অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বনৌষধি পৰিচয়:

বনৌষধি পৰিচয়ৰ কথা লিখা হৈছে

 

নাচপতি:

 

বৰ্ষা ঋতুৰ এবিধ বিশেষ ফল হৈছে নাচপতি। এই ফলৰ বিশেষ ঔষধি গুণৰ কাৰণে ইয়াক ‘অমৃতফল’ বুলিও কোৱা হয়। এই ফলৰ ৰস সুপাচ্য হোৱাৰ লগতে শক্তিকাৰকো। গৰমত অস্বস্তি লাগিলে নাচপতি ফল বা ইয়াৰ ৰস খালে শৰীৰ শীতল হয়। নাচপতিয়ে হৃদযন্ত্ৰ আৰু মস্তিষ্কক শক্তি দিয়ে। দুই-তিনিটা নাচপতি আৰু তিনি চামুচ আপেলৰ ৰসৰ লগত দুচামুচ মৌ মিহলাই সেৱন কৰিলে শৰীৰক যথেষ্ট শক্তি দিয়ে।

খাবৰ কাৰণে সাধাৰণতে মিঠা নাচপতি ব্যৱহাৰ কৰা হয় যদিও টেঙা জাতৰ নাচপতিৰ ঔষধি গুণ বেছি। নাচপতি কাটি শুকুৱাই গুড়ি কৰি আটাৰ লগত মিহলাই ৰোগীক পথ্য হিচাপে দিব পাৰি।

নাচপতিৰ ভালেকেইটা প্ৰজাতি আছে। বনৰীয়া, পাহাৰীয়া আৰু বস্তানী নামৰ প্ৰজাতিকেইটাৰ নাচপতিয়েই বেছিকৈ প্ৰচলন হয়। বস্তানী প্ৰজাতিৰ নাচপতিৰ ভিতৰত আকৌ চীনা, খুৰছানী, কাশ্মিৰী আদি ভালেকেইটা উপ প্ৰজাতি আছে। কাশ্মিৰী প্ৰজাতিৰ নাচপতি অত্যন্ত মিঠা। নাচপতিত ভিটামিন ‘এ’, ‘বি’ আৰু ‘চি’ পোৱা যায়। ইয়াত ‘মেলিক’ আৰু ‘টাৰ্টাৰিক’ এচিড আপেলতকৈ বেছি মাত্ৰাত পোৱা যায়।

নাচপতিৰ গছ মজলীয়া আকাৰৰ আৰু ইয়াৰ পাত বেলেগ বেলেগ আকৃতিৰ দাঁতযুক্ত হয়। ইয়াৰ ফুল বগা আৰু ফল পাতল সেউজীয়া বা পাতল ৰঙা বৰণৰ হয়। ফল ঘূৰণীয়া, টেঙা আৰু মিঠা বৰণৰ, ৰসাল হয়। কিছুমান প্ৰজাতিৰ ফল বৰ কোমল আৰু কিছুমান ফল কঠুৱা হয়। নাচপতিৰ গুটিত ভালেমান পুষ্টি উপাদান থাকে। শীতকালত নাচপতিৰ গছৰ সকলো পাত সৰি যায়। মাৰ্চ-এপ্ৰিল মাহত ফুল ফুলে আৰু জুলাই-আগষ্ট মাহত ফল পূৰঠ হয়।

নাচপতি বীৰ্যবৰ্ধক, ত্ৰিদোষ(বাত, পিত্ত, কফ) নাশক, তৃপ্তিদায়ক আৰু হৃদযন্ত্ৰক শক্তিশালী কৰি ৰখাত বিশেষ সহায় কৰে। নাচপতি ফলে কোষ্ঠবদ্ধতা দূৰ কৰে, হজম শক্তি বঢ়ায়, বল-বীৰ্য বৃদ্ধি কৰে আৰু ৰক্তশোধন কৰে। মিঠা নাচপতি খালে হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু মস্তিষ্কৰ দুৰ্বলতা দূৰ হয়। টেঙা নাচপতি খালে পাতল পায়খানা, ৰক্ত পৰা পায়খানা(তেজগ্ৰহণী), পিয়াহ, জ্বলা-পোৰা, বমি, অজীৰ্ণ, গ্ৰহণী আদি ৰোগ নিৰাময় কৰে। ইয়াৰোপৰি কামশীতল নাৰী-পুৰুষৰ কামাবেগ বৃদ্ধিত নাচপতিয়ে অৰিহনা যোগায়। কিন্তু নাচপতি বহুতো ৰোগীৰ বাবে হিতকৰ হ’লেও জ্বৰ আৰু প্লীহাৰ ৰোগীয়ে নাচপতি বা তাৰ ৰস খাব নেলাগে। শীত স্বভাৱৰ পৌঢ় ব্যক্তিৰ বাবেও নাচপতি সেৱন ভাল নহয়। কফ প্ৰকৃতিৰ লোকৰ বাবে নাচপতিয়ে পেটৰ বিষৰ সৃষ্টি কৰিব পাৰে। সেয়ে নাচপতি ফল সেৱন উপকাৰী বুলি ভাবিলেও সকলো লোকে নাচপতি নিৰ্দ্ধিধাই খাব নোৱাৰে।

নাচপতিৰ ঔষধীয় প্ৰয়োগ:

 

  • কোষ্ঠবদ্ধতা নিৰাময় কৰাত নাচপতিৰ প্ৰয়োগ বিশেষভাৱে উপকাৰী। কোষ্ঠবদ্ধতাত ভোগা লোকে নাচপতিৰ দুশ-তিনিশ মিঃলিঃ ৰস দিনে তিনি-চাৰিবাৰ খাব লাগে। নাচপতিৰ মিঠা ৰস তৎক্ষণাত শৰীৰে শুহি লৈ ব্যৱহাৰ কৰিব পাৰে। পুৰণি কোষ্ঠবদ্ধতা থকা লোকে দুই-তিনি দিনলৈ কেৱল নাচপতিৰ ৰস সেৱন কৰি থাকিলে এই সমস্যা একেবাৰে নিৰাময় হয়।

কম মাত্ৰাত কোষ্ঠকাঠিন্যত ভোগা ৰোগীয়ে প্ৰতিদিনে মধ্যমীয়া আকাৰৰ একেটা নাচপতি পুৱা বা দুপৰীয়া আহাৰৰ পিছত সেৱন কৰে, তেতিয়া অতি সহজে এই সমস্যাৰ পৰা ৰক্ষা পাব পাৰে। কিন্তু এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব, নাচপতি খাই থাকিলে কেতিয়াবা শৌচৰ লগত শাওঁ পৰিব পাৰে। কিন্তু এই কাৰণে ভয় খাব নালাগে। নাচপতিয়ে পাচন তন্ত্ৰত শাওঁৰ সৃষ্টি কৰিব নোৱাৰে, বৰং পাচন তন্ত্ৰত সঞ্চিত হৈ থকা পুৰণি শাওঁহে নাচপতিয়ে নিৰ্গত কৰি পেট পৰিষ্কাৰ কৰি ৰাখে। এনে অৱস্থা হ’লে, নাচপতিৰ সেৱন সদায় নিয়মীয়াকৈ কৰি থাকিলে দুই-তিনি দিনৰ পিছত নিজে নিজে শাওঁ পৰা বন্ধ হৈ যাব।

  • নাচপতিয়ে গাৰ ছাল মসৃণ আৰু সুন্দৰ কৰি তোলে। ভালদৰে পকা নাচপতি বটি লৈ তাৰ লগত নেমু আৰু বিলাহীৰ ৰস মিহলাই এটা পেষ্ট তৈয়াৰ কৰি গাৰ ছালত সানি থাকিলে ছাল মসৃণ আৰু ৰং উজ্জ্বল হৈ পৰে। কেৱল নাচপতিৰ শাহ মিহিকৈ বটি ছালত সানি থলেও ছাল সুন্দৰ হৈ উঠে।
  • কিছুদিন ধৰি নিয়মীয়াকৈ নাচপতিৰ ৰস খাই থাকিলে ছালৰ শুকান ভাব নাইকিয়া হয় আৰু ছাল কোমল আৰু স্নিগ্ধ হৈ উঠে।
  • পিত্তৰ কাৰণে মূৰৰ বিষ, হৃদস্পন্দন অনিয়মীয়া হৈ পৰা, বমিৰ লগতে তেজ যোৱা, আদি লক্ষণত নাচপতি সেৱন কৰিলে আশাতীত ফল পোৱা যায়।
  • নাচপতি ফল জুইত সেকি লৈ টুকুৰা-টুকুৰকৈ কাটি তাত জিৰা, জালুকৰ গুড়ি আৰু নিমখ মিহলাই খাই থাকিলে খোৱাত আৰুচি আৰু অজীৰ্ণ আদি উপশম হয়।
  • নাচপতিৰ ৰস সেৱন কৰি থাকিলে প্ৰস্ৰাৱ পৰিষ্কাৰ হয় আৰু পিয়াহ পলায়।
  • গ্ৰহণী, অতিসাৰ(ডায়েৰিয়া) আৰু তেজ গ্ৰহণী হ’লে টেঙা নাচপতিৰ ৰস একাপকৈ দিনটোত তিনিবাৰ সেৱন কৰিলে এনেধৰণৰ অসূখবোৰ নিৰাময় হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top