অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰকৃতিৰ কোলাৰ ঔষধি উদ্ভিদ কানেৰি

প্ৰকৃতিৰ কোলাৰ ঔষধি উদ্ভিদ কানেৰি

আকাৰ-আকৃতিত গো-নহৰু গছৰ লেখীয়া কানেৰি গছবিধো এজোপা সমগোত্ৰীয় ভেষজ গুণসম্পন্ন গছ। কিন্তু পাত আৰু অপ্ৰকৃত কাণ্ডৰে সৈতে আলোচ্য গছজোপা গো-নহৰুতকৈ কিছু ডাঙৰ আৰু মঙহাল। বহুতো পাত একত্ৰে থোপা বান্ধি থকাৰ দৰে সৰ্পিলাকাৰে সজোৱা থাকে। পাতবিলাক যথেষ্ট ডাঙৰ-দীঘল, বহল আৰু উজ্জ্বল সেউজীয়া বৰণৰ। ফুল সাধাৰণতে বগা বা ঈষৎ বেঙুনীয়া ৰেখাযুক্ত ৰঙীনো হয়। চিৰসেউজ পাতেৰে জক্‌মকীয়া এই জোপোহা গছজোপা দেখিবলৈ ধুনীয়া আৰু সদাসজীৱ। অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষজুৰি ই বিস্তাৰিত হৈ আছে। সাধাৰণতে মানুহৰ বাৰী-বস্তিত ৰোপণ কৰাৰ লগতে জীপাল মাটিত বনৰীয়াৰূপেও গজে। নামনি অসমত ইয়াক সাধাৰণতে কানেৰি বুলিয়ে জনা যায় যদিও অঞ্চলভেদে কান্নি বা কাৰ্নি নামো কোৱা শুনা যায়। উদ্ভিদ বিজ্ঞানত ইয়াৰ নাম হ’ল Crinum Latifolium  আৰু ই একবীজপত্ৰী উদ্ভিদ শ্ৰেণীৰ Amaryllidaceae গোত্ৰৰ অন্তৰ্গত। পাত, ঠাৰি আৰু মৃদ্‌গত কন্দ অংশৰ লগতে শিপাও বিভিন্ন ৰোগত ভিন ভিন ধৰণে প্ৰয়োগ হোৱা পৰিলক্ষিত হয়।

Indian Journal of Pharmacysts, Current Science প্ৰভৃতি অনেক দেশীয় গৱেষণা-পত্ৰত ইয়াৰ জৈৱ ৰাসায়নিক দ্ৰব্য সম্বন্ধে ৰংগস্বামী আৰু ৰাওকে লৈ বহুতো গৱেষকে তেওঁলোকৰ ৰচনা প্ৰকাশ কৰি লাইক’ৰিণ ইত্যাদি এলকালয়ড থকাৰ সম্ভেদ দিয়ে; আনকি গছবিধৰ বীজতো লাইক’ৰিণ থকাৰ উমাণ পোৱা যায়। গছজোপাৰ মৃদ্‌গত কন্দ বৰ কটু (তিতা, জলা) সোৱাদযুক্ত আৰু ই সাধাৰণতে গৰু-ম’হ আদি পোহনীয়া জন্তুৰ ফোঁহা আদি চৰ্মৰোগত বৰ উপকাৰ সাধন কৰে। অতি পাতলকৈ কাটি কন্দৰ তৰল অংশ ৰোগাক্ৰান্ত ছালত বান্ধি থ’লে সুফল দিয়ে। বাতবিষৰ বেলিকা ইয়াৰ এনেকুৱা পাতল চকলা ভাজি বা পানীত উতলাই যথাস্থানত লগাই থাকিলে বাতবিষৰ উপশম হয়। তদুপৰি অৰ্শ বা কেঁচুমুৰীয়া ৰোগীৰো যথাস্থানত উক্ত ধৰণে প্ৰয়োগ কৰিব পাৰি। ফোঁহা আদিৰ সঞ্চিত পূঁজ ইয়াৰ এনেকুৱা প্ৰয়োগৰ ফলত বাহিৰ হয় আৰু বেদনা আদিৰ পৰা উপশম পোৱা যায়। এনে ৰস কুহুমীয়া গৰম কৰি লোৱাটো অতি সুফলদায়ক। দেহৰ কোনো অংগ মোচোকা খালে পাত বটি বাটনাখিনি কিছু তপতাই ৰুগ্ন অংশত এৰা তেল লগাই বান্ধি থ’লে আৰাম পোৱাৰ লগতে মোচোকা খোৱা ভাল হয়। আনকি তেনে বাটন নখত বান্ধি থ’লেও নখমূৰীয়া ৰোগৰ নিৰাময় হয়। আনহাতে, কানেৰিৰ পাত এবিধ ভাল পৰুৱা বিতাড়ক। ইয়াৰ পাতেৰে থোপা বা জাগ দিলে তাৰ ধোঁৱাই মহ-দাহ আদি পতংগ দূৰ কৰে।

লিখক: কবীন্দ্ৰ নাথ দাস, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate