মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / প্ৰকৃতিৰ কোলাৰ ঔষধি গছ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰকৃতিৰ কোলাৰ ঔষধি গছ

খৰপাত

খৰপাত

চিৰা বা ছেঁই জাতীয় ফলেৰে চিনাকি খৰপাত এবিধ পৰ্ণপাতি জোপোহা উদ্ভিদ। ঘন ওলোমা শাখা-প্ৰশাখা, ঠাল-ঠেঙুলিৰে ই এজোপা বহুবৰ্ষজীৱী বনৌষধি। আলিবাটৰ কাষৰীয়া মুক্ত ঠাই অথবা মানুহৰ বাৰী –বস্তিৰ অপ্ৰয়োজনীয় অংশ বিশেষত গছবিধ সহজে জন্মে। সেৰেঙা বিস্তৃতিৰে অসমৰ প্ৰায় সকলো ঠাইতে ই সিচঁৰিত হৈ থাকে যদিও অঞ্চল বিশেষে প্ৰচুৰ পৰিমাণে থকাও দেখা যায়। অসমৰ উপৰি বংগদেশৰ নামনি অঞ্চলত ইয়াৰ বিস্তাৰণ সুলভ। পাঁচ-ছয় ফুট ওখ এই সৰু গছজোপাৰ পাত বেছ দীঘলীয়া আৰু যৌগিক, মাখিপাত অনেক, প্ৰায় ১০-১২ যোৰ পৰ্যন্ত থাকে। হালধীয়া বৰণৰ ফুলেৰে পুষ্পবিন্যাস অনিয়ত। ফল ছেঁইযুক্ত, দীঘল আৰু চেপেটা। ছেপ্টেম্বৰ-অক্টোবৰ ইয়াৰ ফুল ফুলাৰ বতৰ। অসমীয়াত ই খৰপাত ৰুপে পৰিচিত যদিও এলেকা বিশেষে ই খৰগছ ৰুপেও জনাজাত। উদ্ভিদ বিজ্ঞানত নাম হ’ল Cassia alata,SynSenna alata। অকাঠিএই সৰু গছজোপা চিৰা বা ছেঁই জাতীয় গোত্ৰ Fabaceae উপগোত্ৰৰ অন্তৰ্গত।

ভেষজ গুণৰ অধিকাৰী খৰপাত গছৰ বিশেষকৈ পাত, ফুল আৰু ছাল দৰবত ব্যৱহাৰ কৰা হয়।খৰ-খজুৱতি ইত্যাদি চৰ্মৰোগত মুখ্যত ই ব্যৱহৃত হয় হেতুকেই হয়তো ইয়াৰ নাম খৰপাত ৰখা হৈছে। ইংৰাজী ভাষাতো তেনেদৰেই Ringworm senna নামেৰে অভিহিত কৰা হয়। তদুপৰি বেচু বা বাতৰোগ, কাহ, ব্ৰংকাইটিছ প্ৰভৃতি ৰোগসমূহত ইয়াৰ ৰস বা ক্কাথ সেৱন কৰিলেও সুফল পোৱা যায়। খৰপাতৰ সজীৱ পাত মোহাৰি লৈ নতুবা ইয়াক ভালদৰে বটি লেই বনাই বিশেষকৈ খৰ জাতীয় চৰ্মৰোগত প্ৰলেপ আকাৰে লগাব লাগে। খৰৰ বেলিকা এনেকুৱা বাহ্যিক প্ৰলেপে ঘা শুকোৱাত সহায় কৰে। ছালত হোৱা বাত বেমাৰ, আনকি খজুৱতী হোৱা ঠাইতো পাতৰ এনেকুৱা বটন প্ৰলেপাকাৰে হওঁক বা মালিচ কৰিয়ে হওঁক কেইদিনমান নিতৌ নিয়মিত্ভাৱে লগাই থাকিলে যথেষ্ট উপকাৰ পোৱা যায়। বেচু বেমাৰ হলেওঁ পাতৰপৰা প্ৰস্তুত কৰা লেই বা ৰস সদায় প্ৰয়োগ কৰি থাকিলেও ছালত হোৱা তেনে ঘা শুকাবলৈ আৰম্ভ কৰে। কুমলীয়া পাতৰ ৰস ভালদৰে ছেকি উলিয়াই নাইবা সজীৱ পাত পানীত উতলাই নিঃসৰিত হোৱা ৰস সেৱন কৰি থাকিলে ই উদৰপীড়াত ৰেচক বা জুলাপ হিচাপে কাম কৰে। আনকি গছজোপাৰ ফুল কেঁচাতে চোবাই খালেও উদৰপীড়া নিৰাময় হয়। ফুল সংগ্ৰহ কৰি ভাজি খালেও অনুৰুপ উপকাৰ সাধন কৰে। ফুল বটি ৰস উলিয়াই তাৰ পৰা ক্কাথ তৈয়াৰ কৰি নিতৌ নিয়মীয়াভাৱে পান কৰি থাকিলে কাহ, আনকি ব্ৰ্ংকাইটিছ ৰোগৰো উপশম ঘটে। কিন্তু খৰপাত গছ মাছ-কাছৰ বাবে ক্ষতিকাৰক, ই মাছৰ বাবে একপ্ৰকাৰ বিহ। গতিকে মানুহে ঔষধ হিচাপে ব্যৱহাৰ কৰোতেও সাৱধান হোৱা উচিত।

 

লেখকঃ কবীন্দ্ৰ নাথ দাস

উৎসঃ দৈনিক অসম

2.97058823529
tapan sen gupta Jul 04, 2014 01:57 PM

গছ বিধৰ ছৱি প্ৰকাশ কৰে জেন

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top