অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰকৃতিৰ কোলাৰ ঔষধি গছ কেছেৰু

প্ৰকৃতিৰ কোলাৰ ঔষধি গছ কেছেৰু

সংস্কৃত ভাষাত কেছেৰুকা নামেৰে খ্যাত সৰু গছজোপা এজোপা একবীজপত্ৰী জাতীয় ঔষধি উদ্ভিদ। পানীৰে সিক্ত জলাশয়ৰ পাৰ অথবা ধাননি পথাৰত এবিধ অপতৃণ হিচাপে এইবিধ গছ অতি সহজে পোৱা যায়। অসম তথা পূৰ্বাঞ্চলৰ লগতে প্ৰায় সমগ্ৰ ভাৰত ভূমিৰে উক্ত পৰিৱেশত ই বিস্তাৰ হৈ থাকে। সাধাৰণতে দ’ জলমগ্ন ঠাইত জন্ম বাবেই ইয়াক জলক উদ্ভিদ বুলিও শ্ৰেণীভুক্ত কৰা হয়। অসমীয়া ভাষাত ইয়াৰ প্ৰচলিত নাম কেছেৰু। আনহাতে উদ্ভিদ বিজ্ঞানত ইয়াৰ আন্ত:ৰাষ্ট্ৰীয় নাম Scirpus grossus। অৱশ্যে কোনো কোনো উদ্ভিদবিধৰ মতে ইয়াৰ নাম S Kysor Flora of British India গ্ৰন্থত গছবিধৰ নাম S grossus Var kysoor বুলিহে পোৱা যায়। অৱশ্যে আলোচ্য গছজোপা Cyperaceae গোত্ৰৰ অন্তৰ্গত এজোপা একবৰ্ষী তৃণজাতীয় গছ মাটিৰ তলত থকা অতি চুটি আৰু সৰু মৃদ্‌গত কাণ্ডৰ বা কন্দৰ পৰা বছৰি গজালি মেলে। গা-গছেৰে সৈতে ই তেনেই চাপৰ, লাহি, গোলাকাৰ কিন্তু ফোপোলা, নিৰ্দিষ্ট গাঠি আৰু পাবযুক্ত হ’লেও ই বিলাক দৃশ্যমান নহয়। গাৰ বৰণ গাঢ় সেউজীয়া আৰু নিমজ। পাত বৰ সুক্ষ্ম আৰু মৃদ্‌গত কাণ্ডৰ শুল্কপত্ৰৰ দৰে লাগি থাকে। অসংখ্য সুক্ষ্ম ফুলেৰে সৈতে সজ্জিত অণুমঞ্জৰি পুষ্পবিন্যাস প্ৰতিডাল গা-গছৰ ওপৰ অংশত থূপ খাই থাকে। কেছেৰু গছৰ মৃদ্‌গত ৰাইজোম জাতীয় কাণ্ডহে প্ৰধানকৈ ঔষধি গুণসম্পন্ন অংগ। পেটচলা, বমি প্ৰভৃতি উদৰীয় বেমাৰত ইয়াক দৰবৰূপে ব্যৱহাৰ কৰিব পাৰি। পেটচলা বা অতিসাৰ ৰোগ হ’লে বিশেষকৈ মাটিৰ তলৰ কাণ্ডাংশ পৰিষ্কাৰকৈ বটি ৰসখিনি পান কৰিলে ই অতিসাৰ ৰোগ নিৰাময়ত সহায় কৰে। পেটৰ তেনে অসুখত বমিভাৱ হ’লে এই ৰস সেৱনে বমিও নোহোৱা কৰে। ই এবিধ উত্তম বমি নাশক। আনহাতে ইয়াৰ কোমল পাত মিহিকৈ বাটি ৰসখিনিত চেনি মিহলাই খাই থাকিলে কোষ্ঠ-কাঠিন্য নাইকিয়া কৰি পেট পৰিষ্কাৰ কৰে। পাত বটিলেই প্ৰস্তুত কৰি বা ৰস উলিয়াই সিঠাখিনি হ’লেও মূৰত সানি মালিচ কৰি থাকিলে চুলিৰ বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰাময়ত সুফল দিয়ে। Journal of Indian Chemical Society ত প্ৰকাশিত গৱেষণা পত্ৰত গছজোপাত এমাইলেজ প্ৰভৃতি সীমিত সংখ্যক জৈৱ ৰাসায়নিক দ্ৰব্য থকাৰ উমান পোৱা যায়। সেয়েহে গছজোপাৰ ঔষধি গুণ তেনেই সীমিত।

লিখক: কবীন্দ্ৰ নাথ দাস

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate