পিপলী(Piper longum linn.) এবিধ পাণ জাতীয় শস্য । তামিল ভাষাত পিপলীক 'আদি মাৰুন্দু' অর্থ্যৎ ত প্রথম ঔষধ বুলি জনা যায় । পিপলীৰ ঔষধীয় গুণাগুণৰ উপৰিও মচলা হিচাপেও গুৰুত্ব অপৰিসীম । তাৰোপৰি,উদ্যোগিক উত্পাদক হিচাপেও পিপলীক ব্যৱহাৰ কৰা হয় । উদাহৰণ স্বৰুপে 'ৰাইচ বিয়েৰ' প্রস্তুত কৰণত পিপলীৰ উপযোগিতা উল্লেখযোগ্য । মানুহৰ বিভিন্ন ৰোগজনিত সমস্যা যেনে-কাহ-চর্দি,শ্বাস-প্রশ্বাসজনিত সমস্যা,কাণ,নাক,ডিঙিৰ সমস্যা,বদ-হজম,পেটত গেছ জমা হোৱা আদি সমস্যা নিৰাময়ৰ বাবে প্রয়োজন হোৱা ঔষধ প্রস্তুতকৰণত পিপলীৰ ফল ব্যৱহাৰ কৰা হয় । পিপলীৰ ফলৰ লগতে পাতৰো এন্টিবায়টিক গুণাগুণ আছে।ভাৰতবর্ষৰ ভিতৰত তামিলনাডু,পশ্চিমবংগ,অসম,বিহাৰ,চত্তিশগড় ,অন্ধ্রপ্রদেশকর্ণাটক,কোংকন আদিত পিপলী দেখা পোৱা যায় । এইবিধ শস্য মূলতঃ পিপলী,বনপিপলী,সিংহলী পিপলী আৰু গাজ পিপলী হিচাপে সিচৰিত হৈ আছে । পিপলীৰ আয়ুস ৩ৰ পৰা ৫ বছৰ পর্যন্ত হয় ।
ভাৰতবর্ষৰ বিভিন্ন কৃষি জলবায়ু মণ্ডলত বিভিন্ন ধৰণৰ জাত পোৱা যায়। অসমত পোৱা জাত দুবিধ হৈছে আচলি(Asli)আৰু সুবালি(Suvali)।
পিপলীৰ বাবে পানী সহজে ওলাই যাব পৰা পলসুৱা উর্বৰাযুক্ত মাটি নির্বাচন কৰিব লাগে। এইবিধ শস্য আলতীয়া আৰু বালিচহীয়া উভয়তে কৰিব পৰা যায় ।
পিপলীৰ বাঢ়ন ক্ষমতা ঠিকে ৰাখিবৰ বাবে গৰম ও সেমেকা জলবায়ুৰ প্রয়োজন হয় । এইবিধ শস্য বেছিকৈ বৰষুণ হোৱা তথা বেছি আপেক্ষিক আর্দ্রতা থকা ঠাইতো সফল ভাৱে কৰিব পৰা যায় ।
প্রর্বদ্ধন
পিপলীৰ প্রর্ৱদ্ধন চাকার্চ(Suckers),কলম আৰু শিপাযুক্ত ডালৰ দ্বাৰা কৰা হয় । ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কলমৰ দ্বাৰা প্রর্বদ্ধন কৰা পিপলী বেছি লাভজনক হয় ।
মাটিডৰা ৩-৪ বাৰ হাল বাই সমান কৰি ল'ব লাগে । মাটি প্রস্তুতিৰ সময়তে যথেষ্ট পৰিমাণে গোবৰ বা পচনসাৰ প্রয়োগ কৰিব লাগে । তাৰ পাছতে ৬০ ছে.মি.ব্যৱধানত লোৰ খান্দি ওখ ভেটি বনাই দিব লাগে । এই ভেটিতে ৬০ ছে.মি.অন্তৰে অন্তৰে গাত খান্দি প্রতিটো গাততে ১০০ গ্রামকৈ পচনসাৰ প্রয়োগ কৰিব পাৰিলে সুফল পোৱা যায় ।
মৌচুমী বতৰৰ আৰম্ভনিতে শিপাযুক্ত আগ বা চাকার্চ মূল পথাৰত ৰোপন কৰাৰ ব্যৱস্থা কৰিব লাগে। পিপলী ৰোপনৰ উপযুক্ত সময় হৈছে মে'-জুন মাহ । এটা গাতত দুডাল দুটাকৈ শিপাযুক্ত আগ বা চাকার্চ ৰুব পৰা যায় । ৰোপনৰ এমাহ পিছতে মৰি যোৱা আগ উভালি নতুন আগ ৰুব লাগে । এক হেক্টৰ মাটি ৰোপন কৰিবৰ বাবে ৫০,০০০ পুলিৰ প্রয়োজন হয়। পিপলীৰ খেতি তামোল,নাৰিকল বা অন্যান্য উদ্যান শস্যৰ লগত শস্যকৰণ হিচাপে কৰিব পাৰি ।
পিপলীৰ পৰিপুষ্টি সাধনৰ বাবে যথেষ্ট পৰিমাণে জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্রয়োজন হয়। প্রতি বছৰে ২০ টনকৈ পচনসাৰ,১১০ কি.গ্রা.ইউৰীয়া ,১২৫ কি.গ্রা.একক চুপাৰ ফছফেট আৰু ১১৬ কি.গ্রা.মিউৰেট অৱ পটাছ প্রতি হেক্টৰত প্রয়োগ কৰিব লাগে। পিপলী ৰোপন কৰাৰ সময়তে ইউৰীয়া সাৰৰ আধা অংশ তথা একক চুপাৰ ফছফেট আৰু মিউৰেট অৱ পটাছৰ সমুদায় অংশ মাটিত প্রয়োগ কৰি ৰৈ যোৱা ইউৰীয়াখিনি পিছলৈ টপড্রেছ কৰিব লাগে । যিহেতু পিপলীৰ পৰা ৩-৪ বছৰলৈ অর্থনৈতিক উৎপাদন পোৱা যায় সেই হেতুকে প্রতিবছৰে সাৰ প্রয়োগ কৰাতো প্রয়োজনীয় কথা।
পিপলীৰ খেতিত ব্যৱসায়িক দিশৰ প্রতি লক্ষ্য ৰাখি পানী যোগানৰ ব্যৱস্থা কৰিব পাৰিলে ভাল। সেই হিচাপত,প্রতি সপ্তাহৰ মূৰে মূৰে এবাৰকৈ পাতল জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। এনে ব্যৱস্থা কৰাৰ ফলত পিপলীৰ উত্পাদন দুগুণ বাঢ়ি যায়। অন্যথা,ড্রিপ জলসিঞ্চন বা স্প্রিংকলাৰ জলসিঞ্চনৰো ব্যৱস্থা কৰিব পাৰি।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 5/14/2020