটনি খোৱা ভাল।

*নৰসিংহ পাতৰ চাটনি বনাই তাৰ লগত এচামুচ তেঁতেলীৰ ৰস মিহলাই খালে বদহজম নাইবা অভোক নোহোৱা হয়।

*নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে কাৰণে ই হাড়, দাঁতৰ গঠনত সহায় কৰে।

লেখক: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.15
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top