মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / বনৌষধি পৰিচয়: দাৰু হৰিদ্ৰা(Berberis aristata)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বনৌষধি পৰিচয়: দাৰু হৰিদ্ৰা(Berberis aristata)

বনৌষধি পৰিচয়: দাৰু হৰিদ্ৰা(Berberis aristata)ৰ বিষয়ে লিখা হৈছে ।

ই হৰীতকী বৰ্গৰ দাৰু হৰিদ্ৰা কুলৰ(Berberidaceae) বনৌষধি বিশেষ। ইয়াক সংস্কৃতত-

  • দাৰ্ব্বী,
  • দাৰু হৰিদ্ৰা,
  • পৰ্জ্জনী,
  • কতঙ্কটেৰী,
  • পীতা,
  • কালকেয়,
  • পীতদ্ৰু,
  • পীতদাৰু,
  • কপীতক বোলে।

দাৰু হৰিদ্ৰা দুই প্ৰকাৰৰ। উত্তৰাখণ্ডৰ ৰাণীখেত আদি ঠাইত সৰু সৰু পাতৰ কাঁইট থকা এবিধ গুল্মজাতীয় গছাক দাৰু হৰিদ্ৰা বোলে।

আমাৰ ইয়াৰ আৰু বেঙ্গলৰ বৃদ্ধ বৈদ্যসকলে আচুগছক দাৰু হৰিদ্ৰা বোলে। দাৰু মানে কাঠ আৰু হৰিদ্ৰা মানে হালধি(অৰ্থাৎ কাঠ হালধি) আমাৰ ইয়াত হোৱা দাৰু হৰিদ্ৰা গছ ২০/৩০ ফুটমান ওখ হয়। গা-গছ এক-ডেৰ ফুটমান বেৰৰ(ব্যাসৰ) হোৱা দেখা যায়।

আমাৰ ইয়াত ব্যৱহাৰ হোৱা জাতৰ পাত ছ-আঠ ইঞ্চিমান দীঘল, তিনি ইঞ্চিমান বহল(ভোজ বা ভজা গছৰ পাতৰ দৰে) আগ জোঙা হয়। পাতৰ মাজৰ শিৰডাল গুৰিৰ পৰা আগলৈ থাকে। এনেকুৱা পাত ডালবোৰ গুৰিৰ পৰা আগলৈকে ঘন হৈ যোৱা দেখা যায়।

ইয়াৰ ফুল সৰু বগা পাঁচ পহীয়া হয়। ফুল ফাগুণ-চ’ত মাহত ফুলে। ফল মটৰ মাহৰ সমান ডাঙৰ হয়। ফলবোৰ পকিলে বেঙুনীয়া ক’লা হয়।

ইয়াৰ গুণ-কটু, ৰস উষ্ণবীৰ্য, ই হালধিৰ গুণযুক্ত বিশেসকৈ ব্ৰণ, কণ্ডু, বিসৰ্প আদি সকলো প্ৰকাৰ চৰ্মৰোগ নাশক।

  • ৰক্ত পৰিষ্কাৰক,
  • কফ আৰু বাতজ দোষ নিবাৰক,
  • কুষ্ঠ,
  • প্ৰমেহ,
  • শোথ,
  • পাণ্ডু,
  • কৃমি,
  • অৰুচি,
  • নেত্ৰৰোগ,
  • চৰ্মৰোগ,
  • মুখৰোগ অজীৰ্ণ,
  • ত্ৰিদোষ নাশক।

ইয়াৰ মাত্ৰা পাঁচ গ্ৰাম।

গৰ্ভাশয় শৈথিল্যৰ কাৰণে অত্যাবৰ্ত্তা ৰোগত(অত্যন্ত ৰক্তস্ৰাৱ হোৱা ৰোগত) মাটিকেয়াৰ আলু, ভলাগছৰ চাল, বেলৰ গুটি, বাহেকৰ চাল, চিৰতা, আৱুকাঠ- প্ৰত্যেকবিধ বস্তুৰে দহ গ্ৰামকৈ লৈ থেতেলি চাৰিশ গ্ৰাম পানীত সিজাই এশগ্ৰাম থকাত নমাই চেকি ল’ব।

ঠাণ্ডা হ’লে মৌ মিহলাই দুভাগ কৰি আধা পুৱা আৰু বাকী আধা গধূলি খালে শ্বেত-ৰক্ত, ৰক্তপিত্ত, কৃষ্ণ বেদনাযুক্ত প্ৰদৰ ৰোগ আৰোগ্য হয়।

দাৰ্ব্ব বটী- আচুকাঠ পাঁচশ গ্ৰাম ভালকৈ থেতালি পানীত সিজাই এক লিটাৰ থকাত নমাই চেকি ল’ব। এই চেকি লোৱা ক্কাথখিনি আকৌ পগাব। ঘন হ’লে নমাই ৰাখিব।

এই ঘন(সত্ব) ৰসত তিনিশ মিঃগ্ৰাম, নিম গছৰ গুটি ১২৫ গ্ৰাম, গুটি গুচোৱা কিচমিচ ছশ মিঃগ্ৰাম- তিনিওবিধ বটি তিনিটা বড়ি কৰি ৰাখিব।

এই বড়ি প্ৰত্যেক দিনে শুবৰ সময়ত খালে অথবা আচু কাঠৰ ঘন সত্ত্ব ৭০ গ্ৰাম ভাল কৰ্পূৰ ২০ গ্ৰাম লৈ দুয়োবিধক ভালকৈ বটি ২৫৫০ মিঃগ্ৰাম কৈ বড়ি কৰি ৰাখিব।

বড়ি তৈয়াৰ কৰিবলৈ ধৰাৰ আগতে অলপ দালচেনি গুড়ি কৰি ৰাখিব। বড়ি বনাই যাব আৰু লগে লগে দালচেনিৰ গুড়িত পেলাই যাব।

যাতে বড়িবোৰ একলগ হৈ নাযায়, তাৰ বাবেই বড়ি বনাইয়ে দালচেনিৰ গুড়িত থৈ যাব লাগে আৰু মাজে মাজে লৰাই থাকিব লাগে।

এই বড়ি দুই-তিনিটাকৈ তিনি ঘন্টাৰ মূৰে মূৰে খালে ৰক্তপ্ৰদৰ, ৰক্তাৰ্শ আৰু গৰ্ভৱতী মহিলাৰ অসময়ত হোৱা ৰক্তস্ৰাৱ, নাড়ীব্ৰণ, বাঘী স্ৰাৱ উপশম হয়।

দাৰ্ব্বী, নেত্ৰামৃত, আচুকাঠ ষাঠি গ্ৰাম থেতালি দুই লিটাৰ পানীত সিজাই এক লিটাৰ থকাত নমাও চেকি ল’ব।

ঠাণ্ডা হ’লে ষাঠি গ্ৰাম শুদ্ধ মৌ মিহলাই ফিল্টাৰ কৰি চেকি ল’ব আৰু ভালকৈ পৰিষ্কাৰ বটলত ভৰাই ২৫০ মিঃগ্ৰাম তেতিয়া ভালকৈ গুড়ি কৰি মিহলাই ল’ব।

এই ঔসধ দুই ফোটকৈ চকুত দিলে-

  • চকুৰ পৰা হোৱা স্ৰাৱ,
  • চকু খজুওৱা,
  • কুকুৰী কণা,
  • চকু ৰঙা পৰা আদি ৰোগ আৰোগ্য হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top