মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / বন দৰবেৰে নিৰাময় কৰক স্মৃতিশক্তি হ্ৰাস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বন দৰবেৰে নিৰাময় কৰক স্মৃতিশক্তি হ্ৰাস

বন দৰবেৰে নিৰাময় কৰক স্মৃতিশক্তি হ্ৰাস

মগজুৰ স্নায়ুবিলাক দুৰ্বল হ’লে শৰীৰত প্ৰয়োজনীয় ফছফৰাছ বা খাদ্যপ্ৰাণৰ অভাৱৰ কাৰণে স্মৃতিশক্তি হ্ৰাস হয়, বৃদ্ধ বয়সত স্বাভাৱিকতে স্মৃতিশক্তি কমে।

দৰব

  • ব্ৰাক্ষ্মী শাক, মানিমুনি, পচতীয়াৰ পাত, চেঙেৰীটেঙা বা বকফুল ঘিউৰে ভাজি ভাতৰ লগত খালে স্মৃতিশক্তি বৃদ্ধি হয়।
  • শতমূলৰ শিপাৰ ৰস ৪/৮ চামুচ এঁৱা গাখীৰৰ লগত দিনে দুবাৰকৈ খালে স্মৃতিশক্তি বৃদ্ধি হয়।
  • বাদাম ৮/১০ টা বটি, মিচিৰি, মৌ বা চেনি মিহলাই দিনে দুবাৰকৈ গৰম গাখীৰৰ লগত খালে স্মৃতিশক্তি বৃদ্ধি হয়।
  • গাজৰৰ ৰস ৪/৮ চামুচ এঁৱা গাখীৰৰ লগত মিহলাই দিনে দুবাৰকৈ খালে স্মৃতিশক্তি বাঢ়ে।
  • ব্ৰাক্ষ্মী শাকৰ ৰস ৪/৬ চামুচ আধা কাপ গাখীৰৰ লগত দিনে দুবাৰকৈ খালে স্মৃতিশক্তি বৰ্ধন হয়। চফগুটি এক চামুচ, মিচিৰি এক চামুচ একাপ গাখীৰৰ লগত দিনে দুবাৰকৈ খালে স্মৃতিশক্তি বৰ্ধন হয়।
  • ব্ৰাক্ষ্মীশাকৰ শিপাৰ চূৰ্ণ এক চামুচ আৰু শতমূলৰ ৰস দুই চামুচৰ লগত মৌ এক চামুচ মিহলাই দিনে দুবাৰকৈ খালে স্মৃতিশক্তি বঢ়াৰ লগতে শাৰিৰীক দুৰ্বলতা নাশ হয়। বাৰ্ধ্যকজনিত কাৰণত মনত ৰখা শক্তি কমি গ’লে সুষণি শাকৰ ৰস ২/৩ চামুচত ঘিউ মিহলাই গৰম কৰি দিনে দুবাৰকৈ খালে স্মৃতিশক্তি বৃদ্ধি হয়।
  • শংখপুষ্পীৰ শিপা বা পাতৰ ক্কাথ তৈয়াৰ কৰি ২/৩ চামুচ দিনে দুবাৰকৈ গাখীৰৰ লগত খালে, মেধাশক্তি বাঢ়ে। অপৰাজিতাৰ শিপা বা পাতৰ ক্কাথ তৈয়াৰ কৰি ২/৩ চামুচ দিনে দুবাৰকৈ খালে মেধাশক্তি বাঢ়ে। কপৌ ফুলৰ ক্কাথ বা ৰস ৩ চামুচকৈ দিনে দুবাৰকৈ খালে স্নায়ৱিক দুৰ্বলতা নাশ হয়।
  • ৰঙালাউ বা কোমোৰাৰ পূৰঠ গুটিৰ বাকলি গুচাই গুড়ি কৰি দুই চামুচৰ লগত এক চামুচ মৌ মিহলাই দিনে দুবাৰকৈ খালে স্নায়ৱিক দুৰ্বলতা নাশ হয়।
  • নিয়মিত ত্ৰিফলা চূৰ্ণৰ লগত সৈন্ধৱ লোণ মিহলাই ভাত খোৱাৰ পিচত খালে মস্তিস্ক উৰ্বৰ হয়। নিয়মিত আপেল এটাকৈ বা আমলখি ৩/৪ টাকৈ খালে স্মৃতিশক্তি বৃদ্ধি হয়। কিছুদিন নিয়মীয়াকৈ ব্ৰাক্ষ্মী শাক ঘিউৰে ভাজি ভাতৰ লগত খালেও স্মৃতিশক্তি বাঢ়ে।

উৎস: সম্ভাৰ।

2.9756097561
ৰাজু দাস Mar 29, 2016 12:47 PM

আজিৰ তাৰিখত কেৱল বয়স্ক লোকৰে নহয় ডেকা সকলৰো স্মৃতি শক্তি খুব সোনকালে হ্ৰাস পোৱা দেখা যায়। সেয়ে আমি বহুতে চিন্তাতাত ভুগি তাৰ কাৰণে আমি ডাক্তৰক দেখুৱাবলৈও বাধ্য হওঁ। ওপাৰৰ পাঠটি পঢ়ি ঘৰতে কি দৰে আমি ব্যৱস্থা লʼব পাৰো সেই বিষয়ে জানিলো।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top