অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বহুতো ৰোগৰ মহৌষধ জিৰা :

 

আমাৰ খাদ্য তালিকাত জিৰাক এবিধ মছলা হিচাপে ব্যৱহাৰ কৰি অহা হৈছে যদিও ইয়াৰ বনৌষধি গুণ মন কৰিবলীয়া। জিৰাৰ ৰং অনুসৰি ইয়াক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি। বগা আৰু ধোঁৱা বৰণীয়া। বগা জিৰাৰ ঔষধি গুণ বেছি। আমি এইবিধ সাধাৰণতে মছলা হিচাপে ব্যৱহাৰ কৰো।

জিৰাৰ ৰাসায়নিক উপাদান -

বগা জিৰাত ভলেটাইল তেল থাকে। জনী গুটিটো এনে ধৰণৰ তেল থাকে। সকলো ধৰণৰ জিৰাৰ গুটি খালে পিত্ত বেমাৰ ভাল হয়। হজমি শক্তিও বাঢ়ে। মহিলাৰ জৰায়ু সবল হয়। তদুপৰি কাহ আৰু চকুৰ কাৰণে ই বৰ ভাল কাম কৰেগ।

জিৰাৰ ঔষধি গুণ -

কুকুৰীকণা বেমাৰত জিৰা খুন্দি গুড়ি কৰি তাত আমলখিৰ গুড়ি দুচামুচ মিহলি কৰি সতেজ কপাহ গছৰ পাত তিনিটা চেঁচা পানীত দি মিশ্ৰণ কৰি দিনে এবাৰকৈ সাতদিন খালে এই বেমাৰ আৰোগ্য হয়। জিৰা গুড়িৰ পৰিমাণ এচামুচ।

দাঁতৰ বিষ হ’লে ক’লা বৰণৰ জিৰা গুড়ি কৰি কুহুমীয়া পানীত মিহলাই কুলি কৰিলে ভাল হয়। দৃষ্টিশক্তি কমি গ’লে বা চকুৰ পৰা সঘনাই পানী ওলাই থাকিলে সাত গ্ৰাম ক’লা বা ধোঁৱাবৰণীয়া জিৰা গুড়ি আধা লিটাৰ পানীত উতলাই চেঁচা কৰি সেই পানীৰে চকু ধুব লাগে। প্ৰতিদিনে এবাৰকৈ সাদিন এনেকৈ ব্যৱহাৰ কৰিলে চকুৰ সমস্যা দূৰ হয়।

হিকতি আহিলে পাঁচ গ্ৰাম জিৰাগুটি অলপ গৰু ঘিউ মিশ্ৰণ কৰি মুখেৰে আৰু নাকেৰে সুঙিলে হিকতি অহা বন্ধ হয়। ডায়েৰীয়া হ’লে পাঁচ গ্ৰাম জিৰা গুড়ি তাত অলপমান দৈ দি দিনটোত দুবাৰকৈ তিনি দিন খালে এই ৰোগ ভাল হয়।

বমি হ’লে তিনি গ্ৰাম জিৰা গুড়ি তিনি চামুচ নেমুটেঙাৰ ৰসত মিশ্ৰণ কৰি তাত অকণমান নিমখ মিহলি কৰি খাবলৈ দিলে বমি বন্ধ হয়। দিনটোত দুবাৰ খাব লাগে।

অৰ্শ(Piles) বেমাৰত বিশেষকৈ অৰ্শত ফুলা আৰু বিষ হ’লে ক’লা জিৰাগুটি কুহুমীয়া পানীত মিহলাই ফুলা অংশত সানিব লাগে। এই মিশ্ৰণে তেজ পৰা অৰ্শটো ভাল কাম কৰে।

মেলেৰিয়া বেমাৰত ১০ গ্ৰাম জিৰা গুড়ি কেৰেলাৰ ৰসত পাঁচ গ্ৰাম জিৰা গুড়ি মিহলাই বেমাৰীক তিনিবাৰকৈ খাবলৈ দিব লাগে। ৩-৪ দিন এইদৰে ব্যৱহাৰ কৰিলে মেলেৰিয়া শাম কাটে।

বিছাই ডাকিলে পাঁচ গ্ৰাম জিৰা গুড়িত অলপ ঘিউ আৰু মৌজাল মিহলাই বিছাই ডকা ঠাইত সানিলে ভাল হয়।

লেখক: উপেন দত্ত(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 1/10/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate