অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বন্ধাকবিৰ ঔষধি গুণ :

বন্ধাকবিৰ ঔষধি গুণ :

 

বন্ধাকবি বাৰমহীয়া পাচলি। আমাৰ ৰান্ধনীশালত বন্ধাকবিৰ যথেষ্ট সমাদৰ আছে। বন্ধাকবিৰ পাতবিলাক ডাঠ আৰু সেউজীয়া। অসমৰ মাটিত সাধাৰণতে জুন মাহত সাধাৰণতে জুন মাহৰ পৰা ছেপ্টেম্বৰ-অক্টোবৰ পৰ্যন্ত বন্ধাকবিৰ খেতি কৰা হয়। বন্ধাকবিৰ ওজন জাত চাই বেলেগ বেলেগ। বন্ধাকবিৰ বৈজ্ঞানিক নাম brassica obracealinn। বন্ধাকবিৰ বহুতো ঔষধি গুণ আছে-

*বন্ধাকবি খালে চকুৰ দৃষ্টি শক্তি বাঢ়ে।

*বন্ধাকবিত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে।

*বন্ধাকবিয়ে শৰীৰৰ তেজ পৰিষ্কাৰ কৰে।

*পেটৰ ৰোগ বিশেষকৈ পাকস্থলীত ঘা হ’লে বন্ধাকবি খালে শুকুৱাত সহায় কৰে।

*গৰল ৰোগ, দাঁতৰ পায়োৰিয়া ৰোগ, ব্ৰংকাইটিছ ৰোগত বন্ধাকবি উপকাৰী।

*মূৰৰ বিষ, বুকুৰ ধপধপনি আদিত বন্ধাকবি খালে সুফল পোৱা যায়।

*বন্ধাকবি খালে কৰ্কট ৰোগ(হাওঁফাওঁ, অন্ত্ৰ) বন্ধাকবি খালে দাঁত আৰু হাড়ৰ গঠন মজবুত হয়।

*কোষ্ঠকাঠিন্য হ’লে বন্ধাকবি সিজাই খালে সুফল পোৱা যায়।

আমি সকলোৱে ঔষধ গুণসম্পন্ন বন্ধাকবি খোৱা উচিত।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate