অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পূৰৈশাক :

পূৰৈশাক :

 


পূৰৈ বা পূৰৈশাক৷ ইংৰাজী Malabar spinach/vine spinsch হিন্দী-পই চাগ, বাঙলা-পুঁই শাক৷ বৈজ্ঞানিক নাম-Basella alba.

পূৰৈ সচৰাচৰ দুই ধৰণৰ পোৱা যায়৷ Basella alba বা সেউজীয়া পূৰৈ৷ ইয়াৰ লতা বা গা-গছ সেউজীয়া আৰু পাতো সেউজীয়া৷ Basella rurba বা ৰঙা পূৰৈ৷ ইয়াৰ লতা বা গা-গছ বেঙুনীয়া আৰু পাত ডাঠ সেউজীয়া৷ পূৰৈ সাধাৰণতে শাক হিচাবে বা ইয়াৰ ঠাৰি আঞ্জা বনাই খোৱা হয়৷

পূৰৈৰ বিষয়ে সংস্কৃত শ্লোকত কৈছে-

“পীতকী শীতলা স্নিগ্ধা শ্লেশ্মলা বাতপিত্ত্নুত৷ অক্ৰষ্যা পিচ্ছলা নিদ্ৰ শুক্ৰদাৰক্তপিত্ত্নুত বলদা ৰুচিকৃতঃ পথ্যা তৃপিতকাৰিগী৷”

অৰ্থাৎ পূৰৈ শাকে শীতজনিত কাঁহ দূৰ কৰে৷ ডিঙি পৰিস্কাৰ কৰে আৰু শীতলতা প্ৰদান কৰে৷ ফোঁহা, অৰ্বুদ ৰোগত পূৰৈ পাতৰ লগত সামান্য নিমখ মিহলাই লেপ দিলে আৰোগ্য হয়৷ নিদ্ৰা হীনতাৰ বাবে যি সকলে শ্লিপিং টেবলেট লব লাগে তেনে ৰোগীয়ে এগিলাচ গাখীৰত ২ চামুচ পূৰৈ পাতৰ ৰস মিহলাই খাই টোপনী গলে ভাল টোপনী হয়৷

ইয়াত থকা ফাইট'নিউট্ৰিয়েন্সে ৰোগ প্ৰতিৰোধ কৰে৷ পূৰৈত কম কেলৰী আৰু ফেট্চ (১০০ গ্ৰাম পাতত মাত্ৰ ১৯ কেলৰী) থকাৰ বিপৰীতে উচ্চ হাৰত ভিটামিন, খনিজ আৰু এন্টিঅক্সিডেন্ট থাকে৷ ৰঙা পূৰৈৰ সতেজ পাতত বহুবিধ সক্ৰিয় কেৰটিনইড, বিটাকেৰটিন, লুটেইন, জিক্সানথিন আদি থাকে৷

এই উপাদান বোৰে বাৰ্দ্ধক্য (aging) প্ৰতিৰোধ আৰু বিভিন্ন ৰোগ সৃষ্টিৰ প্ৰক্ৰিয়াক বাধা দিয়ে৷ পূৰৈ পাত শ্বেতসাৰ বিহীন polysaccharide, mucilage আদিৰ উৎস৷ লতা আৰু পাতত থকা প্ৰাকৃতিক ফাইবাৰ (roughage) এ পাচন প্ৰক্ৰিয়া বা হজমত সহায় কৰে৷ ফাইবাৰে শৰীৰৰ কলেস্টৰেল শোষণ সীমিত কৰি পেটৰ সমস্যাৰ পৰা ৰক্ষা কৰে৷

পাত আৰু গা গছত পৰ্যাপ্ত ভিটামিন A পোৱা যায়৷ ১০০ গ্ৰাম সতেজ পাতত ৪০০০ IU বা দৈনিক শৰীৰৰ বাবে অনুমোদিত ভিটামিন Aৰ ২৬৭%৷ ভিটামিন A মিউকাচ মেম্ব্ৰেণ, চৰ্ম আৰু দৃষ্টি স্বাস্থ্যৰ বাবে অতন্ত্য প্ৰয়োজনীয় উপাদান৷ ভিটামিন A আৰু ফেভোনইড সমৃদ্ধ ফল আৰু শাক পাচলি খালে হাওঁফাওঁ আৰু মুখৰ কেনচাৰ প্ৰতিৰোধ কৰে৷

পূৰৈ শাকত পালেংতকৈ অধিক ভিটামিন C থাকে৷ ১০০গ্ৰাম সতেজ পাতত ১০২ mg ভিটামিন C পোৱা যায়৷ অৰ্থাৎ দৈনিক শৰীৰৰ বাবে অনুমোদিত ভিটামিন C ৰ ১০২%৷ ভিটামিন C এক শক্তিশালী এন্টিঅক্সিডেন্ট, যিয়ে মানৱ শৰীৰক সংক্ৰমন আৰু হানিকাৰক অক্সিজেন ফ্ৰি-ৰেডিকেল্সৰ পৰা হব পৰা ক্ষতিৰ বিপৰীতে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
পালেংৰ দৰে পূৰৈও আইৰণৰ চমৎকাৰী উৎস৷

১০০ গ্ৰাম সতেজ পাতত ১.২০ mg অথবা শৰীৰৰ দৈনিক প্ৰয়োজনৰ ১৫% আইৰণ পোৱা যায়৷ আইৰণ শৰীৰত RBC বা লোহিত ৰক্ত কনিকা উৎপাদনৰ বাবে দৰকাৰি উপাদান৷ আনপ্ৰকাৰে কলে চেলুলাৰ মেটাবলিজিম প্ৰক্ৰিয়াত এই উপাদানে অক্সিডেচন- ৰিডাক্সন এনজাইম, চাইট'ক্ৰম অক্সিডেজৰ সহ-উৎপাদক ৰূপে কাম কৰে৷

ইয়াত পৰ্যাপ্ত ভিটামিন B complex সমূহ থাকে৷ যেনে- ফোলেট, B-6(পাইৰ'ডক্সিন) আৰু ৰিৱ'ফ্লভিন৷ ১০০ গ্ৰাম সতেজ পাতত ১৪০ ug বা ৩৫% ফোলেট৷ এই ভিটামিন DNA উৎপাদন আৰু আৰু শাৰীৰিক বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় উপাদান৷

গৰ্ভাৱস্থাৰ প্ৰাথমিক পৰ্যায়ত শৰীৰত ফোলেট কম হলে নৱজাতকৰ neural tube ত্ৰুটিযুক্ত হব পাৰে৷ গৰ্ভৱতী বা গৰ্ভৱতী হবলৈ ওলোৱা মহিলাই সতেজ সেউজীয়া পাচলি পৰ্যাপ্ত মাত্ৰাত সেবন কৰিলে neural tube বিকৃতিযুক্ত সন্তান জন্ম দিয়াৰ পৰা ৰক্ষা পৰে৷

পূৰৈ পাতত যথেষ্ট খনিজ যেনে-পটাচিয়াম, (১১%  RDA/১০০gm),মেঙ্গানীজ(৩২%RDA/১০০gm), কেলচিয়াম,মেগনেচিয়াম, কপাৰ থাকে৷

ৰক্তচাপ আৰু হাৰ্টবিটৰ সন্তোলিত পৰিচালনা কৰিবলৈ কোষ আৰু বডি ফ্লুইডৰবাবে পটাচিয়াম অতি প্ৰয়োজনীয় উপাদান৷

মানৱ শৰীৰে মেঙ্গানীজ আৰু কপাৰক এন্টিঅক্সিডেন্টৰ সহায়ক ৰূপে (superoxide dismutase) ব্যৱহাৰ কৰে৷

নিয়মীত পূৰৈশাক সেৱন কৰিলে অস্টেঅপৰচিচ (দূৰ্বল হাঁড়), এনিমীয়া বা ৰক্তহীনতা, কাৰ্ডিঅভাস্কুলাৰ বা হৃদৰোগ, আন্ত্ৰিক কেনচাৰ আদিৰ পৰা ৰক্ষা পাব পাৰি৷

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate