অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাহক তিতাৰ ঔষধি গুণ

বাহক তিতাৰো ঔষধি গুণ আছে। ইয়াক সকলোৱে চিনি পায় আৰু ঔষধ হিচাবে ব্যৱহাৰ হয় বাবে সকলোৱে যত্ন কৰি ৰোৱে। পাতবোৰ দীঘল। বাহক তিতাৰ গছ সাধাৰণতে দুবিধ। এবিধ ৰঙা ফুলৰ আৰু আন বিধ বগা ফুলৰ। ঔষধ হিচাবে বগা বিধহে ব্যৱহাৰ কৰা হয়। ৰঙা ফুলৰ বাহক তিতা বিধ মানুহে আঞ্জা ৰান্ধিও খায়। এইবিধ গছৰ পাত, মূল, ছাল আৰু ফুল আদি দৰৱত ব্যৱহাৰ কৰা হয়। এইটো মন কৰিবলগীয়া কথা যে বাহক তিতাৰ পাত, ছাল আদি সদায়ে কেঁচাই কেঁচাই ব্যৱহাৰ কৰিব লাগে।

পৰিমাণ

পাতৰ ৰস কেঁচাই দুই তোলা পৰিমাণৰ ব্যৱহাৰ কৰিব লাগে। শিপাৰ ছাল বা গছৰ ৰসৰ মাত্ৰাও দুই তোলা।

গুণাগুণ আৰু কাৰিকৰী জ্ঞান

বাহক তিতাৰ ৰস কক্ষ নি:সাৰক আৰু আক্ষেপ নিবাৰক। শ্বাস, কাঁহ, বায়ু নলীভুজ প্ৰদাহ আৰু জ্বৰ আদি ৰোগত ব্যৱহাৰ কৰিব পাৰি। যক্ষ্মা ৰোগৰ বাবেও বাহক তিতাৰ ৰস ফলদায়ক। বাহক গছৰ সকলো অংশই তিতা আৰু সুগন্ধি। শিপাত আক্ষেপ নিবাৰক গুণ আছে বুলি বহুতে ভাবে। সেইবাবে শ্বাস, কাহ আৰু পৰ্য্যায় জ্বৰত শীত উপশমৰ বাবে ব্যৱহাৰ কৰা হয়।

ইয়াৰ ঔষধি গুণ এনেধৰণৰ-বায়ুজনক, জ্বৰ বৰ্ধক, তিতা, কেহা ৰসযুক্ত, হৃদয়গ্ৰাহী লঘু আৰু শীতবীৰ্য। কফ্‌, ৰক্তপিত, তৃষ্ণা ৰোগ শ্বাস, কাহ, জ্বৰ, বমি প্ৰমেহ, কুষ্ঠ আৰু ক্ষয় আৰু আদি ৰোগনাশক। এইবিধ গছৰ পাতৰ ৰস দুই প্ৰকাৰে উলিয়াব পাৰি। কেঁচাই বটি কলপাতত মেৰিয়াই চেপি ৰস উলিয়াবও পাৰি। কেঁচা ৰসৰ বেছি ফল পোৱা যায়।

ৰক্তপিত্ত, ক্ষয় আৰু কাহ ৰোগত আক্ৰান্ত ৰোগীৰ বাবে কোনো শংকা নাই। ই উৎকৃষ্ট দৰৱ।

চৰ্দি কাহ, হুপিং কাহ, শ্বাস, দুধঘাই আদি ৰোগত বাহকৰ পাতৰ ৰস অতি গুণকাৰক। সৰু ল’ৰা-ছোৱালীক বাহকৰ পাতৰ ৰস দুই অনাৰ পৰা চাৰি অনালৈকে খুৱাব পাৰি। ৰসৰ লগত অলপ পিপালিৰ গুড়ি হ’লে অধিক ফলদায়ক হয়। আদাৰ ৰসৰ লগত বাহকৰ ৰস মিহলাই আধা তোলা বা এক তোলা পৰিমাণে খুৱাই দিলে বমি বন্ধ হয়।

ৰক্তপিত্ত আৰু ক্ষয় ৰোগত মুখেৰে তেজ পৰিলে বাহকৰ পাতৰ ৰস নাইবা কহ নিয়মিত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

বাহকৰ পাৰ আৰু চেনি বটি লেপ লগালে ফোঁহা আদি বহি যায় বা ফাটি তেজ, পুজ ওলাই কষ্ট নিবাৰণ কৰে। বাহকৰ সমস্ত অংশ কুটি থেতেলিয়াই গৰম পানীত চাহৰ নিচিনাকৈ প্ৰক্ষেপ কৰি ঠাণ্ডা হ’লে তাৰ লগত চেনি মিহলাই নিয়মিত ব্যৱহাৰ কৰিলে কাহ আৰু ৰক্তপিত্ত ৰোগত উপকাৰ হয়। বাহকৰ ৰস মৌৰ লগত ব্যৱহাৰ কৰিলে জ্বৰ, কাহ আৰু ৰক্তপিত্ত নিবাৰণ হয়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate