অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পালেং শাক

পালেং শাক শীত কালত হোৱা এবিধ ঔষধি শাক। পাত কোমল, ডাঠ আৰু বহল হয়। সেউজীয়া পাত ৰসাল হয়। পালেং শাক সিজাই জোল কৰি, দাইল মাছৰ আঞ্জা বা কেঁচাই চাটনি কৰি খাব পাৰি।

ৰাসায়নিক গুণাগুণ

পালেং শাকত প্ৰ’টিন, কেলচিয়াম, আইৰণ, ভিটামিন এ, বি আৰু চি থাকে। পাতত ক্লৰ’ফিল আৰু লিপিড থাকে। এই লিপিডে বেক্টৰিয়া নাশ কৰে। পালেং শাকত কম পৰিমাণৰ কাৰ্ব’হাইড্ৰেট থাকে।

ঔষধি গুণাগুণ

শ্বাস-প্ৰশ্বাসজনিত ৰোগ কাহ-কফ হৈ থাকিলে পালেং শাকৰ জোল গৰম কৰি খালে উপকৃত হয়। এই জোলত অকণমান ক’লা নিমখ আৰু জালুকৰ গুড়ি দিব লাগে। এজমা ৰোগীয়ে এনেদৰে খালে সুফল পায়। পালেং শাক খালে ৰক্তস্ৰাৱ ৰোগীয়ে সুফল পায়। সেইদৰে জণ্ডিচৰ লগতে প্ৰস্ৰাৱৰ ভিন্ন ৰোগীয়েও এনেদৰে খালে সুফল পায়। দেহৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ পালেং শাক খালে সুফল পোৱা যায়।

শৌচ খোলোচা নহ’লে, শৌচ কমকৈ ঘনাই ঘনাই হ’লে পালেং শাকৰ জোল খাব লাগে। পালেং শাক খালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, বিশেষকৈ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত পালেং শাক খোৱাটো বৰ প্ৰয়োজনীয়।

নিম্ন ৰক্তচাপৰ ৰোগীয়ে পালেং শাক খালে সুফল লাভ কৰে। শিশুৰ পঁয়ালগা ৰোগত পালেং শাক খালে সুফল পায়। পালেং শাকত যিহেতু যথেষ্ট পৰিমাণৰ কেলচিয়াম থাকে, সেয়েহে হাড় আৰু দাঁতৰ গঠন সৱল হয় আৰু দেহৰ বিষ নাশ হয়। তেজৰ হিম’গ্লবিন বৃদ্ধি কৰিবলৈ পালেং শাক খাব লাগে।

সৌন্দৰ্য বৰ্ধনতো পালেং শাকৰ গুৰুত্ব অপৰিসীম। পালেং শাক খালে ছাল নিমজ হয়, কমনীয় গুণ বৃদ্ধি হয় আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা উপশম পায়।

সতৰ্কতা

পাথৰ থকা ৰোগীয়ে পালেং শাক পৰাপক্ষত নোখোৱাই ভাল।

লিখক: ভবেন হাজৰিকা

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate