অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বতৰৰ ঔষধ ফল

ক’লা জামু

ক’লা জামু ফলবিধ জহকালি বা গৰম দিনত লগা ফল। জামুৰ বাকলি নথকা বাবে খাবলৈকো বেছ সুবিধাজনক। পিচে জানেনে—ক’লা জামু ফলবিধ আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী ?

(ক) বহুমূত্ৰ ৰোগীৰ বাবে উপকাৰী: ডায়েবেটিছ বা বহুমূত্ৰ ৰোগৰ চিকিৎসাত তাহানি দিনৰ পৰাই ক'লা জামুফলবিধক ব্যৱহাৰ কৰি অহা হৈছে। ক'লাজামুৰ গ্লিচামিক ইনডেক্স কম হোৱা কাৰণে ই বহুমূত্ৰ ৰোগীৰ কাৰণে উপকাৰী বুলি প্রমাণিত হৈছে। ‘কমপ্লিমেন্ট আৰু মেড’  নামৰ আলোচনীত গৱেষণাত এক প্রবন্ধত উল্লেখ কৰা হৈছে যে, ক’লা জামুত বহুমুত্র ৰোগৰ বাবে প্ৰতিৰোধক গুণ আছে। তদুপৰি আন এটা প্রবন্ধত লিখা হৈছেযে, কলাজামুৰ গুটিয়ে তেজৰ চেনিৰ পৰিমাণৰ মাত্রা ৩০ শতাংশলৈকে কমাব পাৰে। ক’লা জামু খালে বহুমূত্র ৰোগবিধ হোৱাৰ আশংকা বহুত পৰিমাণে কমায়।

(খ) আন ৰোগকে প্রতিৰোধ কৰে: কলাজামুত প্রচুৰ পৰিমাণে কেলচিয়াম, আয়ৰন, পটাছিয়াম আৰু ভিটামিন ডি থাকে। এই পুষ্টিকাৰক দ্রব্যবোৰে আন ৰোগক যে, প্রতিৰোধ কৰেই, লগতে দেহৰ হাড়বোৰকো শক্তিশালী কৰি তোলে।

(গ) হৃদৰোগৰ আশংকা কমায়: ক’লা জামুত এল্‌জিক এচিড বা এলাজিটেন্সি, এন্থোচায়নিন আৰু এন্থোচায়নিডিন্স নামৰ উপাদানবোৰ থাকে। এই উপাদানবোৰে শৰীৰৰ প্ৰদাহ বা জ্বলা-পোৰা কৰা ক্রিয়াবোৰক প্রতিৰোধ কৰে। তদুপৰি এই উপাদানবোৰ হৈছে শক্তিশালী এন্টি-অক্সিডেন্ট, যি বেয়া কলেষ্টেৰলৰ বৃদ্ধিক ৰোধ কৰে আৰু হৃদৰোগ সৃষ্টি কৰা তেজৰ মখা বন্ধা গঠনত বাধা দিয়ে। এইবোৰৰ উপৰিও কলাজামুত থকা প্রচুৰ পটাচিয়ামে উচ্চ ৰক্তচাপকে প্রতিৰোধ কৰে। জনা গৈছে যে, ১০০ গ্রাম ক’লা জামুত ৫৫ গ্রাম পটাচিয়াম থাকে।

(ঘ) বীজাণু সংক্রমণক বোধ কৰে: বীজাণু তথা বেক্টেৰিয়া ইলফেকচন বা সংক্রমণ হ’লে অতীতৰ পৰাই ক'লা জামুৰ গছৰ বাকলি, পাত আৰু গুটিক চিকিৎসাৰ বাবে ব্যৱহৃত হৈ আহিছে। জামু গছত মেলিক এচিড, গালিক এচিড, অক্সালিক এচিড আৰু টেনিন নামৰ উপাদানবোৰ থাকে। এইবোৰ কাৰণতে জামু গছৰ বাকলি, পাত, ফল আৰু গুটিবোৰে মেলেৰিয়া ৰোগৰ প্ৰতিষেধক, বেক্টেৰিয়া বিৰোধক আৰু গেষ্ট্ৰোপ্ৰটেক্টিভ্‌ হিচাপে কাম কৰিব পাৰে।

(ঙ) হজম প্রক্রিয়াৰ সহায়ক: ডায়েৰিয়া বা পেটৰ অসুখ, পেটৰ ভিতৰত হোৱা ঘা নিৰাময় কৰিবলৈ আয়ুৰ্বেদিক চিকিৎসাত ক'লা জামু গছৰ পাত ব্যৱহাৰ কৰা হয়। ক'লা জামু খালে মুখৰ দুৰ্গন্ধ আঁতৰে, দাঁত আৰু আলুক মজবুত কৰাৰ উপৰিও দাঁতৰ আলুৰ ক্ষয় ৰোধ হয়।

(চ) কেন্সাৰ ৰোগৰো প্রতিৰোধক: বিজ্ঞানী জাগেতিয়া জিচি আৰু কলিগচ্-য়ে কৰা এক গৱেষণাৰ পিচত জনা গৈছে যে, কলা জামু ফলবিধত ৰেডিঅ' ৰশ্মিৰ প্ৰতিৰোধক উপাদান থাকে। গবেষণাপত্ৰত উল্লেখ কৰা হৈছে যে, ক’লা জামুৰ ৰসে কেন্সাৰ সৃষ্টিকাৰী কোষবোৰৰ বৃদ্ধি ৰোধ কৰিব পাৰে।

(ছ) শাৰীৰিক আৰু মানসিক স্বাস্থাৰ বাবে উপকাৰী: ক’লা জামু ফলবিধে পেশীবোৰক সবল কৰি ৰাখে, যাৰ ফলত আমাৰ দেহৰ ছালবোৰ যৌৱনদীপ্ত হৈ পৰে। আনহাতে ক’লা জামুৱে মগজুটোক সচেতন কৰি ৰাখে আৰু স্মৃতিশক্তিকো বঢ়াই তোলে। ক’লা জামুত প্রচুৰ পানী আৰু আঁহ (ফাইবাৰ) থকাৰ কাৰণেই ছালখনক স্বাস্থ্যৱান কৰি তোলে। জনা গৈছে যে, ক'লা জামু ফলবিধে ‘ডিটক্সিফায়াৰ’ হিচাপেও কাম কৰিব পাৰে।

উপকাৰী লিচু ফল

জানেনে যে, প্রতি ১০০ গ্রাম লিচুত ৭৯ কিলো কেলৰি থাকে?

(ক) কেন্সাৰ প্রতিৰোধক: লিচু ফলৰ আটাইতকৈ গুৰুত্বপূর্ণ গুণটো হৈছে যে, ই কেন্সাৰ প্ৰতিৰোধক ফল। গৱেষণাৰ ফলত জনা গৈছে—লিচুত শক্তিশালী এন্টি-অক্সিডেন্ট আৰু কেন্সাৰ প্ৰতিৰোধী গুণ আছে। বিশেষকৈ স্তন কেন্সাৰ ৰোগৰ ক্ষেত্রত লিচুৰ কেন্সাৰ প্রতিৰোধক গুণ পৰিলক্ষিত হৈছে।

(খ) হৃৎপিণ্ডৰবাবে উপকাৰী: লিচুত থকা এণ্টি-অক্সিডেণ্ট উপাদানবিধ আমাৰ হৃৎপিণ্ড বা কলিজাৰ বাবে বেছ উপকাৰী। লিচুত থকা অলিগোনল নামৰ উপাদানবিধে নাইট্রিক অক্সাইডৰ উৎপাদন বৃদ্ধি কৰে। আনহাতে নাইট্ৰিক অক্সাইড তেজৰ সিৰাবোৰ বহল কৰি তোলাৰ ফলত দেহৰ ভিতৰত তেজৰ চলাচল সঠিক হোৱাত সহায় কৰে। তেজৰ সিৰাবোৰ বহল হৈ পৰাৰ কাৰণে দেহৰ ভিতৰত তেজ পাম্প কৰোতে হৃৎপিণ্ড বা কলিজাটোৰ ওপৰত বেছি হেঁচা নপৰে বাবে অধিক শক্তিৰ প্রয়োজন নহয়।

(গ) হজম প্রক্রিয়াৰ সহায়ক: লিচু ফলত প্ৰচুৰ পৰিমাণে পানী আৰু আঁহ থকাৰ কাৰণে ফলবিধে হজম প্রক্রিয়াত সহায় কৰে, পৰিপাক নলী বা অন্ত্রক সুস্থ কৰি ৰাখে, কোষ্ঠকাঠিন্যক ৰোধ কৰে।

(ঘ) চকুত ছানি পৰাৰ বাবে প্রতিৰোধক: লিচু ফলত থকা পাইট’নিউট্টিমেণ্ট নামৰ উপাদানবিধে এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-নিউপ্লাজমিক গুণবোৰক সৃষ্টি কৰিব পাৰে; ফলত কোষৰ অস্বাভাৱিক বৃদ্ধিক প্রতিৰোধ কৰে, যাৰ ফলত চকুত ছানি পৰাটো বন্ধ হয়।

(ঙ) ওজন কমায়: লিচু ফলতো প্ৰচুৰ পানী আৰু ফাইবাৰ বা আঁহজাতীয় পদার্থ থাকে। তদুপৰি লিচুত চর্বিও খুব কম থাকে। সেয়ে ওজন কমোৱাত সহায় কৰে।

আম

আম ফলবিধক ভাল নোপোৱা লোক নিশ্চয় ক’তো নাই। আমক জাতীয় ফল বুলিও কোৱা হয়। কেঁচা আম ৰন্ধন কাৰ্যতো ব্যৱহাৰ কৰা হয়। পকা আমৰ জনপ্রিয়তাৰ যে তুলনাই নাই। ১০০ গ্রাম পক্ষা আমত ১০০০-১৫০০ মিলিগ্রাম পৰিমাণৰ আই ইউ ভিটামিন 'এ' থাকে। ভিটামিন’এ ৰ অভাৱ হ'লে মানুহে অন্ধত্বৰ দৰে চকুৰ ৰোগত আক্রান্ত হয়,  চুলি সৰে, ছাল শুকান হয়, হজমৰ দৰে সমস্যাবোৰৰ সন্মুখীন হ'ব লাগে। ভিটামিন-এৰে সমৃদ্ধ পকা আমত ভিটামিন বি আৰু চি, খনিজ লোণ, কেলচিয়াম আৰু প্রচুৰ কেলৰি থাকে। এইবোৰৰ উপৰিও - আমৰ আন গুণাগুণবোৰৰ বিষয়েও জানি লওঁ আহকচোন-

  • আমত থকা এন্টি-অক্সিডেন্ট কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে। স্তন কেন্সাৰ, লিউকোমিয়া, ক’ল’ন আৰু প্ৰষ্টেট কেন্সাৰক আমে প্রতিৰোধ কৰাত সহায় কৰে। আমত প্রচুৰ পৰিমাণে এনজাইম বা হজমী শক্তি নিহিত হৈ আছে।
  • বহুতৰ মতে আম খালে ওজন বাঢ়ে। পিচে ওজন বঢ়াবলৈ হ’লে আমি বহুত বেছি পৰিমাণৰ আম খাব লাগিল। আনহাতে ওজন বাঢ়িলেও আম খালে কলেষ্টেৰল কমি যায়। আমত থকা উচ্চ পৰিমাণৰ ভিটামিন 'চি', আঁহজাতীয় পদার্থবোৰে চিৰাম কলেষ্টেৰল কমাই দিয়ে। বেয়া কলেষ্টেৰলৰ মাত্রা কমায়।
  • আম আমাৰ ছালৰ বাবেও অতি উপকাৰী। একাপ আমত থকা ভিটামিন 'এ'ৰে আমাৰ শৰীৰৰ বাবে প্রয়োজন হোৱা ভিটামিন’এ ৰ চাহিদাৰ শতকৰা ২৫ ভাগ কমাব পৰা যায়। আমত থকা ভিটামিন ‘এ’ চকুৰ বাবে বৰ উপকাৰী আৰু ই কুকুৰীকণা ৰোগ হোৱাৰ পৰা ৰক্ষা কৰে।
  • শৰীৰটোৰ প্রয়োজনীয় আলকাইল বা খাৰখিনিক আমত থকা টার্টাৰিক এচিড, মেলিক এচিড আৰু চাইট্রিক এচিডে সহায় কৰে।

তৰমুজ

গৰমৰ দিনত তৰমুজ বহুল পৰিমাণে বজাৰত পোৱা যায়। আহকচোন চাওঁ, তৰমুজ ফলতনো কি কি উপকাৰী উপাদান আছে?

  • তৰমুজত প্ৰচুৰ পৰিমাণৰ ‘এ’ আৰ বিটা কেৰটিন আছে। বিটা কেৰ'টিনে চকু ভালে ৰাখে। আমি যদি দৈনিক ২ কাপ তৰমুজ খাওঁ, তেন্তে শৰীৰৰ প্রয়োজনীয় ভিটামিন’ এ ৰ চাহিদা পূৰণ হয়। তদুপৰি দৈনিক ২ কাপ তৰমুজ খালে শৰীৰৰ ৩০ মিলিগ্রাম ভিটামিন-চিৰ চাহিদাও পূৰণ হ’ব পাৰে।
  • তৰমুজত থকা পটাচিয়ামে উচ্চ ৰক্তচাপক নিয়ন্ত্রিত কৰে। কিডনী বা বৃক্কত পাথৰ হোৱাৰো আশংকা কমায়। পটাচিয়ামে শৰীৰৰ পানী আৰু খনিজ পদার্থবোৰৰ মাজত ভাৰসাম্য বজাই ৰাখে। ২ কাপ তৰমুজত ৩৫০মিলিগ্রাম পটাচিয়াম পাব পাৰি।
  • তৰমুজত কম পৰিমাণত হ’লেও ছডিয়াম থাকে। তদুপৰি তৰমুজত আছে থায়ামিন আৰু মেগনেছিয়াম। এটি-অক্সিডেন্ট সমৃদ্ধ তৰমুজে শৰীৰক সতেজ কৰি ৰাখে। তৰমুজে ৰৎষাডিকেলছ উপাদানবিধক প্রশমিত কৰে। এইবিধ উপাদানে তেজৰ সিৰৰ ভিতৰত কলেষ্টেৰলৰ তৰপ তৈয়াৰ কৰি হাৰ্ট এটেক বা হৎপিণ্ডৰ ক্রিয়া-কলাপ বন্ধ কৰাৰ আশংকা বঢ়ায় আৰু এজমা বৃদ্ধি কৰে। হাড়ৰ জোৰাবোৰত বিষৰ সৃষ্টি কৰে৷ এজমা ডায়বেটিক্সৰ বা বহুমুত্র ৰোগৰ বিষ, জ্বলা-পোৰা আদিক তৰমুজে উপশম কৰে। তদুপৰি কোষ্ঠকাঠিন্য দূৰ কৰা, হজম প্রক্রিয়া সুচল কৰা, বৃক্কৰ ক্রিয়া-কলাপ সঠিকভাৱে চলাই ৰখাৰ ক্ষেত্ৰত তৰমুজে সহায় কৰে।

কঠাল

কঠাল আমাৰ দেশত সহজে উপলব্ধ হ'লেও কঁঠালৰ গুণাগুণ সম্পর্কে বহুতৰে ধাৰণা নাই। পকা কঁঠালৰ তুলনাত কেঁচা কঠালত থকা ফাইবাৰ বা আঁহ জাতীয় উপাদানৰ পৰিমাণ বহুত বেছি। সেয়ে বহুমূত্র ৰোগীৰ কাৰণে কেঁচা কঠালহে উপকাৰী। তেজত চেনিৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাৰ ক্ষেত্ৰত কেঁচা কঁঠাল এটি অতুলনীয় ফল। আনহাতে ১০০ গ্ৰাম পকা কঠালত থাকে প্রায় ৯০ কিলো’ কেলৰি আৰু ০.৯ মিলিগ্রাম খনিজ লোণ। প্রতি ১০০ গ্রাম পকা কঠালত থাকে আঁহজাতীয় দ্রব্য ২ গ্রাম, প্রটিন ১ গ্রাম, শর্কৰা ২৪ গ্রাম, চৰ্বি ০.৩ মিলিগ্রাম, কেলচিয়াম ৩৪ মিলিগ্রাম, মেগনেচিয়াম ৩৭ মিলিগ্রাম, পটাচিয়াম ৩০৩ মিলিগ্রাম, মেংগানিজ ০.১৯৭ মিলিগ্রাম, লো ০.৬ মিলিগ্রাম, ভিটামিন-এ ২৯৭ মিলিগ্রাম, আই ইউ ভিটামিন চি ৬.৭ মিলিগ্রাম, থায়ামিন (ভিটামিন বি-১) ০.০৩ মিলিগ্রাম, ৰিবফেবিন (ভিটামিন বি-২) ০.১১ মিলিগ্রাম, নায়াচিন (ভিটামিন বি-৩) ০.৪ মিলিগ্রাম আৰু ভিটামিন বি-৬ ১০৮মিলিগ্রাম।

কঁঠালত থকা থায়ামিন ৰিব’ফেবি, কেলচিয়াম, পটাচিয়াম, আয়ৰন, ছডিয়াম, জিংক আৰু নায়াচিনৰ দৰে পুষ্টিবোৰ শৰীৰৰ বাবে বৰ প্রয়োজনীয়। তদুপৰি কঠালত আছে প্ৰচুৰ পৰিমাপৰ প্ৰটিন, শর্কৰা আৰু  বিভিন্ন ভিটামিন, যিবোৰে আমাৰ শৰীৰৰ উপকাৰ কৰে। ১০০ গ্রাম কঁঠালত থকা ৩০৩ মিলিগ্রাম পৰিমাণৰ পটাচিয়ামে উচ্চৰক্তচাপ কমই ৰখাত সহায় কৰে। কঁঠালে আমাৰ পানীলগা জ্বৰ কাহৰ পৰা ৰক্ষা কৰাৰ উপৰি মানসিক চাপ আৰু নাৰ্ভাছনেছ বা বিব্রত অৱস্থাক উপশম কৰে।

উপযুক্ত ফলবোৰৰ উপৰি জহকালি বা গৰমৰ দিনত হোৱা বেল, তিয়ঁহ, নেমু আদিও অতি উৎকৃষ্ট ফল।

গৰমৰ দিনত বেলত চৰবত এবিধ সুস্বাদু পানীয়। বেলত প্রচুৰ পৰিমাণে শর্কৰা, প্ৰ’টিন, ভিটামিন আৰু খনিজ লো থাকে। কোষ্ঠকাঠিন্য দূৰ কৰাৰ ক্ষেত্ৰত বেলৰ তুলনা নাই গৰমৰ দিনত শৰীৰৰ হ্রাস হোৱা পানীৰ পৰিমাণ তিয়হে দুৰ কৰিব পাৰে।

তিয়হত আছে ৰুটিন, গ্লুকোর্টাইড আৰু ভলাটাইল জাতীয় উপাদানবোৰ। এই উপাদানবোৰে দেহৰ জ্বলা-পোৰা, প্রস্ৰাৱৰ কিছুমান সমস্যা দূৰ কৰাৰ উপৰি ছালৰো বিভিন্ন সমস্যাৰ উপশম কৰি ছালখনক স্বাস্থ্যৱান কৰি ৰাখে। গৰমৰ দিনত এগিলাচ তিয়হৰ ৰসে দেহ জুৰ পেলাব পাৰে।

গৰমৰ দিনত হোৱা নেমু এবিধ অতি উৎকৃষ্ট ফল। মূৰ বিষালে নেমু ৰস দিয়া একাপ চাহ খাই চাওক, ভাল পাব। পেট ফুলা, পেটৰ সমস্যা, পানী লগা জ্বৰ, কাহত নেমু অতি উপকাৰী। নেমুৱে মুখৰ ভিতৰৰ ঘাৰো উপশম কৰে। নেমুত ভিটামিন-চি, লিমোনিন, টাৰপিনকে ধৰি বহুত উপকাৰী উপাদান আছে।

বাঙী ফলবিধক সাধাৰণ ফল যেন লাগিলেও বাঙীত আছে প্রচুৰ পৰিমাণে ভিটামিন বি আৰু চি। জ্বৰ আদিত দেহৰ তাপমাত্রা কমোৱাৰ ক্ষেত্ৰত বাঙীৰ ৰস খুবেই উপকাৰী। বাঙীয়ে পেটৰ সমস্যা দূৰ কৰে, বমি হোৱা বন্ধ কৰে, হজম প্রক্রিয়াত সহায় কৰে, শৰীৰত পানীৰ পৰিমাণ সঠিকভাৱে ৰাখে, প্রস্ৰাৱৰ সমস্যা, ছালৰ সমস্যা কিছুমান দূৰ কৰাৰ ক্ষেত্ৰত বাঙী এবিধ কার্যক্ষম ফল।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 6/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate