বক ফুল সকলোৰে চিনাকি গছ। ইয়াৰ পাতবোৰ তেতেলিৰ পাতৰ নিচিনা কিন্তু অলপ ডাঙৰ। ঠাৰিৰ দুয়োকাষে পাত ওলায়। ফুলবোৰ পলাশ ফুলৰ দৰে। ফুল ৰং ভেদে বক ফুলৰ ৰং দুইবিধ বগা আৰু ৰঙা। বকফুল মানুহে ভাজি খায়।
ইয়াৰ অংশভেদে পৰিমাণ নিৰ্ধাৰণ কৰা হয়। ফুলৰ ৰস চাৰি অনাৰ পৰা আধা তোলা। চূৰ্ণ কৰিলে ফুল আৰু ফল দুই অনাৰ পৰা চাৰি অনালৈ ব্যৱহাৰ কৰিব পাৰি। শিপাৰ ছালৰ ৰস বা কহ এক তোলাৰ পৰা দুই তোলালৈকে ব্যৱহাৰ কৰিব পাৰি।
বক ফুলৰ পাতত জ্বলা, তিতা আৰু মিঠা ৰস থাকে। ই শীতবীৰ্য, ৰুক্ষ, বায়ুবৰ্ধক আৰু তিতা, জ্বলা আৰু মিঠা অস্বাদযুক্ত। কৃমি, কফ্, কম্ভু, বিষদোষ আৰু ৰক্তপিত্ত নিবাৰক। ইয়াৰ ফুল শীতল আৰু ত্ৰিদোষ নাশক। শ্ৰান্তি কম,কাহ, বিবৰ্ণতা, ভূত গ্ৰহদোষ নাশক। ফল তিতা ৰসযুক্ত। পৰিপাক মিঠা হয়। বক ফুলৰ বিশেষ গুণ ই লঘূপাকী আৰু অৰুচিনাশক, বুদ্ধি আৰু স্মৃতিবৰ্ধক। বক ফুলৰ ৰস কেতিয়াবা কেতিয়াবা আন দৰৱৰ লগতো ব্যৱহাৰ হয়। বক ফুলৰ চূৰ্ণৰ লগত ম’হৰ গাখীৰৰ দৈ প্ৰস্তুত কৰি শৰীৰত মৰ্দন কৰিলে শৰীৰত ওলোৱা ব্ৰণ নষ্ট হয়। গা ফটা ভাল হয়। শৰীৰৰ ছাল পৰিষ্কাৰ হয়। কুকুৰীকণা বেমাৰত বক ফুলৰ পাত বা ফুল ঘিউত ভাজি খালে ৰাতি চকুৰে নেদেখা বেমাৰ ভাল হয়।
মৃগী বেমাৰত বক ফুলৰ পাতৰ চূৰ্ণ, জালুক চূৰ্ণ আৰু গৰুৰ মুতৰ লগত নস্য ল’লে উক্ত ৰোগ ভাল হয়। আন এটা প্ৰধান গুণ হ’ল বক ফুল আৰু পাতৰ নস্য ল’লে উক্ত ৰোগ ভাল হয়। আন এটা প্ৰধান গুণ হ’ল বক ফুল আৰু পাতৰ নস্য ল’লে পীনস ৰো অৰ্থাৎ নাকত সোপা মাৰি ধৰা ৰোগ আৰু মূৰৰ বিষ ভাল হয়। কফ বেমাৰতো ইয়াৰ শিপাৰ ৰস বা কহ মৌৰ লগত মিহলাই খালে সুফল পোৱা যায়।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 5/26/2020