অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নৰসিংহৰ ঔষধি গুণ :

নৰসিংহৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

নৰসিংহ হৈছে এবিধ খাদ্য উপযোগী তথা ঔষধি উদ্ভিদ । এইবিধ উদ্ভিদৰ পাত প্ৰধানকৈ তৰকাৰীৰ ৰুপত খোৱাৰ বাবেই ইয়াক ইংৰাজীত Curry leaf  নামেৰে জনা যায় । ইয়াৰ বৈজ্ঞানিক নাম হৈছে Murraya Koenji । গছ জোপোহা ২-৩ মিটাৰ ওখ হয় । পাত চিৰহৰিৎ যৌগিক আৰু উগ্ৰ গন্ধযুক্ত । ইয়াৰ গন্ধাৰ কাৰণে ই তৃণভোজী প্ৰাণীৰ অপচন্দৰ ।

এইবিধ উদ্ভিদ অসমৰ লোকৰ অতি পৰিচিত । অৱশ্যে অসম বুলিয়েই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল, দাক্ষিণাত্য, শ্ৰীলংকাকে আদি কৰি কিছু দেশতো ই বাৰুকৈয়ে পৰিচিত । সেয়ে হ’লেও আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগত অন্য ঠাইৰ নৰসিংহৰ প্ৰজাতিগত পাৰ্থক্য দেখা যায় । দাক্ষিণাত্যৰ ফালে ইয়াৰ পাতক কাৰীপতা নামেৰে জনাজাত আৰু বেছিভাগ খাদ্যতে ইয়াৰ পাত সংযোজিত কৰা দেখিবলৈ পোৱা যায় । বিশেষকৈ তেওঁলোকৰ বৈশিষ্ট্যপূৰ্ণ খাদ্য যেনে-চম্বৰ, ইডলি, ডোছাত নৰসিংহক পৰিপূৰক ৰুপত ব্যৱহাৰ কৰে । অসমত ইয়াৰ পাত পিহি ৰস উলিয়াই মাগুৰ, কাৱৈ, শ’ল, গৰৈ আদিৰ লগত তৰকাৰী কৰি খালে তৃপ্তি পোৱা যায় ।

নৰসিংহ এবিধ পুষ্টিকাৰক উদ্ভিদ -

নৰসিংহ এবিধ পুষ্টিকাৰক উদ্ভিদ হোৱাৰ লগতে প্ৰকৃতাৰ্থত এজোপা ঔষধি গুণসম্পন্ন উল্লেখনীয় উদ্ভিদো । জানিব পৰা মতে, ইয়াৰ পাত শূন্য চৰ্বি পদাৰ্থযুক্ত আৰু প্ৰচুৰ পৰিমাণে ভিটামিন তথা খনিজ লোণসমৃদ্ধ এবিধ গুৰুত্বপূৰ্ণ খাদ্য । খনিজ লোণৰ ভিতৰত কেলচিয়াম, ফচফৰাছ, আইৰন, মেগনেছিয়ামম আদি পোৱাৰ উপৰি ভিটামিন ‘এ’, ‘বি’ আৰু ‘ই’ যথেষ্ট পোৱা যায় । ইবিলাকৰ উপৰি ইয়াৰ পাতত এমাইন’ এচিড, গ্লাইক’চাইড আৰু ফ্লেভিনইড উপাদানো পোৱা যায় । সেইদৰে পোৱা যায় কাৰ্বজল, এলকেইলড, যৌগ- যাক- কীট-পতংগনাশক, অণুজীৱনাশক ৰুপে ব্যৱহাৰ কৰিব পৰা যায় । আমাৰ দেশৰ ‘জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এডভান্সড চায়েণ্টিফিক ৰিছাৰ্চ’ত চলোৱা গৱেষণাৰত ইয়াৰ পাত এণ্টি-অক্সিডেণ্ট গুণসম্পন্ন বুলি প্ৰকাশ কৰা হৈছে । সেইদৰে জাপানস্থিত মেজিঅ’ বিশ্ববিদ্যালয়ৰ অধীনত মেডিকেল ৰসায়ন বিভাগত চলোৱা শেহতীয়া গৱেষণাৰ দ্বাৰা ইয়াৰ পাতত থকা ফেনল আৰু কাৰ্বজল এলকেল’ইড যৌগ কৰ্কট-প্ৰতিৰোধী ক্ষমতাসম্পন্ন হোৱাত পাতৰ ৰসৰ দ্বাৰা লিউকমিয়া, যকৃৎ, কেনছাৰ, প্ৰষ্টেট কেনছাৰ আৰু কলেষ্টেৰল কেনছাৰ ৰোগৰ চিকিৎসা কৰাটো সম্ভৱ হ’ব বুলি প্ৰকাশ কৰিছে ।

উপকাৰ -

১) ইয়াৰ পাতৰ আঞ্জা কেইদিনমান খালে গ্ৰহণী ৰোগ উপশম হয় ।

২) ইয়াৰ পাতৰ ৰসে অৰুচি আৰু বমি ভাব আঁতৰায় ।

৩) ইয়াৰ পাতৰ ৰসে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰে ।

৪) পেটৰ বিষ হ’লে চাৰি কাপ পানীত ইয়াৰ শিপা ৫-৬ গ্ৰাম লৈ সিজাই তাৰ পানী খালে পেটৰ বিষ ভাল হয় ।

৫) গাত খজুৱতি হ’লে নৰসিংহৰ পাতৰ ৰস গাত সানিলে ভাল হয় ।

৬) পেট কামুৰিলে ইয়াৰ পাতৰ ৰস আদাৰ ৰসৰ লগত খালে ভাল হয় ।

৭) দাঁতৰ আলু ফুলিলে বা আলুৰ পৰা তেজ ওলালে নৰসিংহৰ পাতৰ আঞ্জা খালে ভাল হয় ।

৮) মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ’লে নৰসিংহৰ পাতৰ জোল খালে সকাহ পোৱা যায় ।

৯) কীট-পতংগ বা বিষাক্ত প্ৰাণীয়ে কামুৰিলে আঘাতৰ স্থানত নৰসিংহৰ পাতৰ ৰসৰ লগত সমপৰিমাণৰ নেমুৰস মিহলাই সঘনাই লগালে ভাল হয় ।

১০) মেদবহুলতাত ভোগা লোকে নিয়মিতভাৱে নৰসিংহৰ জোল খালে সুফল পোৱা যায় ।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে নৰসিংহ এবিধ গুৰুত্বপূৰ্ণ উদ্ভিদ । গতিকে ইয়াৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি আমি নিয়মিতভাৱে ইয়াক খাদ্য তালিকাত ৰখা উচিত ।

লেখক :- অনিল চন্দ্ৰ শৰ্মা

উৎস :- দৈনিক জনমভূমি

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top