অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বগৰীৰো আছে ঔষধি গুণ

বগৰীৰো আছে ঔষধি গুণ

  • বগৰীৰ শিপা থেতেলিয়াই তাৰ ৰস খালে কাহ ভাল হয়।
  • প্ৰস্ৰাৱ বন্ধ হ’লে বগৰীৰ সৈতে ১০-১৫ টা মান জিৰা পিহি খালে প্ৰস্ৰাৱৰ কষ্ট দূৰ হয়।
  • বমি ভাৱ হ’লে বগৰী খালে বমি ভাৱ দূৰ হয়।
  • মহিলাসকলৰ বগাস্ৰাৱ পৰিলে পুৱা ২-৩ গ্ৰামমান বগৰী ছালৰ গুড়ি খালে ৰোগ নিৰাময় হয়।
  • বগৰী গছৰ কোমল পাত পিহি তাৰ ৰস খালে জ্বৰ নিৰাময় হয়।
  • দাঁত দুৰ্বল হ’লে বগৰীৰ ছাল নাইবা পাতৰ ৰস উলিয়াই সেই ৰসেৰে কুলি কুলি কৰিলে দাঁত সুস্থ হয়।
  • অতিসাৰ ৰোগত বগৰী গছৰ ছাল নাইবা শিপাৰ গুড়ি খালে ৰোগ নিৰাময় হয়।
  • মূৰ বিষালে বগৰীৰ শিপা থেতেলিয়াই খালে ভাল ফল পোৱা যায়।
  • অনবৰতে ভাগৰ অনুভৱ কৰিলে বগৰীৰ গুড়ি নাইবা ১০০-২০০ গ্ৰাম বগৰী খালে ভাগৰ কমে।
  • বগৰী গছৰ বাকলি গুড়ি কৰি খালে ডায়েৰিয়া ভাল হয়।
  • কিছুমানৰ অনবৰত হিকটি আহে। বগৰীৰ গুটিৰ ভিতৰৰ অংশ পাণমুড়ি আৰু লঙৰ লগত খালে হিকটি ভাল হয়।
  • বগৰীৰ কোমল পাত থেতেলিয়াই ৰস উলিয়াই সেই ৰস নিয়মিত ৩-৪ মাহ অকণমানকৈ খালে মেদ কমে।

লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate