অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনশাক মছন্দৰী গ্ৰহণীৰোগৰ মহৌষধি

বনশাক মছন্দৰী গ্ৰহণীৰোগৰ মহৌষধি

গ্ৰহণীৰোগৰ এবিধ মহা ঔষধি ‘মছন্দৰী’ বন শাক অসমৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। বাৰী-বস্তি আৰু ঘৰৰ আশে-পাশে চেঁচুকীয়া জীপাল ঠাইত যথাসময়ত ই আপোনা-আপুনি লহ-পহীয়াকৈ গজি উঠে।

ই গ্ৰহণী, তেজ গ্ৰহণী বা ৰক্তাতিসাৰ, পেটৰ কামোৰণি আদিকে ধৰি পেটৰ বিভিন্ন বেমাৰৰ বাবে এবিধ অতি উপকাৰী উত্তম বনৌষধি।

ইয়াৰ এক বিশেষ উগ্ৰ গোন্ধ আছে, যিটো গোন্ধ বহুতৰে প্ৰিয় নহয়। এই বৰ্ষজীৱী উদ্ভিদবিধৰ পাতৰ বৰণ ডাঠ সেউজীয়া(ওপৰৰ ফালে)।

পাতৰ আকৃতি কিছু পৰিমাণে পাণৰ আকাৰৰ।

ইয়াৰ বৈজ্ঞানিক নাম হৈছে- ‘ৰানুনকুলাচ ৰেণিফ’ৰমিছ(Ranunculus Reniformis) আৰু ই ‘ৰানুনুকুলেচি’(Ranunculaceae) গোত্ৰৰ।

এই শাকবিধ ব্যঞ্জন হিচাপেও ৰান্ধি খাব পাৰি। পাতত দি সিজাই নিমখ তেল জসানি চাটনি হিচাপেও ব্যৱহাৰ কৰিব পাৰি নাইবা অইন শাক-পাচলিৰ লগত মিহলাই ‘চালাড’ হিচাপেও ব্যৱহাৰ কৰিব পাৰি।

কেঁচা অৱস্থাত ই বৰ উপকাৰী। আয়ুৰ্বেদ শাস্ত্ৰৰ বিধান অনুসৰি পৰিমিত ৰূপত নহৰুৰ ৰসৰ সৈতে ইয়াৰ ৰস মিহলাই সেৱন কৰিলে আভোক বা অৰুচি আঁতৰি যায়, পেটৰ বিষ প্ৰশমিত হয়।

জালুক আৰু পিপলিৰ চূৰ্ণৰ লগত সামান্য নিমখ মিহলাই ইয়াৰ ৰস পান কৰিলে শ্বাস কষ্ট দূৰ হয়। ব্ৰংকাইটিছ, নিউমোনিয়া জ্বৰ আদিতো ই ফলপ্ৰসূ আৰু উপশমদায়ক।

ইয়াৰ উগ্ৰ গোন্ধৰ বাবে মানুহে ব্যৱহাৰৰ ক্ষেত্ৰত ইতস্ততঃ নকৰি ঔষধি হিচাপে পৰিমিত ৰূপত নিয়মিতভাৱে গ্ৰহণ কৰিলে গ্ৰহণী-পেটকামোৰণি আদিকে ধৰি বহু ৰোগৰ পৰা সকাহ পাব পাৰি।

পেটৰ বেমাৰী, বিশেষকৈ ‘ক্ৰণিক ডিচেন্ট্ৰী’ত ভোগা ৰোগীৰ বাবে ই সঁচাকৈয়ে প্ৰকৃতিৰ এক অনুপম উপহাৰ স্বৰূপ।

লেখক: ভুৱনেশ্বৰ ডেকা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 11/28/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate