অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বনৌষধিৰ পৰিচয় :

বনৌষধিৰ বিষয়ে লিখা হৈছে ।

ৰহৰ বা অৰহৰ -

ৰহৰ দাইল ভাৰতৰ প্ৰতিখন ৰাজ্যতে খাদ্য ৰূপে ব্যৱহাৰ হয়। প্ৰতিখন ৰাজ্যতে ইয়াৰ স্থানীয় নাম বেলেগ বেলেগ। হিন্দীত ৰহৰ দাইলক জতুৰ, তুৱৰ বা অৰহৰ বুলি কোৱা হয়। এই গোত্ৰৰ অন্তৰ্গত এবিধ জসৰু গছ আৰু ইয়াৰ উচ্চতা খুব বেছি ১০ৰ পৰা ১৫ ফুটমান হয়গৈ।

ৰহৰ বা অৰহৰ দাইলত বিবিধ খনিজ দ্ৰৱ্য, কাৰ্বোহাইড্ৰেট, আয়ৰণ, কেলচিয়াম আদি যথেষ্ট পৰিমাণে পোৱা যায়। ই এবিধ সহজপাচ্য দাইল। সেয়ে এইবিধ দাইল ৰোগীকো দিব পৰা যায়। কিন্তু গেচ, কোষ্ঠবদ্ধতা বা শ্বাস-প্ৰশ্বাসৰ ৰোগত ভুগি থকা ৰোগীক এইবিধ দাইল খাবলৈ নিদিয়াই ভাল।

পৰিচয় ভাৰতৰ প্ৰায় আটাইকেইখন ৰাজ্যতে এইবিধ দাইলৰ খেতি ব্যাপকভাৱে কৰা হয়। উত্তৰ প্ৰদেশৰ পূব ভাগত এইবিধ দাইলৰ খেতিয়েই প্ৰধান। এই অঞ্চলৰ প্ৰায় ৩০ লাখ একৰ ভূমিত এই খেতি কৰা হয়। এইবিধ দাইলৰ খেতিৰ বাবে পানীয়ে বুৰাব নোৱাৰা সামান্য ওখ বাহিচহীয়া মাটি উপযুক্ত। বাৰিষা অহাৰ আগে আগে আৰু খাৰিফ শস্যৰ খেতিৰ লগত প্ৰায় একেলগেই ৰহৰ দাইলৰ খেতি কৰা হয়। ৰহৰ দাইলৰ খেতিৰ লগতে জোৱাৰ, বজৰা, বাদাম, তিল আদি মিহলাই বীজ লগোৱা হয়। বাৰিষাৰ শেষৰ ফালে এইবিধ দাইলৰ গুটি পকে আৰু তেতিয়াই ইয়াক চপোৱ হয়। ইয়াৰ পিছত কৰা ৰহৰ দাইলৰ খেতিৰ গছে শীতকালত সম্পূৰ্ণ পথাৰ ঢাকি পেলায়। ৰবি শস্যৰ লগতে মাৰ্চ মাহত এইবিধ শস্যও চপোৱা হয়। পকাৰ পিছতে ইয়াৰ ছেঁইৰ পৰা গুটিবোৰ উলিয়াই যন্ত্ৰৰ সহায়ত গুটিবোৰ ফালি দাইৰ প্ৰস্তুত কৰা হয়। এইবিধ দাইলৰ খেতিৰ বাবে প্ৰতি একৰ মাটিত মাত্ৰ দুই কিলো বীজহে লাগে।

এইবিধ দাইলৰ খেতি বাৰিষাৰ আগে আগে মাত্ৰ দুবাৰ বা তিনিবাৰ নিৰাই দিব লাগে। তেতিয়াহে ইয়াৰ গছবোৰ ভালদৰে বাঢ়ে আৰু উৎপাদনো প্ৰায় দুগুণলৈ বৃদ্ধি পায়। বুট মাহৰ দৰে, ৰহৰ মাহৰ শিপায়ো বায়ুৰ পৰা নাইট্ৰোজেন আহৰণ কৰি শিপাত টেমুনাৰ ৰূপত একো একোটা মোনাৰ দৰে কৰি এইবিধ অত্যন্ত লাগতিয়াল উপাদান সঞ্চয় কৰি ৰাখে। সেয়ে ৰহৰ দাইলৰ খেতি কৰা মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি পায় আৰু এই খেতিত অতিৰিক্ত সাৰ প্ৰয়োগৰ দৰকাৰ নেথাকে। এই খেতিত বেছি পানী যোগানৰো প্ৰয়োজন নাই। দীৰ্ঘদিন ধৰি পানীৰ যোগান নধৰিলে অন্য যিকোনো খেতি শুকাই যায় যদিও ৰহৰ খেতি সেউজীয়া হৈয়ে থাকে।

হালধীয়া জাতৰ ৰহৰ দাইল যথেষ্ট জনপ্ৰিয়। দেশী আৰু কানপূৰীয়া জাতৰ দাইলো উত্তম বুলি জনা যায়। কৃষিজাত আটাইবোৰ দাইলৰ ভিতৰত ৰহৰ দাইলৰে চাহিদা আটাইতকৈ বেছি। এইবিধ দাইল উষ্ণ আৰু ৰুক্ষ গুনবিশিষ্ট। এইবিধ দাইল খালে যিসকল লোকৰ অপকাৰ হয়, তেওঁলোকে ৰন্ধাৰ আগতে ঘিউত ভাজি লৈ ৰান্ধিব। এনে কৰিলে কোনো ধৰণৰ অপকাৰ নহয়।

অসমীয়া মানুহে এই দাইল পানীত সিজাই জোল কৰিহে খায়। ৰহৰ দাইলত তেতেলি টেঙা বা আমচুৰ দি টেঙা কৰি খাবলৈ বৰ সোৱাদ হয়। ৰহৰ দাইল ঘিউত ভাজি বা পিছত ঘিউ দি খালে ই বায়ুকাৰক নহয়। এইবিধ দাইল ত্ৰিদোষ নাশক(বাত, কফ আৰু পিত্ত) হোৱাৰ কাৰণে সকলো শ্ৰেণীৰ লোকে বিনাদ্বিধাই খাব পাৰে। এইবিধ দাইলৰ গছৰ কোমল ডাল, পাত আদি ঘৰচীয়া জন্তুক খুৱাব পাৰি। খিৰতী গাই বা ছাগলীয়ে এই খাদ্য খাই থাকিলে বেছিকৈ গাখীৰ দিয়ে।

ৰহৰৰ ঔষধি গুণ -

ৰহৰ দাইল কেচা, মিঠা, শীতল, সহজপাচ্য, মল নিষ্কাশক, বায়ু উৎপদাক, শৰীৰ গঠনত সহায়ক, পুষ্টিকাৰক, কফ নাশক আৰু ৰক্ত বিকাৰ নাশক।

*ৰহৰ গছৰ পাত শুকুৱাই পুৰি তাৰ ছাই দৈৰ লগত মিহলাই লগালে খজুৱতি নিৰাময় হয়।

*ৰহৰ গছৰ পাত আৰু দুবৰি বন একেলগে লৈ পটাত বটি ৰস উলিয়াই টোপ টোপকৈ নাকত দুই-তিনিটোপাল দিলে আদ-কপালীৰ বিষ নাইকিয়া হয়।

*ৰহৰ দাইল বটি তাৰ লগত পানী মিহলাই খুৱালে ভাঙৰ নিচা নাইকিয়া হয়। নহ’লে দাইল পানীত উতলাই, সেই পানী ভাঙৰ নিচা হোৱা লোকক খুৱালে নিচা নাইকিয়া হয়। ৰহৰ দাইল তিয়াই থোৱা পানী খুৱালেও ভাঙৰ নিচা নাইকিয়া হয়।

*ৰহৰ দাইল গছৰ শিপা ভালদৰে ধুই বটি তাৰ ৰস সৰ্পই দংশন কৰা লোকক খুৱালে সৰ্প বিষ নাইকিয়া হয়।

*এমুঠি ৰহৰ দাইল, এমুঠি নিমখ তথা আধা চামুচ বটি লোৱা আদা, একেলগে মিহলাই সৰিয়হৰ তেলত দি সামান্য গৰম কৰি ভালদৰে বটি লওক। এই গুড়িৰে গা মালিচ কৰিলে, গৰমৰ দিনত বেছিকৈ ঘমা বন্ধ হয়। সন্নিপাতব জ্বৰত বেছিকৈ ঘাম ওলালেও এই উপায় ল’ব পাৰে।

*ৰহৰ দাইল গোটাকৈ(বাকলিৰে সৈতে) পানীত তিয়াই, সেই পানীৰে কুলকুলি কৰিলে মুখত হোৱা ঘা ভাল হয়। গৰমৰ ছাটিফুটি লাগিলেও এই পানী গাত মচি দিলে শীতল অনুভৱ হ’ব।

*গৰমৰ দিনত অত্যধিক ঘামিলে এমুঠিমান ৰহৰ দাইল, শুকানকৈ ভাজি লৈ মিহিকৈ বটি লওক। এই গুড়ি ঘামি থকা গাত ভালদৰে সানি ল’লে ঘাম ওলোৱা নিয়ন্ত্ৰণ হ’ব।

*এমুঠি ৰহৰ দাইল পানীত তিয়াই থওক। সেই পানীত দাইলখিনি মিহিকৈ বটি মিহলি কৰি সামান্য গৰম কৰি লওক। এই গুড়ি বৃদ্ধি পোৱা অণদকোষৰ ওপৰত লেপ দিয়ক। পুৱা-গধূলি কেইদিনমান লগাই থাকিলে অণ্ডকোষ বৃদ্ধি ৰোগ নিৰাময় হ’ব।

*ৰহ দাইলৰ পাত এমুঠি ভালদৰে ধুই কুটি উতলাই লওক। এই পানী খালে দাঁতৰ বিষ নিৰাময় হয়।

*মূৰত হোৱা খজুৱতি বা ফোঁহা আদি খৰখৰীয়া ডাঠ কাপোৰ এখনেৰে ঘঁহি পৰিষ্কাৰ কৰি লওক। পিছত এমুঠি ৰহৰ দাইল মিহিকৈ বটি প্ৰতিদিনে তিনিবাৰকৈ মূৰত সানক। দ্বিতীয় দিনা মূৰত সৰিয়হৰ তেল সানি ৰ’দত বহক আৰু চাৰি ঘন্টাৰ পিছত পুনৰ ৰহৰ দাইলৰ গুড়ি মূৰত সানক। দৈনিক এনেদৰে ৰহৰ দাইলৰ গুড়ি আৰু সৰিয়হৰ তেল ব্যৱহাৰ কৰি থাকিলে মূৰত হোৱা ঘা আদি নিৰাময় হ’ব আৰু মূৰৰ চুলি সৰাও বন্ধ হ’ব। লগতে পূৰ্বতে চুলি সৰি গৈ মিহি হোৱা অংশৰ পৰা পুনৰ চুলি গজিব।

*ৰহৰ দাইলৰ গুটিৰ বাকলিবোৰেৰে বিড়ি একোতা বনাই ধূমপান কৰিলে হিকটি অহা বন্ধ হ’ব।

*জিভাত ঘা হ’লে ৰহৰ দাইলৰ কুমলীয়া পাত কেইটামান চোবাই খাওক।

*ৰহৰ দাইলৰ গুটি বাকলিৰে সৈতে এমুঠি লৈ এগিলাচ পানীত তিয়াই ৰাখক। দাইলৰ গুটিবোৰ ভালদৰে ফুলি উঠিলে উলিয়াই আনি মিহিকৈ বটি মূৰত সানক। পিছত মূৰটো ধুই পেলাই ফনিয়াওক। এনেদৰে গেসপ্তাহ ধৰি এবাৰকৈ দিনে কৰিলে মূৰৰ পৰা উফি একেবাৰে নাইকিয়া হ’ব।

*ৰহৰ দাইল সদায় খাই থাকিলে গেছ হোৱা সমস্যা নাইকিয়া হয়।

*শৰীৰৰ কোনো অংশত আঘাত লাগি ঘা হ’লে ৰহৰ দাইলৰ কুমলীয়া পাত  এমুঠি ভালদৰে ধুই বটি লগালে ঘাডোখৰ সোনকালে শুকায়।

*ৰহৰ দাইলৰ পাত আৰু কুমলীয়া ডাল একেলগে বটি স্তনত প্ৰলেপ দি থ’লে, স্তনৰ পৰা বেছিকৈ গাখীৰ উৎপন্ন হোৱা ৰোগ নিয়ন্ত্ৰণ হয়।

*কিবা কাৰণত কোনো অচেতন হৈ পৰিলে একাপ পানীত এমুঠি ৰহৰ দাইল তিয়াই থৈ, সেই পানী ৰোগীৰ নাকৰ টোপ টোপকৈ দি থাকিলে ৰোগীয়ে জ্ঞান ঘূৰাই পায়। পিছত ৰোগীক সেই পানী খাবলৈ দিয়ক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top