অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰষ্টেট গ্লেণ্ডৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে বনৌষধি চিকিৎসা

প্ৰষ্টেট গ্লেণ্ডৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে বনৌষধি চিকিৎসা

অসম তথা ভাৰতৰ লাখ লাখ লোক প্ৰষ্টেট গ্লেণ্ড বাঢ়ি যোৱা আৰু অন্যান্য সমস্যাত ভুগি থকা দেখা গৈছে। এই গ্লেণ্ড পুৰুষৰহে থাকে আৰু ই এটা ডাঙৰ ধৰণৰ বাদামৰ আকৃতিৰ। ইউৰিনেৰী ব্লাডাৰৰ ওচৰত ই অৱস্থিত। প্রস্টেট গ্লেণ্ড বাঢ়ি গ’লে ইয়াক প্ৰষ্টেট গ্লেণ্ড বৃদ্ধি হোৱা বোলে আৰু ই ফুলি থকা অৱস্থাটোক প্ৰষ্টেটিটিছ বোলে।

এই বেমাৰৰ কাৰণ আৰু লক্ষণবোৰ হ’ল- প্ৰস্ৰাৱ কৰোঁতে প্ৰস্ৰাৱথলীত বিষ হয়, প্রস্রাব বাহিৰ ওলোৱাত অসুবিধা হয় আৰু ঘনাই ঘনাই প্ৰস্ৰাৱ কৰিব লাগে, বিশেষকৈ ৰাতি সঘনাই প্ৰস্ৰাৱ কৰিবলৈ বাধ্য হোৱা, তল পেটত বিষ হোৱা, ককালত বিষ হোৱা, আঁঠু-ভৰিত বিষ অনুভৱ ইত্যাদি। মানুহৰ বয়স বাঢ়ি যোৱাৰ লগে লগে শৰীৰৰ ওজন বাঢ়ি যায় আৰু শৰীৰৰ হাড়ৰ মজাবাৰ শুকাবলৈ ধৰে আৰু পেলডিক অঞ্চলত বেছি জোৰ পৰে। ফলত প্ৰষ্টেট গ্লেণ্ডৰ সমস্যাও বাঢ়ি যায়।

যিসকল লোক দীর্ঘসময় ধৰি বহি থাকিবলগীয়া হয় আৰু চাকৰিৰ দৰে কাৰ্যত ব্যস্ত থাকিব লগা হয়, তেতিয়া পেলভিক থকা অংশত জোৰ পৰে, ফলত শৰীৰৰ কোষবিলাকৰ জড়তা বাঢ়ি যায় আৰু কোষৰ চলাচলত বাধা পৰে। প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা আৰম্ভ হোৱাৰ লগে লগে নানা সমস্যাই বয়সপ্রাপ্ত লোকক অশান্তি দিব ধৰে। খুউব ঠাণ্ডা আৰু বৰষুণৰ বতৰত এই বেমাৰত ভোগাসকলৰ এই গ্লেণ্ডৰ পৰা বহু সমস্যাৰ উদ্ভৱ হয়। যদি তেওঁলোকে কৌষ্ঠকাঠিন্যতাত ভোগে। তেওঁলোকৰ শৰীৰৰ তল অংশত থকা প্ৰষ্টেট গ্লেণ্ড অসুখত বৰ বেছিকৈ ভোগে। সেয়ে প্ৰষ্টেট গ্লেণ্ডত ভোগা ৰোগীয়ে সদায় শৌচ খোলোচা ৰাখিবলৈ চেষ্টা কৰিব লাগে। প্ৰয়োজন হ’লে ইচবগুলজাতীয় শৌচ ঢিলা কৰা ঔষধ প্রয়োগ কৰা ভাল। প্ৰষ্টেট গ্লেণ্ডত ভোগা ৰোগীৰ এই বেমাৰৰ পৰা নিৰাময় হ’বলৈ তলত উল্লেখ কৰা বন দৰবৰ ব্যৱহাৰ কৰা অতি প্ৰয়োজন।

প্ৰষ্টেট গ্লেণ্ড বাঢ়ি যোৱা এক প্ৰাকৃতিক প্রক্রিয়া। যিসকল লোকৰ বয়স ৫০ বছৰ অতিক্ৰম কৰিছে, তেওঁলোক প্ৰষ্টেট গ্লেণ্ডৰ সমস্যাত ভুগিব পাৰে। এইক্ষেত্ৰত উপযুক্ত খাদ্য, স্বাস্থ্যৰ নীতি-নিয়ম মানি চলা উচিত।

ফল-মূল, শাক-পাচলিৰ উপযুক্ত ব্যৱহাৰে প্ৰষ্টেট প্লেণ্ডৰ সমস্যা দূৰ কৰাত বহুপৰিমাণে সহায় কৰে। বিশেষকৈ ফল-মূলৰ ৰস আৰু শাক-পাচলিৰ ৰসে এই বেমাৰত মহৌষধিৰ দৰে কাম কৰে। গাজৰ ৰস ৫০০ মিঃগ্ৰাঃ পৰিমাণে নিতৌ কিছুদিন খোৱাৰ অভ্যাস কৰিলে প্ৰষ্টেট গ্লেণ্ড বঢ়া, ঘনে ঘনে প্ৰস্ৰাৱ কৰাৰ ইচ্ছা কমি যায়। পালেং শাকৰ ৰস মিহলাই গাজৰৰ ৰস খাব লাগে। মুঠ ৰসৰ পৰিমাণ দুয়োটাৰে মিলাই ৫০০ মি:গ্রাম পৰিমাণে দিনে এবাৰকৈ খাব লাগে।

ৰঙা লাউৰ গুটিৰ ব্যৱহাৰে প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা আঁতৰ কৰাত মহৌষধৰ দৰে সুফল দিয়ে। ইতিমধ্যে অসম তথা ভাৰতৰ বহুলোক এই ৰঙা লাউৰ গুটি বা বীজ ব্যৱহাৰ কৰি প্ৰষ্টেট গ্লেণ্ডৰ সমস্যাৰ পৰা সুফল লাভ কৰিছে। ৰঙা লাউৰ বীজত প্ৰচুৰ পৰিমাণে আমচেচুৰেটেড ফেটী এচিদ প্রসিদ্ধ বাবে প্ৰষ্টেট গ্লেণ্ডৰ নানান সমস্যাৰ পৰা উদ্ধাৰ পাব পাৰি। ৫০ বছৰ অতিক্ৰম কৰাৰ পিছৰে পৰা মানুহৰ শৰীৰৰ এই গ্লেণ্ডটো ক্ৰমাৎ বাঢ়িব ধৰে। ফলত বহুত মানুহ নানান সমস্যাত ভোগে। বিশেষকৈ কোনো কোনো মানুহ প্ৰস্ৰাৱৰ সমস্যাত ভোগে। প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা কৰা, ঘনে ঘনে কম পৰিমাণৰ প্ৰস্ৰাৱ কৰা আদি। এই ক্ষেত্ৰত এই বীজৰ (ৰঙা লাউ) পৰিমাণ ৬০ গ্ৰামৰ পৰা ৯০ গ্ৰাম হ’ব লাগে। এই বীজৰ পাউডাৰ বা গুড়ি ব্যৱহাৰ কৰিব পাৰে। আমাৰ দৈনিক ব্যৱহাৰ কৰা ভাজি বা দাইলৰ লগত মিহলি কৰি খাব পাৰি। তদুপৰি আটা বা ময়দাৰ দ্বাৰা তৈয়াৰ কৰা ৰুটি বা চাপাতিৰ লগত মিহলাই দৈনিক খাব পৰা যায়। গাখীৰৰ লগত ৰঙা লাউৰ গুটিৰ পাউডাৰ মিহলাই খাব পাৰি। প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা দূৰ কৰাত জিংকৰ ব্যৱহাৰ অতি ফলপ্রদ। ৩০ মিলিগ্ৰাম পৰিমাণৰ এই খনিজ পদার্থ দৈনিক ব্যৱহাৰ কৰিব লাগে। সময় এমাহ বা দুমাহ পর্যন্ত।

ভিটামিন ‘ই’ প্রষ্টেটেড গ্লেণ্ডৰ সমস্যা আঁতৰ কৰাত মহৌষধস্বৰূপ। প্রতিদিনে ৬০০ আই ইউ পৰিমাণে দৈনিক ব্যৱহাৰ কৰিব লাগে। ভিটামিন ‘ই' প্ৰসিদ্ধ খাদ্যবোৰ হ’ল সেউজীয়া শাক-পাচলি, নানাবিধৰ ফল-মূল, কণী, মাংস, চয়াবিন, ছান ফ্লাৱাৰৰ বীজ, গাজী মগুমাহ, বুটমাহ, ভিজিটেবল তেল ইত্যাদি। বয়সপ্রাপ্ত লোকসকলে এই ভিটামিন ‘ই’ নিতৌ ব্যৱহাৰ কৰিলে অন্ততঃ দিনে ২০০ৰ পৰা ৪০০ মিলিগ্রাম পৰিমাণে খাব লাগে। ৬০০ আই ইউ পৰিমাণ খাব খুজিলে ১৫ বা ২০ দিনতকৈ বেছিকৈ খাব নালাগে। ভিটামিন ই হৃদৰোগৰ বাবেও বৰ ফলদায়ক।

প্রষ্টেট গ্লেণ্ডৰ বিভিন্ন সমস্যাত ভোগা লোকসকলে খাদ্য খোৱাত বিশেষভাৱে মনোনিৱেশ কৰা উচিত। বিশেষভাৱে মানিবলগীয়া নিয়মবোৰ হ’ল-

  • খাদ্য গ্ৰহণ কৰাৰ সময় নির্দিষ্ট কৰি ল’ব লাগে।
  • বহুসময় ধৰি কোনো ঠাইত বহি থাকিব নালাগে।
  • অধিক ব্যায়াম, অধিক খোজ কঢ়া বা শাৰীৰিক কাৰ্য কৰাৰ পৰা বিৰত থকা উচিত।
  • নেমুৰ পানী খোৱা অভ্যাস কৰিব লাগে।
  • ফলৰ ৰস দৈনিক এগিলাচ পৰিমাণে খাব লাগে।
  • অধিক মচলাযুক্ত খাদ্য, অধিক মিঠাই, পাপৰ, চিংৰা, মেগী, চিছ, মাংস খোৱাৰ পৰা বিৰত থকা উচিত। মাছ নিয়মীয়াকৈ খাব লাগে।

লিখক: উপেন দত্ত।

শেহতীয়া উন্নীতকৰণ: : 11/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate