মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / বাৰিষাৰ ফল আৰু স্বাস্থ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাৰিষাৰ ফল আৰু স্বাস্থ্য :

বাৰিষাৰ ফল আৰু স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

 

ঔষধি গুণৰ ভিতৰত জামু মধুমেহ ৰোগৰ মহৌষধ। ই পেটৰ আলচাৰ, ডায়েৰীয়া, ছালৰ জ্বলা-পোৰাৰ বাবেও ভাল। ই লিভাৰক কাৰ্যক্ষম কৰি ৰাখে। গৱেষণা কৰি পোৱা গৈছে যে জামু এইচ আই ভিৰ বাবেও উপাকাৰী।

আহোম বগৰী -

ইয়াৰ বৈজ্ঞানিক নাম Prunus domestica আৰু ই গোত্ৰৰ অন্তৰ্ভুক্ত। ইংৰাজীত ইয়াক কমন প্লাম বুলি জনা যায়। উদ্ভিদজোপা পৰ্ণপাতী, প্ৰায় দহৰ পৰা বাৰ মিটাৰ পৰ্যন্ত ওখ হয়।

বগা অথবা মাখন বৰণীয়া ফুলেৰে ব’হাগ মাহত গছজোপাই মনোমোহা ৰূপ লয়। ফলবোৰ সেউজীয়াৰ পৰা সোণালী হালধীয়া হোৱা দেখা যায়।

আহোম বগৰী প্ৰকাৰভেদে ৰঙা আৰু ডাঠ বেঙুনীয়া বৰণৰ ফলো হ’ব পাৰে। গুটিবোৰ ডাঙৰ, খহটা আৰু দ দাগযুক্ত।

আহোম বগৰীৰ খেতি গুটি আৰু অংগজ প্ৰজননৰ দ্বাৰা কৰিব পাৰি। ফলবোৰ মঙহাল, কোমল, ৰসাল, মিঠা অথবা টেঙেচীয়া মিঠা।

ৰাসায়নিক পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে আহোম বগৰীত ডি গেলেক্ট’জ, ডি মেন’জ, এল-এৰাবিন’জ, ডি জাইল’জ, এল ৰেমন’জৰ দৰে শ্বেতসাৰৰ উপৰি গ্লুকুৰনিক এচিড পোৱা যায়।

আহোম বগৰী পাকস্থলীৰ সাধাৰণ ক্ৰিয়াৰ বাবে উপকাৰী। লগতে ই পেট ঠাণ্ডা কৰে, ভোক লগা, হজমী আৰু শৰীৰৰ শ্ৰীবৃদ্ধি কৰে।

আন বহুতো ফলৰ দৰে আহোম বগৰীয়ে এন্টি-অক্সিডেন্ট, পেট কামোৰ, পেটত বায়ু হোৱা, বমি ভাব আৰু দুৰ্বলতাৰ বাবে ই উপকাৰী।

লেটেকু -

লেটেকুৰ বৈজ্ঞানিক নাম Baccaurea Sapida। ই Euphorbiceae গোত্ৰৰ অন্তৰ্ভুক্ত। ইয়াক বাৰ্মিজ গ্ৰেপ বুলিও কোৱা হয়। উদ্ভিদজোপা চিৰহৰিৎ, মজলীয়া আকাৰৰ, দহৰ পৰা বাৰ মিটাৰ ওখ।

ফল ঘূৰণীয়া, ২-৩ চেন্টিমিটাৰ ব্যাসৰ, পকা ফল হালধীয়া বৰণৰ। বাকলি মঙহাল, গুটি তিনিটা। প্ৰতিটো গুটি শেঁতা অথবা গুলপীয়া বৰণৰ মিঠা, টেঙা মঙহেৰে আবৃত।

ফলবোৰ থোপা হিচাপে ওলমি লাগে। ই ম্যানমাৰ আৰু বাংলাদেশত অতি জনপ্ৰিয়। লেটেকুৰ প্ৰথম খেতি থাইলেণ্ডত বুলি জনা যায়। অসমত যথেষ্ট পৰিমাণে পোৱা যায়।

লেটেকুত খাদ্যপ্ৰাণ ‘গ’ থাকে আৰু ই এন্টি-অক্সিডেন্ট। লেটেকুৰ গুটিৰ পৰা আন্নাটলো নামৰ এবিধ ৰঞ্জক পদাৰ্থ তৈয়াৰ কৰা হয়। গুটিবোৰত ৪.৮ ৰ পৰা ৬ শতাংশ আন্নাটলোডাই থাকে। ৰেচমী, কপাহী কাপোৰত কমলা ৰং আনিবলৈ এই ৰঞ্জক ব্যৱহাৰ কৰা হয়।

বাংলাদেশত এই প্ৰথা প্ৰচলিত। কিন্তু যথেষ্ট গুটিৰ প্ৰয়োজন হয় বাবে লাহে লাহে ইয়াৰ ব্যৱহাৰ কমি আহিছে। ইয়াৰ শিপা গুড়ি কৰি মাংসত সানি থ’লে মাংসৰ সোৱাদ বাঢ়ে আৰু কেসৰৰ সোৱাদ আনি দিয়ে।

গা গছৰ বাকলিৰ পৰা ৰছীও বনাব পাৰি। নগাসকলৰ কিছুমান সম্প্ৰদায়ে ইয়াৰ গুটি ডায়েৰীয়া হ’লে গুড়ি কৰি খায়।

নৰা বগৰী -

ইয়াৰ বৈজ্ঞানিক নাম Prunus persica আৰু Rosaceae গোত্ৰৰ অন্তৰ্ভুক্ত। ইংৰাজীত নৰা বগৰীক পিটচ বোলে। উদ্ভিদজোপা পৰ্ণপাতী আৰু প্ৰায় আঠ মিটাৰ ওখ।

কিছুমান জোপোহা, চাপৰ হৈও থাকে। ফুলবোৰ গুলপীয়া বৰণৰ। ফলবোৰ ৰসাল, মিঠা আৰু এগুটীয়া।

নৰা বগৰীৰ প্ৰথমতে চীন দেশত খেতি কৰা হৈছিল। পিছলৈ জাপান, ভাৰতবৰ্ষ, ইউৰোপ ইত্যাদি দেশলৈও ইয়াৰ সম্প্ৰসাৰণ হয়।

আহোম বগৰীৰ দৰে ইয়াৰ খেতিও গুটি আৰু অংগজ প্ৰজননৰ দ্বাৰা কৰিব পাৰি। ইয়াৰ খেতিৰ বাবে মাটিত নাইট্ৰ’জেন সাৰৰ প্ৰয়োজন বেছি।

নৰা বগৰীত যথেষ্ট পৰিমাণৰ শৰ্কৰা, থায়ামিন, এচকৰবিক এচিড আৰু খাদ্যপ্ৰাণ ‘ক’ থাকে। এটা মধ্যমীয়া জোখৰ নৰা বগৰীত তলত দিয়াৰ ধৰণৰ দ্ৰব্য পোৱা যায়।

 

শক্তি

৩০ কিলো কেলৰি

শ্বেতসাৰ

৭ গ্ৰাম(ইয়াৰে ছয় গ্ৰাম শৰ্কৰা, এক গ্ৰাম আঁহ)

প্ৰ’টিন

১ গ্ৰাম

পটাছিয়াম

১৪০ মিঃগ্ৰাম

 

নৰা বগৰীত যথেষ্ট পৰিমাণৰ এন্থচায়ানিন পোৱা যায়। চীনাসকলে নৰা বগৰীৰ গুটি তেওঁলোকৰ পৌৰাণিক চিকিৎসা পদ্ধতিত ব্যৱহাৰ কৰিছিল।

খাজুৰি -

ইয়াৰ বৈজ্ঞানিক নাম Phoenix sylvestris আৰু ই Arecaceae গোত্ৰৰ অন্তৰ্ভুক্ত। ইংৰাজীত ৱাইলড ডেট প্লাম অথবা ছুগাৰ ডেট প্লাম বোলে। ভাৰতবৰ্ষ, পাকিস্তান, শ্ৰীলংকা আৰু বাংলাদেশত হয়।

উদ্ভিদ এক বীজপত্ৰী, চিৰহৰিৎ, গা গছ শকত এডাল, পাতবোৰ দীঘল আৰু অগ্ৰভাগত লাগে। গছবোৰ আঠৰ পৰা বাৰ মিটাৰ পৰ্যন্ত ওখ হয়। পকা ফল সুমথিৰা ৰঙৰ।

ফলৰ ৰাসায়নিক বিশ্লেষণত তলত দিয়া ধৰণে বিভিন্ন দ্ৰব্য পোৱা যায়-

 

পানী

৬৬.৭ শতাংশ

শৰ্কৰা

১৮.৪২ শতাংশ

খাদ্যপ্ৰাণ গ

৯.৪২ মিঃগ্ৰাম

পেকটিন

০.৫১ শতাংশ

প্ৰ’টিন

১.১২ শতাংশ

ফছফৰাছ

০.০৪২ শতাংশ

পটাছিয়াম

০.৫৪৯ শতাংশ

কেলচিয়াম

০.১৩৯ শতাংশ

মেগনেচিয়াম

০.০০৬ শতাংশ

লৌহ

০.০০৭ শতাংশ

 

ওপৰত বিশ্লেষণৰ পৰা দেখা গ’ল যে খাজুৰিক আমি বিশেষ গুৰুত্ব নিদিওঁ যদিও ইয়াত কেইবাবিধো প্ৰয়োজনীয় খনিজ পদাৰ্থ পোৱা যায়।

খাজুৰিৰ ঔষধি গুণৰ ভিতৰত- ই শীতলতা প্ৰদান কৰে, হৃৎপিণ্ডৰ বাবে উপকাৰী, পেটৰ অসুখ, জ্বৰ, বমি মূৰ্ছা যোৱাত ব্যৱহাৰ কৰা হয়। ইয়াৰ শিপা দাঁতৰ বিষ উপশমৰ বাবে ব্যৱহাৰ হয়।

খাজুৰিৰ ৰসৰ পৰা জেলী আৰু সুৰা প্ৰস্তুত পাৰি। লগতে ইয়াৰ ৰস সিজাই উৎকৃষ্ট প্ৰকাৰৰ গুড় তৈয়াৰ কৰা হয়। গ্ৰাম্য অঞ্চলত খাজুৰিৰ গা গছ ঘৰ সাজোঁতে ব্যৱহাৰ হয়।

তদুপৰি ইয়াৰ পাতৰ পৰা ঝাড়ু, বিচনী ইত্যাদি তৈয়াৰ কৰা হয়। খাজুৰি খালে ওজন বৃদ্ধি হয়। আনকি খাজুৰিৰ পাত গাখীৰ দিয়া জন্তুক খুৱালে সেই গাখীৰত স্নেহৰ পৰিমাণ বৃদ্ধি পায়।

বৰজামু:

ইয়াৰ বৈজ্ঞানিক নাম Eugenia Jambolana আৰু ই Myrtaceae গোত্ৰৰ অন্তৰ্ভুক্ত। উদ্ভিদজোপা চিৰহৰিৎ, ত্ৰিছ মিটাৰ পৰ্যন্ত ওখ হয়। জামুগছ এশ বছৰলৈকে বাছি থাকে।

ইয়াৰ কাঠ যথেষ্ট মজবুত। কোনো কোনো দেশত ইয়াৰ কাঠৰ দ্বাৰা খেতিৰ সঁজুলি আৰু গৰু গাড়ীৰ চকা তৈয়াৰ কৰা হয়।

তদুপৰি ৰে’ল লাইনৰ শ্লীপাৰ বনাওতেই ব্যৱহাৰ কৰে। মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত ফলবোৰ ফুলে আৰু মে’-জুনৰ ভিতৰত ফলবোৰ হয়। পূৰঠ জামুৰ বৰণ আঠ বেঙুনীয়াৰ পৰা ক’লা।

প্ৰতি এশ গ্ৰাম জামুত তলত দিয়া অনুপাতে বিভিন্ন উপাদান থাকে।

 

শক্তি

৬০ কিলো কেলৰি

শ্বেতসাৰ

১৪ শতাংশ

স্নেহ পদাৰ্থ

০.৩ শতাংশ

প্ৰ’টিন

০.৭ শতাংশ

পানী

৮৩ শতাংশ

থায়ামিন(খাদ্যপ্ৰাণ বি১)

১ শতাংশ

ৰিব’ফ্লেভিন(খাদ্যপ্ৰাণ বি২)

১ শতাংশ

নিয়াচিন(খাদ্যপ্ৰাণ বি৩)

২ শতাংশ

 

তদুপৰি অক্সেলিক এচিড, গেলিক এচিড(১-২ শতাংশ), টেনিন(১৯ শতাংশ), জাম্বলিন নামৰ গ্লাইক’চাইড জামুত পোৱা যায়।

ঔষধি গুণৰ ভিতৰত জামু মধুমেহ ৰোগৰ মহৌষধ। ই পেটৰ আলচাৰ, ডায়েৰীয়া, ছালৰ জ্বলা-পোৰাৰ বাবেও ভাল। ই লিভাৰক কাৰ্যক্ষম কৰি ৰাখে।

গৱেষণা কৰি পোৱা গৈছে যে জামু এইচ আই ভিৰ বাবেও উপকাৰী।

জামুগুটিও আয়ুৰ্বেদিক চিকিৎসাত ব্যৱহাৰ হয়। ই মধুমেহ আৰু পেটৰ অসুখৰ বাবে উপকাৰী। জামুৰ পাত পাত আৰু গা-গছ, ছাল উচ্চ ৰক্তচাপ আৰু দাঁতৰ আলুৰ ঘা উপশমত ব্যৱহাৰ হয়।

ভাৰতৰ বিভিন্ন প্ৰদেশত, বিশেষকৈ গুজৰাটত ইয়াক ভগৱানৰ ফল বুলি কোৱা হয়। মহাৰাষ্ট্ৰত ইয়াক গুটি হাৰ্বেল চাহত ব্যৱহাৰ হয়।

গতিকে ইমান গুণসম্পন্ন ফলসমূহ বতৰত খাই সোৱাদ লোৱাৰ উপৰি তাৰ লাভালাভ আহৰণ কৰি লোৱা উচিত।

উৎস: নিয়মীয়া বাৰ্তা

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top