অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বথুৱা শাক :

বথুৱা শাক :

 

ইংৰাজী-Fat hen, Lambsquarters,

বৈজ্ঞানিক নাম-Chenopodium album.

ইয়াক বাংলাত-বেটো শাক বোলে৷

অসমত ঠাই বিশেষে ইয়াক বেলেগ বেলেগ নামেৰেও জনা যায় যদিও অসমীয়া সমাজৰ ই এক পৰিচিত উদ্ভিদ৷

শাক হিচাবে খাই নোপোৱা ব্যক্তি হয়তো নোলাব৷ হিন্দী বলয়ত বথুৱা শাকৰ সমাদৰ বেছি৷ ইয়াৰে বনোৱা পৰঠা আৰু ৰাইতা বৰ সোৱাদৰ হয়৷

সেউজীয়া আৰু ৰঙা দুবিধ বথুৱা পোৱা যায়৷ ইয়াৰ গছ ৫/৬ ফুট উখ হয়৷
ইয়াৰ ঔষধী গুণৰ বিষয়ে বহু লোকেই নাজানে৷ শীতকালি ইয়াৰ সেৱনে বহুতো ৰোগৰ পৰা সুৰক্ষা দিয়ে৷ বথুৱাত পৰ্যাপ্ত আইৰণ থাকে৷ বথুৱাই পাচন শক্তি বৃদ্ধি কৰাৰ লগতে বহুতো ৰোগ আৰোগ্য কৰে৷বথুৱাৰ পাতত পটাছ আৰু অলবিউমিনাইড পোৱা যায়৷

ই ত্ৰিদোষ(বাত, পিত্ত, কফ) শান্ত কৰে৷ আয়ুৰ্বেদ বিদ্যান সকলে বথুৱাক ক্ষুধা বৃদ্ধি কাৰক, পিত্ত শামক, মলমূত্ৰ পৰিস্কাৰক আৰু শুদ্ধিকাৰক বুলি কৈছে৷ ই চকুৰ বাবে উপকাৰী৷ পেটৰ পৰজীৱি নাশক৷পাচন শক্তি আৰু ৰুচি বৃদ্ধি কৰে৷ কোষ্ঠকাঠিন্য দূৰ কৰে আৰু স্বৰ মধুৰ কৰে৷

সেউজীয়াতকৈ ৰঙা বথুৱা অধিক উপকাৰী৷বথুৱাই শাৰিৰীক বল বৃদ্ধি আৰু মানসিক স্বাস্থ্য উন্নত কৰে৷ৰঙা বথুৱা খালে টোপ টোপকৈ নিৰ্গত হোৱা কষ্টদায়ক পেচাব খোলোচা কৰে৷ যক্ষ্মাজনিত কাঁহত বাদাম তেলত ৰঙা বথুৱা ভাজি খালে উপশম হয়৷

ইয়াৰ পাত সিজোৱা পানী মিচিৰি মিহলাই খালে কোষ্ঠকাঠিন্য ভাল হয়৷ ৰঙা বথুৱাই হৃদবল বৃদ্ধি কৰে৷ৰক্ত পৰিস্কাৰ কৰি ফোঁহা বা ছালৰ ৰোগ আদি নোহোৱা কৰে৷ লিভাৰৰ বিকৃতি দূৰ কৰে৷ শৰীৰৰ শিথিলতা দূৰ কৰে৷বথুৱাৰ বীজ পিহি লেপ লগালে মুখৰ ছাল পৰিস্কাৰ দাগহীন আৰু মসৃণ কৰে৷

Spleen ৰ ৰোগ আৰু পিত্তৰ প্ৰকোপত ইয়াৰ শাক খাব লাগে৷ ইয়াৰ শাকে কেচুমূৰীয়া, অৰুচি,অজীৰ্ণ,আভোক,লিভাৰৰ ৰোগ, জণ্ডিচ, ধাতু দুৰ্বলতা আদি নিৰাময় কৰে৷ বথুৱাৰ বীজত প্ৰচুৰ এমিন' এচিড থাকে৷ এই বীজ ভাতৰ দৰে সিজাই খাব পাৰি৷ চিমলাত এই বীজৰ পৰা চুৰা, ঘান্টি আদি নিচাযুক্ত পানীয় (মদিৰা) প্ৰস্তুত কৰে৷

১)কোষ্ঠ কাঠিন্যঃ বথুৱাত যথেষ্ট প্ৰাকৃতিক ফাইবাৰ আৰু জুলাপ গুণ থকাৰ বাবে ই কোষ্ঠ কাঠিন্য নিৰাময় কৰে৷

২)ভিটামিন Aঃ বথুৱা ভিটামিন A সমৃদ্ধ ৷ ইয়াত পোৱা ভিটামিন A গাজৰত পোৱাৰ সমান৷ ভিটামিন A ৰ বাবে ই দৃষ্টিশক্তি বঢ়ায় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ কিডনী আৰু হাৰ্টক সুৰক্ষা দিয়ে৷ কুকুৰিকনা দূৰ কৰে৷ ভিটামিন A ই শাৰিৰীক বৃদ্ধি, হাড়ৰ ক্ষমতা বৃদ্ধি, প্ৰজনন স্বাস্থ্য উন্নত আৰু ক্ষত নিৰিময়ত সহায় কৰে৷

৩)ৰক্তপৰিস্কাৰকঃ বথুৱা পাতৰ পৰিস্কাৰক (Cleansing proprties) গুণে ৰক্ত শোধণ কৰে৷ বথুৱা পাতৰ লগত ৪/৫ খিলা নীমপাত মিলাই উলিওৱা ৰস খালে তেজ পৰিস্কাৰ কৰে৷

৪)খনিজঃ বথুৱাত কেলচিয়াম, মেগনেচিয়াম, পটাচিয়াম, ফচফৰাচ আৰু জিঙ্ক প্ৰচুৰ পৰিমানে পোৱা যায়৷ ১০০ গ্ৰাম কেঁচা বথুৱা পাতত আইৰণ-১.২০mg, কেলচিয়াম-৩০৯ mg, মেগনেচিয়াম-৩৪ mg, ফচফৰাচ-৭২ mg, পটাচিয়াম-৪৫২ mg, চডিয়াম-৪৩ mg, জিঙ্ক-০.৪৪ mg, কপাৰ-০.২৯৩ mg, মেঙ্গানীজ-০.৭৮২ mg, চেলেনিয়াম-০.৯ ug পোৱা যায়৷

৫)ভিটামিন C: বথুৱাত যথেষ্ট পৰিমানে ভিটামিন C পোৱা যায়৷ শৰীৰত ভিটামিন C ৰ অভাৱ হলে স্কাৰ্ভী ৰোগ হব পাৰে৷ স্কাৰ্ভীৰ চিকিৎসাত বথুৱা উপকাৰী৷

ক)শাৰিৰীক বৃদ্ধি আৰু পুনৰ্গঠনৰ সহায়ক৷

খ) Antioxidant.

গ) মগজুৰ বাবে উপকাৰী৷

ঘ) Collagen নিৰ্মাণ কৰে৷ বথুৱাৰ পৰ্যাপ্ত আইৰণে হিমগ্লবিন লেভেল বৃদ্ধি কৰে৷

৬) এমিন' এচিডঃ বথুৱাৰ পৰ্যাপ্ত এমিন' এচিডেৰে শৰীৰে প্ৰটিন নিৰ্মাণ কৰি খাদ্য শোষণ, শাৰিৰীক বৃদ্ধি, টিচু মেৰামতি আদি কাৰ্য সম্পাদন কৰাৰ উপৰিও বহুতো প্ৰয়োজনীয় কাৰ্যকলাপ সম্পাদন কৰাত সহায়ক হয়৷

বথুৱাত ৮ বিধ অতি প্ৰয়োজনীয় এমিন' এচিড পোৱা যায়৷ যেনে- ট্ৰাইপ্ট'ফেন, ফেনিলেলানাইন, মেথ'নাইন, থেয়'নাইন, থ্ৰেয়'নাইন, লেওচাইন আৰু ভেলাইন৷

৭) হাৰ্ট টনিকঃ হৃদস্বাস্থ্যৰ বাবে বথুৱা এক উৎকৃষ্ট টনিক৷

৮) কৃমিঃ আন্ত্ৰীক পৰজীৱিৰ বাবে বথুৱা পাতৰ ৰস উত্তম ঔষধী৷ কিছুদিন ইয়াৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে লৰাছোৱালীৰ কৃমি বাহিৰ হৈ যায়৷

কৃমিৰ বাবে-১০/১৫ ml পাতৰ ৰসত এচিকুট সৈন্ধৱ লবন মিহলাই আহাৰৰ পিছতেই দিনে ৩ বাৰ খাব৷ (চিকিৎসকৰ পৰামৰ্শ লৈ)

৯) পাচন তন্ত্ৰঃ বথুৱা Liver/gallblader/spleen ৰ বাবে উপকাৰী৷ পাচন তন্ত্ৰ সুস্থ ৰাখিবলৈ নিতৌ ১০ml কৈ বথুৱা পাতৰ ৰস খাব লাগে৷

১০) কিডনীস্টোনঃ বথুৱা বৃক্ক পাথৰৰ ৰোগীৰ বাবে উপকাৰী৷ ই বৃক্কত কালকুলি বা স্টোন হোৱাত বাধা দিয়ে৷

কুমলীয়া পাত আৰু কুমলীয়া গা-গছ খুন্দি ৰস উলিয়াই ১০/১৫ ml দৈনিক খাব৷ (চিকিৎসকৰ পৰামৰ্শ লৈ)।

১১) দন্ত স্বাস্থ্যঃ বথুৱাৰ কেঁচাপাত চোবালে দাঁতৰ সমস্যা দূৰ কৰে৷ মুখৰ সাধাৰণ ঘাঁ, পাইৰিয়া, দুৰ্গন্ধ আদি বহু সমস্যা বথুৱাই নিৰাময় কৰে৷

১২) কেঁচুমূৰীয়াঃ আগতেই উল্লেখ কৰিছো যে বথুৱাই কোষ্ঠকাঠিন্য দূৰ কৰে৷ এই গুণৰ বাবেই বথুৱা কেঁচুমূৰীয়া ৰোগীৰ বাবে উপকাৰী৷ পুৱা গধুলী বথুৱা পাতৰ ৰস খালে এইৰোগ দূৰ হয়৷

সাৱধানতা-
ক) গৰ্ভাৱস্থাত বথুৱা নাখাব৷

খ) অধিক পৰিমানে বথুৱা খালে ডাইৰীয়া হব পাৰে৷

গ) অতিৰিক্ত সেৱনে গেস্ট্ৰিকৰ বিষ আৰু স্নায়ু তন্ত্ৰৰ সমস্যা শৃষ্টি কৰিব পাৰে৷

লেখক: যোগশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate