অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাতেগজাৰ ঔষধি গুণ

পাতেগজাৰ ঔষধি গুণ

আন আন গছৰ দৰে পাতেগজাও এবিধ প্ৰসিদ্ধ গছ। ই গুল্ম জাতীয় সৰু গছ। যিকোনো ঠাইতেই গজে। ইয়াৰ পাতেৰে গজালি ওলাই বাবে ইয়াক পাতেগজা বোলে। পাতেগজাক পাত পালেং বা দুপৰীয়া টেঙাও বোলে। ই দুই প্ৰকাৰৰ। এবিধৰ পাত ডাঙৰ আৰু বেছি ওখ নহয়। ঠাৰিৰ দুয়োকাষে পাত ওলায়। পাতবোৰ ডাঠ আৰু অধিক ৰসযুক্ত। পাতেগজাৰ পাতবোৰ বট গছৰ পাতৰ নিচিনা। কোনো কোনো ঠাইত হিম সাগৰো বোলে।

পৰিমাণ

কেঁচা পাতৰ ৰস এক তোলা বা দুই তোলা। ইয়াৰ পাত ৰ’দত শুকাই গুড়ি কৰিও ব্যৱহাৰ কৰিব পাৰি। শুকান পাতৰ গুড়ি দুই অনাৰ পৰা চাৰি অনা। মূল বা ছালৰ ৰস বা তাৰ গুড়িৰো একেই পৰিমাণ।

গুণাগুণ আৰু কাৰিকৰী জ্ঞান

পাতেগজা এনে এবিধ গছ যাৰ গাত সৰ্বাধিক ঔষধি গুণ আছে। ই শীতল শ্লেষ্মানাশক, মলভেদক, বস্তিশোধক, বায়ুনাশক, প্ৰমেহ, মূত্ৰকৃচ্ছা, অশ্মৰী, যোনিৰোগ, শূল, প্লীহা, যকৃত, ব্ৰণ, তৃষ্ণা, দাহ, অৰ্শৰোগ, অপস্মাৰ আৰু আক্ষেপাদি ৰোগত হিতকাৰক। ইয়াৰ উপৰিও পাতেগজাৰ প্ৰধান গুণ বস্তিনাশক। অৰ্থাৎ প্ৰস্ৰাৱৰ স্থলী আৰু প্ৰস্ৰাৱ সংশোধন কাৰক আৰু অশ্মৰী বা পাথৰী ৰোগনাশক। ইয়াৰ এনে শক্তি আছে যে উক্ত ৰোগত হোৱা পাথৰ গুড়ি কৰি বাহিৰ কৰি দিব পাৰে। পাথৰ ৰোগ শৰীৰৰ কেবাঠাইতো হ’ব পাৰে যেনে-যকৃতৰ ভিতৰত থকা পিত্তবোৰৰ ভিতৰত, বৃক্কদ্বয়ত অৰ্থাৎ প্ৰস্ৰাৱ তৈয়াৰ হোৱা যন্ত্ৰ দুটাৰ ভিতৰত। যিকোনো ঠাইৰ পাথৰী ৰোগত পাতেগজা ব্যৱহাৰ কৰিব পাৰি কাৰণে ইয়াৰ আন এটা নাম পাষাণভেদী।

পাথৰী বেমাৰত পাতেগজাৰ পাতৰ ৰস এক তোলা পৰিমাণে দিনে দুবাৰকৈ নিয়মিত ব্যৱহাৰ কৰিলে কিছুদিনৰ পিছত শিলবোৰ গুড়ি হৈ প্ৰস্ৰাৱৰ লগত ওলাই গৈ ৰোগ আৰোগ্য কৰে।

মূত্ৰকৃচ্ছ অৰ্থাৎ কঠিন প্ৰস্ৰাৱৰ বেমাৰ অতি কষ্টদায়ক। এই ৰোগত প্ৰস্ৰাৱৰ মাত্ৰা কমি যায় আৰু অতি কষ্টেৰে প্ৰস্ৰাৱ ওলায়। প্ৰস্ৰাৱৰ নলীত জ্বালা, পোৰা দাহ আদি উপসৰ্গ হয়। এনে অৱস্থাত আগতে কোৱাৰ দৰে পাতেগজাৰ ৰস সদায় ব্যৱহাৰ কৰিলে ২/৩ দিনত ৰোগ আৰোগ্য হয়। প্ৰস্ৰাৱ বন্ধ হ’লে বা বান্ধি বান্ধি প্ৰস্ৰাৱ হ’লেও পাতেগজাৰ ৰস খাই আৰোগ্য লাভ কৰিব পাৰি। পাতেগজাৰ পাত থেতেলিয়াই ভালকৈ বটি তলপেটত ভৰণ দিলে মূত্ৰদোষ ভাল হয় আৰু দুই তিনি ঘন্টাৰ মূৰত প্ৰস্ৰাৱ হয়।

পাতেগজা বায়ুনাশক, উন্মাদ, অপস্মাৰ, আক্ষেপাদি বায়ুৰ বিকাৰত, টোপনি নহা, চকু ৰঙা পৰা, শৰীৰত দাহ আদি লক্ষণ হ’লে পাতেগজাৰ পাত বটি তালুত ভৰণ দিলে অতি সুফল হয়। এনে অৱস্থাত পাতৰ ৰস ব্যৱহাৰ কৰিব লাগে।

পেট উখহি শৌচ-প্ৰস্ৰাৱ বন্ধ হৈ যন্ত্ৰণা হ’লে পাতেগজাৰ পাতৰ ৰস ভৰণ ল’লে আৰু ৰস ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। কোনো ঠাইত উখহি বেদনা হ’লে বা ফোঁহা হৈ বেদনা হ’লে পাতেগজাৰ পাত বটি ভৰণ ল’লে সুফল পোৱা যায়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate