অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰকৃতিৰ যাদুকৰী উদ্ভিদ এল’ভেৰা আৰু ইয়াৰ উপকাৰিতা

এল’ভেৰাৰ আন নামবোৰ হৈছে- ছালকুঁৱৰী, মুচ্চবৰ, ঘৃতকুমাৰী ইত্যাদি। এই নামবোৰৰ লগত সদায় এটা শব্দ সংলগ্ন হৈ আছে আৰু সেই শব্দটোৱে ডেকা-গাভৰুক(young)বুজায়, যেনে- কুঁৱৰী, কুমাৰী ইত্যাদি। ইয়াৰ কাৰণ হৈছে, নিৰ্দ্দিষ্ট পৰিমাণত এল’ভেৰাৰ ৰস সেৱন কৰা লোক সদায় চফল ডেকা-গাভৰুৰ দৰে হৈ থাকে। সেয়েহে এই উদ্ভিদজোপাক যাদুকৰী উদ্ভিদ(miracle plant) বুলিও কোৱা হয়। এল’ভেৰাৰ ৰসে আমাৰ শৰীৰক দৰকাৰী প্ৰায় আটাইবোৰ পুষ্টিকৰ উপাদানৰ যোগান ধৰে। এই গছজোপাক নেচাৰেল হিলাৰ বুলিও জনা যায়, কাৰণ ই যিকোনো ধৰণৰ ঘাঁ-ফোঁহা আদি শুকুৱাই নিৰাময় কৰিব পাৰে। এল’ভেৰা লিলি পৰিয়ালৰ অন্তৰ্গত কেক্টাছৰ দৰে কাঁইটযুক্ত মঙহাল আৰু সদায় সজীৱভাৱে থকা এবিধ উদ্ভিদ। এতিয়ালৈকে গোটেই পৃথিৱীত ৪০০ বিধমান প্ৰজাতিৰ ছালকুঁৱৰী পোৱা গৈছে, কিন্তু ইয়াৰ ভিতৰত মাত্ৰ পাঁচবিধমান প্ৰজাতিৰ ছালকুঁৱৰীৰ ক্ষেত্ৰতহে ঔষধি গুণ পোৱা যায়। এই পাঁচবিধৰ ভিতৰত এল’বাৰবিডেনছিচ মিলাৰ নামৰ প্ৰজাতিটোক প্ৰকৃত ছালকুঁৱৰী বুলি কোৱা হয়। কাৰণ ই সম্পূৰ্ণ ঔষধি গুণসম্পন্ন হয়।

এল’ভেৰা গছজোপা

এল’ভেৰা সাধাৰণতে গৰম জলবায়ুত শুকান পৰিবেশত (Dry & hot climate) উৎকৃষ্ট মানদণ্ডৰ হয়। এল’ভেৰা এল’ প্ৰজাতিৰ অন্তৰ্গত আৰু ইহঁত প্ৰকৃততে আফ্ৰিকা মহাদেশৰ স্বদেশীয় হয়। এজোপা পূৰ্ণাংগএল’ভেৰা গছ ৩০-৩৫ ইঞ্চিমান ওখ হয় আৰু একোডাল পুৰঠ পাত ২.৫-৩ ইঞ্চিমান বহল হয় আৰু গছজোপা ওজনত প্ৰায় ১.৫-২ কেজিমান হয়। ইয়াৰ পাতবোৰত চাৰিটা তৰপ থাকে।

১) ৰিন্দ(Rind): একেবাৰে বাহিৰৰ কাঁইটযুক্ত অংশ। এই অংশটোৱে নিজকে সুৰক্ষা দিয়ে

২) চেপ(Sap): এটা তিতা পানীয়ৰ দ্বাৰা তৈয়াৰী তৰপ আৰু তৰপটোৰ বাবে জন্তুৱে ইয়াক ভক্ষণ নকৰে।

৩)মিউচিলেজ(Mucilage gel): ই পাতৰ ভিতৰ অংশত থকা কাঁইট নাইকিয়া তৰপ আৰু ই এল’ভেৰাৰ ৰস তৈয়াৰ কৰা কামৰ লগত জড়িত হয়।

৪) এল’ভেৰা(Inner gel): ই পাতৰ একেবাৰে ভিতৰতে থকা জে’ল আৰু এই জে’লত আমাৰ শৰীৰৰ দৰকাৰী এমিইন’ এচিড থাকে।

এল’ভেৰাৰ ৰসত থকা বিভিন্ন পদাৰ্থবোৰ

১) লিগনিন:

এল’ভেৰাৰ ৰসত পোৱা এই পদাৰ্থটোৰ নিজৰ ধৰ্ম হৈছে, ই আমাৰ শৰীৰৰ ভিতৰত থকা ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ, যকৃৎ, অগ্নাশয় ইত্যাদি অংগবোৰৰ ফাঁকবোৰত সোমাই যাব পাৰে। অৰ্থাৎ ই ভেদ কৰিব পৰা গুণসম্পন্ন হয়। ইয়াৰ বাবে শৰীৰৰ ওপৰোক্ত অংগবোৰৰ ফাঁকবোৰত বহুদিনৰপৰা জমা হৈ থকা দূষিত পদাৰ্থবোৰ(Toxins)উলিয়াই আনি শৌচৰ দ্বাৰা দেহৰ বাহিৰ উলিয়াই দিব পাৰে। শৰীৰৰ ভিতৰত জমা হোৱা দূষিত পদাৰ্থবোৰ বিভিন্ন উৎসৰপৰা যেনে, মাদকদ্ৰব্য সেৱন, চিগাৰেট সেৱন, গুটকা জাতীয় দ্ৰব্য সেৱন, বজাৰৰ পাচলিত মিহলি হৈ থকা কীটনাশক দ্ৰব্যৰ সেৱন, দূষিত বায়ুমণ্ডল, অতিপাত জাংক-ফুড খোৱা অভ্যাস ইত্যাদিৰ বাবে হয়।

২) চেপ’নিন:

এই পদাৰ্থটোৰ ধৰ্ম চাবোনৰ দৰে, কাৰণ চাবোনে যেনেকৈ লেতেৰা কাপোৰ চাফা কৰি দিয়ে তেনেকৈ এল’ভেৰাৰ ৰসত থকা এই পদাৰ্থটোৰ বাবে শৰীৰৰ ভিতৰৰ বিভিন্ন অংগবোৰৰ ফাঁকত বহুদিনৰপৰা জমা হৈ থকা দূষিত পদাৰ্থবোৰ চাফা কৰি দিব পাৰে। অৰ্থাৎ চেপ’নিন এবিধ প্ৰাকৃতিক চাবোন। দেহৰ ভিতৰৰ অংগবোৰ চাফা হৈ উঠিলে নিজৰ নিজৰ কামবোৰ ভালদৰে কৰিব পৰা হয়। সেয়েহে দুটামান একলিটাৰৰ এল’ভেৰাৰ জেল খোৱাৰ পাছত মানুহজনক কাজে-কামে সক্ৰিয় হৈ উঠা দেখা যায়। এল’ভেৰাৰ ৰস খোৱাৰ আগত মানুহজনৰ যিটো এলেহুৱা ভাব থাকে, সেইটো লাহে লাহে নাইকিয়া হৈ যায়, কিন্তু বেয়া অভ্যাসবোৰ যেনে- মাদক দ্ৰব্য সেৱন, চিগাৰেট সেৱন ইত্যাদি কামবোৰ বাদ দিব লাগিব।

৩) খাদ্যপ্ৰাণ: (Vitamins)

এল’ভেৰাৰ ৰসত পোৱা ভিটামিনবোৰ হৈছে- ভিটামিন-এ, ভিটামিন-বি১, ভিটামিন-বি২, ভিটামিন-বি৩, ভিটামিন-বি৫, ভিটামিন-বি৬, ভিটামিন-বি১২, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-কে, ক’লিন আৰু ফ’লিক এচিড।

৪) খনিজ পদাৰ্থ:

কেলছিয়াম, ফ’ছফ’ৰাছ, পটেছিয়াম, আইৰণ, মেগনেছিয়াম, ছ’ডিয়াম, জিংক, ক’পাৰ, ক্লৰিণ আৰু ক্ৰমিয়াম প্ৰধানত: এল’ভেৰাত থাকে।

৫) পাচক ৰস:

ফছফেটেচ এমাইলেচ, ব্ৰেডিকাইনেচ, লাইপেচ, কেটালেচ, ছেলুলেজ, ক্ৰিয়েটিন ফছফ’কাইনেচ, প্ৰটিয়েচ, এলকালাইন ফছফেটেচ, নিউক্লিউটাইডেচ ইত্যাদিবোৰ পাচক ৰসেৰে এল’ভেৰা ভৰপূৰ হৈ থাকে।

৬) মন’ আৰু পলিচেকাৰাইড্‌চ:

এলড’ নেনট’চ, ছেলুল’চ, গ্লুক’জ, মেন’জ এল ৰেমনোজ আৰু লাইপেচ ইত্যাদি। এইবোৰে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই আৰু বিষাক্ত দ্ৰব্যবোৰ দেহৰ বাহিৰলৈ উলিয়াই দিয়ে।

৭) অতি দৰকাৰী এমিন’ এচিড:

এল’ভেৰাত মুঠ আঠটা দৰকাৰী এমিন’ এচিডৰ ভিতৰত সাতটাই থাকে। সেইবোৰ হৈছে- আইছ’লিউচিন, লাইচিন, থাইৰ’চিন, ভেলাইন। মিথিয়’লাইন আৰু ফিনাইল এলানিন।

৮) ছেকেণ্ডাৰী এমিন’ এচিড:

মুঠ চৈধ্যটা ছেকেণ্ডাৰী এমিন’ এচিডৰ ভিতৰত ১৩টাই এল’ভেৰাত থাকে। সেইবোৰ হৈছে- এলানাইন, আৰ্জিনিন, চিষ্টিন, এছপাৰিটিক এচিড, গ্লুটামিক এচিড, গ্লিচাৰিন, হিষ্টিডিন, টাইৰ’চিন, হাইড্ৰ’ক্‌চি প্ৰলিন, প্ৰলিন আৰু ছেৰাইন।

৯) এনথ্ৰ’কুইন’ন:

এলোইন, বাৰবিলোইন, আইচ’ বাৰবিলোইন, এনথ্ৰ’ন’ল, এনথ্ৰ’চিন, এল’টিক এচিড, এল’ এমজাইন, চিন্নামিক এচিড, এষ্টাৰি অৱ চিন্নামিক এচিড, এষ্টাৰিঅল অইল, ক্ৰাচ’ফেনিক এচিড, এল’ আলচাইন আৰু ৰিছিষ্টন’লবোৰ এল’ভেৰাৰ ৰসত পোৱা যায়। এইবোৰ সাধাৰণতে শৌচ খোলোচা কৰাত সহায়ক হয়। ই এক প্ৰকাৰৰ এনজাইমৰ সমষ্টি।

১০) গ্লেণ্ট ষ্টেৰ’ল:

এল’ভেৰাৰ ৰসত ক’লেষ্টেৰ’ল লুপিওল, কেম্পেষ্টেৰ’ল আৰু বি-চিচ’ষ্টেৰ’ল থাকে আৰু এই বোৰে আমাৰ দেহত এণ্টিইনফ্লামেট’ৰি কাৰক হিচাপে কাম কৰে।

১১) চেলিচাইলিক এচিড:

এইবোৰ এছপিৰিনৰ দৰে পদাৰ্থ আৰু ইহঁতে আমাৰ দেহত বিষনাশক আৰু এণ্টিইনফ্লামেট’ৰি হিচাপে কাম কৰে।

এল’ভেৰাৰ ৰসে মানৱ দেহত কেনেধৰণৰ কাম কৰে:

  • হজম শক্তি বঢ়ায়, গতিকে ল’ৰা-ছোৱালীৰ খোৱাৰ প্ৰতি আগ্ৰহ বাঢ়ে। এনেয়ে আজিকালি বজাৰত পোৱা বিভিন্ন ক’লড ড্ৰিংকচ, ছিনথেটিক পাউডাৰযুক্ত বিভিন্ন ফ্লেভাৰৰ চৰবতবোৰ, ছিনথেটিক পাউডাৰযুক্ত গাখীৰ, কুৰকুৰি, ছিপছ্‌ ইত্যাদি বস্তুবোৰ খাই ল’ৰা-ছোৱালীৰ দেহৰ মূল অংগ যকৃৎ আৰু অগ্নাশয় কিছু হ’লেও নষ্ট হয়। মনত ৰখা দৰকাৰ যে এই দুই অংগই ল’ৰা-ছোৱালীৰ ভোক লগাৰ বাবে মূল অংগ আৰু ইহঁতেই আমাৰ দেহত যথেষ্ট পৰিমাণে পাচকৰস তৈয়াৰ কৰে, যাৰ ক্ৰিয়াত আমাৰ খাবলৈ ভোক লাগে।
  • শৰীৰত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ বিষ-বেদনা, উখহি উঠা ইত্যাদিবোৰৰ উপশম ঘটায়।
  • এণ্টিবায়’টিক, এণ্টিফাংগল আৰু এণ্টিভাইৰেল হিচাপে কাম কৰে।
  • শৰীৰৰ কোষ বন্ধনৰ কাম কৰে।ঘাঁ হৈ বেয়া হোৱা কোষবোৰ বাহিৰ কৰি দি নতুন কোষবন্ধনত সহায় কৰে।
  • শৰীৰৰ ভিতৰত বহুত দিনৰপৰা জমা হৈ থকা বেয়া বস্তুবোৰ পৰিষ্কাৰ কৰি শৌচৰ দ্বাৰা বাহিৰলৈ উলিয়ায় দিয়ে।
  • দেহক শক্তি প্ৰদান কৰে। সেয়েহে বৃদ্ধাৱস্থাৰ বাবে অতি ফলদায়ক হয়।
  • ই এবিধ পুষ্টিদায়ক খাদ্য। আমাৰ শৰীৰক যিমানখিনি পুষ্টিদায়ক কাৰকৰ দৰকাৰ, ই প্ৰায় আটাইবোৰ যোগান ধৰে।
  • শৰীৰৰ ভিতৰ বা বাহিৰত থকা ঘাঁ শুকোৱাত কাম কৰে। দেহৰ বাহিৰৰ ঘাঁৰ বাবে এল’ভেৰা ৰস খোৱাৰ উপৰিও ঘাঁ লগা নিৰ্দ্দিষ্ট ঠাইডোখৰত এল’ভেৰাযুক্ত মলম লগালে ভাল।
  • দাঁত আৰু মুখৰ সুৰক্ষাত এল’ভেৰাযুক্ত টুথ্‌পেষ্ট অতি উত্তম। এল’ভেৰা এণ্টিফাংগল আৰু এণ্টিবেক্‌টেৰিয়েল হোৱা বাবে মুখৰ ভিতৰত সৃষ্টি হ’ব পৰা বীজাণু ধ্বংস কৰাত এল’ভেৰাৰ ৰস সেৱন বা এল’ভেৰাযুক্ত টুথপেষ্ট ব্যৱহাৰ কৰিলে দাঁত দুপাৰি বুঢ়া বয়সলৈ নষ্ট নোহোৱাকৈ ৰাখিব পৰা যায় আৰু লগতে দাঁতৰ বিভিন্ন বেমাৰৰপৰা হাত সাৰি থাকিব পৰা যায়।
  • ছালৰ যিকোনো চিকিৎসাত কাম দিয়ে। ছালকুঁৱৰীয়ে কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ জ্বলা-পোৰা আৰু চুজন(ছাল নিষ্ক্ৰিয় হৈ যোৱা) কাৰ্যক বাধা দিব পাৰে। ই হাড়ৰ যোৰা আৰু মাংসপেশীৰ গতিশীলতা অক্ষুণ্ণ ৰখাত সহায় কৰে।
  • এলাৰ্জী নাইকিয়া কৰিব পাৰে।
  • শৰীৰৰ ভিতৰত থকা বিভিন্ন অংগ যেনে- ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ, যকৃৎ,অগ্নাশয় ইত্যাদি অংগবোৰৰ ফাঁকবোৰত সোমাই থকা বিষাক্ত পদাৰ্থবোৰ পৰিষ্কাৰ কৰি দিব পাৰে।
  • পাকস্থলীৰ গেছ বা এচিডিটিৰ বাবে ই এবিধ মহৌষধ। এল’ভেৰাৰ ৰসে বহুত দিনৰেপৰা ভুগি থকা ব্যক্তিৰ গেছ বা এচিডিটিৰ সমস্যা চিৰদিনৰ বাবে নাইকিয়া কৰি দিব পাৰে।
  • এল’ভেৰাৰ ৰস সেৱনে বহুত দিনৰপৰা ভুগি থকা কোষ্ঠ-কাঠিন্য সমস্যা দূৰ কৰিব পাৰে।
  • আটাইতকৈ ডাঙৰ কথা, এল’ভেৰাৰ ৰসৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই আৰু ই এবিধ জৈৱ পদাৰ্থ, সেয়েহে আমাৰ শৰীৰে ইয়াক এশ শতাংশই গ্ৰহণ কৰে।
  • বজাৰত পোৱা বিভিন্ন এণ্টাচিড অৰ্থাৎ গেছ বা এচিডিটিৰ বাবে যিমানবোৰ এলোপেথিক ঔষধ পোৱা যায় আটাইবোৰৰে কম-বেছি পৰিমাণে পাৰ্শ্বক্ৰিয়া থাকে আৰু এইবোৰ অজৈৱ হোৱা বাবে আমাৰ শৰীৰে অনিচ্ছাকৃতভাবে এই দৰৱবোৰ গ্ৰহণ কৰে। অৱশ্যে এই দৰৱবোৰৰ যিমানখিনি খোৱা যায়, আধামানহে শৰীৰে গ্ৰহণ কৰে আৰু বাকী আধাখিনি এনেয়ে নষ্ট হৈ যায়।

কেইটামান মন কৰিবলগীয়া কথা

  • এল’ভেৰাৰ ৰস কেঁচুৱা থকা মাইকী মানুহক দিব নালাগে।
  • সৰু ল’ৰা-ছোৱালী(১৮ বছৰৰ তলৰ)আৰু কেঁচুৱা থকা মাইকী মানুহক এক বিশেষ ধৰণৰ এল’ভেৰাৰ ৰস দিব পৰা যায়।
  • বজাৰত মুকলিভাৱে কিনিবলৈ পোৱা আটাইবোৰ এল’ভেৰাৰ ৰস সম মানৰ নহয়। গতিকে দোকানৰপৰা এল’ভেৰাৰ ৰস লোৱাৰ আগতে এল’ভেৰা গছৰ খেতি কেনেকুৱা পৰিৱেশত কৰিছে অৰ্থাৎ উষ্ণ আৰু শুকান পৰিবেশ হয় নে নহয় ইত্যাদি কথাবোৰ জানি লোৱা ভাল। নহ’লে কষ্টোপাৰ্জিত আপোনাৰ পইচাখিনি অথলে যাব।
  • কোন প্ৰজাতিৰ এল’ভেৰা গছৰপৰা ৰসবোৰ তৈয়াৰ কৰিছে এই কামটো জনা দৰকাৰ। কাৰণ গোটেই পৃথিবীত এতিয়ালৈকে ৪০০ মান প্ৰজাতিৰ এল’ভেৰা পোৱা গৈছে যদিও মাত্ৰ ৫ বিধমানহে ঔষধি গুণসম্পন্ন হয়। এই পাঁচবিধৰ ভিতৰত এল’ভেৰা বাৰ বিডেনছিচ মিলাৰ অতি উত্তম।
  • আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- এল’ভেৰা কিছুমান বিশেষ গুণসম্পন্ন; যেনে- এল’ভেৰা ৰস গছৰপৰা আহৰণ কৰাৰ ৪ ঘণ্টাৰ ভিতৰত লেব’ৰেটৰীত নি সুস্থিৰ নকৰিলে, ইয়াৰ গুণাগুণ নাইকিয়া হৈ যায় অৰ্থাৎ বায়ুমণ্ডলৰ লগত ইয়াৰ বিক্ৰিয়া সম্পন্ন হৈ জেলি ধৰণৰ বস্তুটো পিছলৈ গৈ সম্পূৰ্ণ পানীৰ নিচিনা হৈ যায় আৰু সেই সময়ত ইয়াৰ কোনোধৰণৰ ঔষধি গুণ নাথাকে। সেয়েহে এল’ভেৰাৰ খেতিৰ ওচৰে-পাজৰে লেবৰেটৰী হোৱাটো বাধ্যতামূলক, যাতে ৪ ঘণ্টাৰ ভিতৰত এল’ভেৰা সুস্থিৰ অৱস্থা প্ৰাপ্ত হয়।

গতিকে বজাৰত এই সামগ্ৰীবোৰ ক্ৰয় কৰাৰ আগতে ওপৰোক্ত কথাবোৰ জানি লোৱা দৰকাৰ। সদায় এই সামগ্ৰীবোৰ ক্ৰয় কৰাৰ আগতে কোন ৰাষ্ট্ৰীয় বা আন্ত:ৰাষ্ট্ৰীয় সংস্থাই সেই সামগ্ৰীটোৰ বাবে লিখিত আকাৰত থকা লিফ্‌লেট বা বুক্‌লেট্‌ বিচাৰিব লাগে। লিফ্‌লেট্‌ দিব নোৱাৰিলে সামগ্ৰী কেতিয়াও ক্ৰয় কৰিব নালাগে, নহ’লে পদে পদে গৈ ঠগ খোৱাৰ সম্ভাৱনা অধিক। আজিকালি ইণ্টাৰনেটৰ যুগ, গতিকে পাঁচ মিনিটত ইণ্টাৰনেট খুলি চাই ল’ব পৰা যায়, কোনেনো পৃথিৱীৰ ভিতৰত উৎকৃষ্ট মানদণ্ডৰ এল’ভেৰাৰ ৰস তৈয়াৰ কৰে, যিহেতু আমি টকা খৰচ কৰি বস্তুটো খাম নিশ্চয়কৈ যিটো এশ শতাংশ গুণ সম্পন্ন হয়, সেইটোৱে গ্ৰহণ কৰিম। গতিকে ৰাজ্য বা দেশৰ শ্ৰেষ্ঠটো লোৱাৰ সলনি আমি পৃথিৱীৰ শ্ৰেষ্ঠটো ল’ম।

লিখক: ডা° সুভাষ শৰ্মা, ম-ন-কা স্মৃতিগ্ৰন্থ।

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate