অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বটবৃক্ষ

ৰাষ্ট্ৰীয় বৃক্ষবিধৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে

আপোনালোকে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বৃক্ষবিধৰ বিষয়ে জানেনে ? হয়, আজি কবলৈ লোৱা হৈছে বটবৃক্ষৰ কথা । বটবৃক্ষক সংস্কৃতত 'বটদ্ৰৱা' আৰু ইংৰাজীত 'Banyan tree' বুলি জনা যায় । এই গছজোপা ইয়াৰ ডালবিলাকত লাগি থকা দীঘল দীঘল শিপাৰে সৈতে সোনকালে বৃদ্ধি পাই বিশালাকৃতিৰ হৈ পৰে । ইয়াৰ পাতবোৰ ডাঙৰ আৰু সেউজীয়া ৰঙৰ হয় । হিন্দু ধৰ্মত বটবৃক্ষক বিশেষ মান্যতা প্ৰদান কৰি ইয়াৰ পূজা কৰাৰ নিয়ম আছে । পৰিবেশীয় দৃষ্টিকোণৰ ফালৰ পৰাও ই মহত্বপূৰ্ণ । ইয়াৰ শিপাই মাটি ধৰি ৰাখে আৰু ইয়াৰ পাতবোৰে বায়ু বিশুদ্ধ কৰে । তদুপৰি এবিধ উত্তম বনৌষধি হিচাপে বটবৃক্ষৰ বিভিন্ন অংশৰ বহুলভাৱে প্ৰয়োগ কৰা হয় । আয়ুৰ্ৱেদিক পদ্ধতি অনুসৰি বটবৃক্ষৰ ৰস কফ তথা পিত্তনাশক, ৰক্তশোধক, গৰ্ভাশয় শোধক আৰু শোথনাশক । জানো আহক বটবৃক্ষৰ কেইটামান বিশেষ প্ৰয়োগৰ বিষয়ে

(১) বটবৃক্ষৰ পাত আৰু শিপা পিহি তৈয়াৰ কৰা প্ৰলেপ লগালে চৰ্মৰোগ নাশ হয় ।
(২) বটবৃক্ষৰ পৰা ওলোৱা গাখীৰৰ কেইটোপালমান ৰস মিঠাতেলৰ সৈতে কাণত দিলে কাণত হোৱা ফোঁহা নষ্ট হয় ।
(৩) বটবৃক্ষৰ পাত তেলত উতলাই প্ৰয়োগ কৰিলে চুলিৰ সৰ্বৰোগ নাশ হয় ।
(৪) বটবৃক্ষৰ গাখীৰ প্ৰয়োগ কৰিলে দাঁতৰ বিষ উপশম হোৱাৰ লগতে দাঁতৰ দূৰ্গন্ধ দূৰ হয় আৰু ইয়াৰ পোকবোৰো নষ্ট হৈ যায় । তদুপৰি যদি দূর্বল দাঁত উলিয়াব লগা হয়, তেন্তে ইয়াৰ গাখীৰ লগাই সহজতে উলিয়াব পাৰি ।
(৫) বটবৃক্ষৰ শিপা আৰু ছাল দন্তমঞ্জন হিচাপে প্ৰয়োগ কৰা হয় ।
(৬) অধিক সময় পানীত থকাৰ ফলত সৃষ্টি হোৱা ঘাঁ বটবৃক্ষৰ গাখীৰ লগাই ঠিক কৰিব পাৰি ।
(৭) বটবৃক্ষৰ ছাল ছাঁত শুকুৱাই তৈয়াৰ কৰা চূৰ্ণ মিচিৰি আৰু গাখীৰৰ লগত নিতৌ সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি হয় ।
(৮) বটবৃক্ষৰ পাতৰ ভস্ম মম আৰু ঘিউৰ লগত মিহলাই তৈয়াৰ কৰা ঔষধ প্ৰয়োগ কৰিলে যিকোনো শাৰীৰিক ঘাঁ সোনকালে ভাল হয় ।
(৯) শৰীৰৰ খহু-ফোঁহা আদিত বটবৃক্ষৰ পাত পিহি বান্ধি ৰাখিলে সেইবোৰ সোনকালে পকি ফুটি যায় ।
(১০) বটবৃক্ষৰ গাখীৰ ২-২ টোপালকৈ চকুত লগালে চকুৰ জাল কাটে ।
(১১) জুইয়ে পোৰা স্থানত বটবৃক্ষৰ কোমল পাতবোৰ পিহি দৈৰ সৈতে লগালে আৰাম পোৱা যায় ।
(১২) বটবৃক্ষৰ গাখীৰ নাভিত লগালে ডায়েৰিয়া ৰোগ নাশ হয় ।

2.96428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top