অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনৌষধি

চেংমৰা

অসমীয়া নাম: চেংমৰা

ইংৰাজী নাম: SPINY ARUM

বৈজ্ঞানিক নাম : LASIA SPINOSA

পৰিয়াল : ARACEAE

পৰিচয়

চেংমৰা বাৰীৰ ঢাপ বা পিটনি আদি ঠাইত হোৱা জোপোহা জাতীয় গছ| নদী কাষৰীয়া জেকা ঠাইত সাধাৰণতে বেচিকৈ দেখা পোৱা যায়| পাতৰ ঠাৰি যথেষ্ট দীঘল, ত্ৰিভূজকাৰ, গাত সৰু কাঁইট থকা কচুৰ দৰে এবিধ বনৰীয়া উদ্ভিদ| পাত কেইবা খণ্ডত বিভক্ত, পুষ্প মঞ্জৰী চুটি আৰু গোটা, পুংকেশৰ ৪-৬ ডাল, পুংদণ্ড চুটি|

ঔষধীয় গুণ

  • চেংমৰাৰ কোমল পাতৰ ৰস খালে কেছুমূৰীয়া ৰোগ নাশ হোৱাত সহায়  হয়|
  • চেংমৰাৰ কুমলীয়া পাত আঞ্জা কৰি খালে দৃষ্টিশক্তি বৃদ্ধি, স্নায়ু সৱল হয়|
  • ভেকুৰীৰ সৈতে চেংমৰাৰ কোমল পাত পাতত দি খালে ক্ৰিমি নাশ হয়|
  • দেহত তেজৰ হিম’গ্লবিন তৈয়াৰ কৰাত চেংমৰাৰ কোমল পাতে যথেষ্ট সহায় কৰে|
  • চেংমৰা পাতৰ ৰস নিয়মীয়া কৈ খাই থাকিলে অৰ্শ ৰোগৰ পৰা উপশম পাব পাৰি|
  • পেটৰ ৰোগৰ কাৰণে চেংমৰা পাতৰ আঞ্জা উপকাৰী|
  • শুকলতি

    অসমীয়া নাম: শুকলতি

    ইংৰাজী নাম: PATCHOULI

    বৈজ্ঞানিক নাম : POGOSTEMON BENGHALENSIS

    চমু পৰিচয়

    বহুৰ্বষ জীৱি গোন্ধযুক্ত এবিধ জোপোহা উদ্ভিদ| পাত বহল জবা ফুলৰ গছৰ পাতৰ দৰে, আগত শুং থাকে| শুকলতিৰ প্ৰায় পাত ১৫ ছে:মি: মান দীঘল আৰু ৮ ছে:মি: বহল হয়| ফুল বগা আৰু পাতল গুলপিয়া ৰঙৰ| কাণ্ডৰ পৰা ঠাল ঠেঙুলি ওলাই|

    ঔষধিৰ গুণ

    · শুকলতিৰ পাত আঞ্জা বা পাতত দি খাব পাৰি| পাত পুষ্টিকৰ, ছাল সুন্দৰ, দৃষ্টিশক্তি বৃদ্ধি আৰু স্নায়ু সৱল কৰে|

    · শুকলতিৰ পাতৰ ৰস গ্ৰহনী ৰোগৰ বা পেটৰ যি কোনো ৰোগৰ বাবে বৰ উপকাৰী|

    · কেচা নহৰুৰ সৈতে ইয়াৰ পাতৰ ৰস খালে গাঠিৰ বিষ, হাড় মজবুট, আৰু কোষ্ট কাঠিন্য নোহোৱা কৰে|

    · প্ৰসৱৰ পাচত মাতৃয়ে শুকলতিৰ পাতৰ আঞ্জা বা পাতত দি খালে, দেহত শক্তি আৰু ঘা সোনকালে শুকুৱাই|

    মাটি কাঁন্দুৰী

    অসমীয়া নাম: মাটি কাঁন্দুৰী

    ইংৰাজী নাম: RACABA

    বৈজ্ঞানিক নাম: ALTERNANTHERA SESSILIS

    পৰিয়াল: AMARAN THACEAL

    চমু পৰিচয়

    এই বিধ বনজাতিয় উদ্ভিদ, প্ৰত্যেক মানুহৰ ঘৰৰ বাৰীৰ চুকে কোনে দেখিবলৈ পোৱা যায়| মাটি কাঁন্দুৰী এবিধ মাটিত বগাই যোয়া শাখা-প্ৰশাখাযুক্ত শাক জাতীয় উদ্ভিদ| ফুলবোৰ বগা আৰু মিহি, সাধাৰণতে ফুল বোৰ কান্দৰ পৰা ওলায়| ইয়াৰ পাত প্ৰায় ৬ ছে:মি: দীঘল আৰু ২ ছে:মি: বহল হয়|

    ঔষধি গুণাগুণ

  • মাটি কাঁন্দুৰীৰ পাতৰ ৰস খালে মাতৃ দুগ্ধ আৰু দৃষ্টি শক্তি বৃদ্ধি কৰে|
  • মাটি কাঁন্দুৰী নিয়মীয়াকৈ খালে ৰক্ত কণিকা আৰু মাংসপেশী আটিল কৰে|
  • মাটি কাঁন্দুৰীৰ ৰসত অলপ নেমুৰস মিহলাই নিমখ দি খালে গ্ৰহনী ৰুগ উপসম পায়|
  • মাটি কাঁন্দুৰীৰ আগ ৪/৫ ফুটামান নহৰুৰ লগত পাতত দি পিটিকা কৰি খালে পেটৰ বাবে উপকাৰি|
  • মাটি কাঁন্দুৰী, টেঙেচি, মানিমুনি একেলগ কৰি তাৰ ৰস খালে হৃদৰোগ উপসম হয় |

    পদিনা

    অসমীয়া নাম: পদিনা/পদুনা/পদনা

    ইংৰাজী: MINT/HORSE MINT/MINT MARSH

    বৈজ্ঞানিক নাম: MENTHA ARVENSIS

    পৰিয়াল: LAMIACEAE

    চমু পৰিচয়

    পদিনা এবিধ চাপৰ লতা জাতীয় উদ্ভিদ | ইয়াৰ অসংখ্য শাখা প্ৰশাখা থাকে| ইয়াৰ পাত সৰল অভিমুখি, পাতৰ ঠাৰি নাই| পাতৰ কাষ কৰতৰ দৰে খাজ কটা, ওপৰৰ ভাগ মিহি আৰু তলৰ ভাগ গ্ৰন্হিযুক্ত, ফুল সৰু আৰু বেঙুনীয়া, সাধাৰনতে অলপ জেকা ঠাইত বেছি ভাল কৈ হয়| ই এবিধ সুগন্ধিযুক্ত উদ্ভিদ| পদিনা হিমালয়ৰ পাদদেশত, কাশ্মিৰ উপত্যকাত পদিনাৰ প্ৰচুৰ খেতি হয়| অসমৰ প্ৰায় বিলাক মানুহৰ ঘৰতে পদিনাৰ গছ দেখিবলৈ পোৱা যায়|

    ঔষধিয় গুণ

  • হজমশক্তি হ্ৰাস হলে বা পেটৰ বিষ হ’লে, বদহজম হ’লে, সূতা পেলু আৰু পুৱা বমি বমি ভাৱ হ’লে পদিনাৰ ৰস ১ চামুচ, নেমুৰ ৰস ১ চামুচ আৰু আধা চামুচ মৌজোল মিহলাই দিনে ২ বাৰ কৈ খালে পেটৰ সকলো অসুখৰ পৰাই সুফল লাভ কৰে|
  • এজমা ব্ৰংকাইটিছ আৰু যক্ষ্মা ৰোগত ভোগা মানুহে ১ চামুচ পদিনাৰ ৰস, তাত সমপৰিমানৰ ভিনেগাৰ আৰু মৌজোল মিহলাই ১ চামুচ গাজৰৰ ৰসৰ লগত দিনে তিনি বাৰ কৈ খালে বেমাৰ বহুত উপসম পাব|
  • সজীৱ পদিনাৰ পাত কেইখিলামান নিতৌ চোবাই খালে এন্টিচেপটিকৰ কাম কৰে | পদিনাৰ পাতৰ পেস্ট কৰি দাঁত ঘঁহিলে দন্ত ক্ষ্য়, পায়োৰিয়া আৰু দাঁতৰ যি কোনো সমস্যা দুৰ কাৰিব পাৰি|
  • মানুহৰ প্ৰস্ৰাৱ হালধীয়া হলে পদিনাৰ ৰস খালে প্ৰস্ৰাৱ স্বাভাবিক হ্য়|
  • পদিনাই স্নায়ুবিক দুব্বলতা কমায়| আৰু স্মৰন শক্তি বৃদ্ধি কৰে|
  • পদিনা নিয়ামীয়াকৈ খালে চুলি অকাল পক্কটা প্ৰতিৰোধ হ্য়|

  • পচতীয়া/আজ্ঞাচিত

    অসমীয়া নাম: পচতীয়া / আজ্ঞাচিত

    ইংৰাজী নাম: Indian Pivet

    বৈজ্ঞানিক নাম: VITEX NEGUNDO

    এই বিধ অতি সাধাৰন আৰু লাগতিয়াল ঔষধি গছ| ই এবিধ গোন্ধ যুক্ত প্ৰায় ১০-১২ ফুট ওখ হোৱা দেখা যায়| অসমৰ প্ৰায় মনুহৰ ঘৰতে এই বিধ গছ দেখিবলৈ পোৱা যায় |

    ঔষধি গুনাগুন

  • কেইটা মান কুমলিয়া পাত কুমলিয়া ভীম কলৰ লগত মিহলাই খালে গ্ৰহনি ৰুগ উপশম হ্য়|
  • শুকান পাতৰ গুডি নিতৌ খালে মেদ কমে|
  • পচতীয়া গছৰ শুকান পাতৰ ধোঁৱাই মহ আদি দুৰ কৰে|
  • পচতীয়া পাতৰ ৰস খালে বৈভিন্ন ধৰনৰ গাৰ বিষ উপশম হয়|
  • ২-৩ টা পচতীয়া পাত ঘিউত ভাজি খালে ভোক আৰু স্মিতি শক্তি বাঢে|
  • চুলি সৰিলে বা টকৌয়ে খালে পচতীয়া পাত ৰস নাৰিকল তেলৰ লগত কিছু গৰম কৰি মুৰত সানিলে ভাল হয়|
  • তিতা কেৰেলা

    অসমীয়া নাম: তিতা কেৰেলা

    ইংৰাজী নাম: BITTER GOUR

    বৈজ্ঞানিক নাম : MOMORDICA CHARANTIA

    চমু পৰিচয়

    তিতা কেৰেলা লতা জাতিয় গছ | ইয়াৰ পাত বোৰ দীঘল আৰু সৰল | পাত বিলাক কেবাটাও খণ্ডত বিভক্ত আৰু কাষ বিলাক কটা | পাতৰ গুৰিৰ পৰা পাক খাই থকা দীঘল সূতা ওলায় | ফুল বিলাক একলিঙ্গ আৰু ৰং হালধীয়া | তিতা কেৰেলা বিলাক কেচাতে সেউজীয়া কিন্তু পকিলে হালধীয়া ৰঙৰ হয় | তিতা কেৰেলা বিলাক ৫-১৫ ছে:মি: দীঘল হয় | খাবলৈ তিতা, পকিলে ভিতৰত বহুতো গুটি হ্য়, দেখিবলৈ চেপেটা আৰু প্ৰায় ১-২ ছে:মি: দীঘল হয় |

    ঔষধিয় গুণ

  • তিতা কেৰেলা বা পাতৰ ৰস মৌৰসৰ লগত মিহলাই খালে লিভাৰৰ আৰু ব্ৰংকাইটিছ অসুখ ভাল হয়|
  • ডায়েবেটিছ অসুখ থকা ৰোগিয়ে কেৰেলা খোৱা অতি আৱশ্যক | তিতা কেৰেলাই ডায়েবেটিছ ৰোগ দবাই ৰখাত সহায় কৰে|
  • ৫০-৬০ গ্ৰাম তিতা কেৰেলা ৰস একাপ পানীত মিহলাই খালে তেজ পৰিস্কাৰ হয়|
  • তিতা কেৰেলা খালে ৰোগ প্ৰতিৰোধ আৰু শৰীৰত শুক্তি বঢ়াই|
  • তিতা কেৰেলাই বহুমুত্ৰ আৰু ছালৰ অসুখ ভাল কৰে|
  • তিতা কেৰেলাৰ পৰা MAP-20 নামৰ এবিধ প্লোটিন পোৱা যায় যিটোয়ে HIV নাশ কৰে|
  • নেফাফু

    অসমীয়া নাম: নেফাফু

    সাধাৰণ নাম: East Indian Glory Bower

    Botanaical Name : Clerodendrum colebrookianum

    পৰিয়াল : Verbenaceae

    খাচী : Dieng jakangum, Deing jalemkynthei

    মিজো : Phuuihnam

    নেপালী : Anpui

    নেফাফু এবিধ বহু বৰ্ষজীৱি ডাঙৰ ডাঙৰ পাতৰ প্ৰায় ২ মিটাৰমান ওখ, জোপোহা, সৰু, ঔষধী উদ্ভিদ| ওপৰৰ ফালে জোঙাহৈ বাঢ়ি যোৱা গা গছৰ তলৰ ডালবিলাক দীঘল যদিও ওপৰলৈ ক্ৰমান্বয়ে চুটি| গাঠিৰ পৰা ডাল পাত আদি ওলায়| ডাঙৰ ডাঙৰ পাতবোৰৰ তলৰ পিঠি খহতা| এই পাতবোৰৰ ঠাৰিৰ তলফালে চেনিৰ নিচিনা পদাৰ্থ দানা বান্ধি থাকে বাবে পাতত কলা-পৰুৱা ভৰি থকা দেখা যায়| তিতা-জ্বলা স্বাদৰ পাতবোৰ মোহাৰিলে এক বিশেষ গন্ধ পোৱা যায়| বগা ৰঙৰ ফুলবোৰ থোপা বান্ধি ফুলে| কেৱল উত্তৰ পূৰ্বাঞ্চলতহে এই উদ্ভিদ বেছিকৈ পোৱা যায়|

    ঔষধী গুণসমূহ

  • নেফাফু গছৰ পাত উচ্চ ৰক্তচাপৰ বাবে বৰ উপকাৰী |
  • ইয়াৰ ৩/৪ টা কোমল আগ চাৰিকোঁহ কেচাঁ নহৰুৰ লগত পিঁহি সুদা পেটত নাইবা পাতত দি তিনি চাৰি দিন খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনত আহে|
  • নেফাফুৰ কোমল পাতৰ ৰস গ্ৰহনী, পেটৰ বিষ আৰু হৃদৰোগৰ বাবেও অতি উপকাৰী
  • এই শাক ভাজি খালে প্ৰসূতি নাৰীয়ে শৰীৰত শক্তি লাভ কৰে বুলি বিশ্বাস কৰা হয়|
  • কলীয়া তুলসী

    সাধাৰণ নাম: কলীয়া তুলসী (Sacred Basil/ Holy Basil)

    বৈজ্ঞানিক নাম : Ocimum Sanctum

    পৰিয়াল : Labiatae

    তুলসী

    ভাৰতৰ প্ৰসিদ্ধ আৰু পবিত্ৰ গছ |পাত প্ৰায় ৫ চে.মি দীঘল, বিপৰীতমুখী , পাতৰ দুয়োফাল ৰোমযুক্ত |গছ প্ৰায় ৭০ ছে.মি. পৰ্য্ন্ত ওখ হয় | গুলপীয়া আৰু পাতল বেগুনীয়া ফুল পোৱা যায়|

    ঔষধী গুণ

    • তুলসী গছৰ পাত আৰু বীজ ঔষধী|
    • তুলসী পাতৰ তেল বীজাণু আৰু কীট-পতংগ নাশক|
    • পাতৰ ৰস ব্ৰনকাইটিছ, সৰ্দ্দি কাঁহ আৰু অজীৰ্ণতাৰ বাবে উপকাৰী|

    উৎস: বনানী।

    শেহতীয়া উন্নীতকৰণ: : 6/17/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate