অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাৰীৰ চুকৰ হালধি :

বাৰীৰ চুকৰ হালধিৰ বিষয়ে লিখা হৈছে ।

 

প্ৰতিদিনে প্ৰায় সকলো খাদ্যৰ যোগেদি আমি হালধি গ্ৰহণ কৰো। পুৱাৰ লুচী বা ৰুটিৰ লগত ভাজি কণৰ পৰা আৰম্ভ কৰি দুপৰীয়া ৰাতিৰ আহাৰ সকলোলৈকে হালধিযুক্ত খাদ্য আমি খাওঁ। হালধিবিহীন খাদ্য আমাৰ বাবে ৰং নোহোৱা ঢেলঢেলিয়া বেয়া পোৱা খাদ্য এবিধহে হ’ব। হালধিৰে সুন্দৰকৈ ৰং বোলোৱা খাদ্যবিধ নহ’লে খাদ্য খোৱাৰ কথা আমি যেন ভাবিবই নোৱাৰো। খালেও প্ৰকৃত সোৱাদ পোৱা নাযায়। মনৰ আনন্দ নাথাকে। মুঠতে যি খাদ্যত হালধি ব্যৱহাৰ কৰা হয়, তাত হালধি লাগিবই। নিমখৰ লগতে হালধিও একেদৰেই গুৰুত্বপূৰ্ণ। পিছে হালধি কেৱল ৰং বোলাবলৈকে বা দেখাত শুৱনি কৰিবলৈকে নহয়। হালধিৰ আছে বহুতো গুণ। আজিৰ আধুনিক লোকে সেই বিষয়ে জনাতো অতি দৰকাৰ।

হালধিৰ ব্যৱহাৰে পৰিপাক যন্ত্ৰ সুস্থ কৰে, হৃদযন্ত্ৰৰ ক্ষমতা বৃদ্ধি কৰে, মস্তিষ্ক সবল কৰে, জীৱাণু নাশ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বিজ্ঞানে স্পষ্ট কৰিছে হালধিয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

বিজ্ঞানীসকলে পাইছে- কৰ্কটৰ জীৱাণুত হালধি প্ৰয়োগ কৰিলে কোষ বিনষ্ট হয় আৰু কৰ্কট কোষৰ সংখ্যাও কমি যায়। যি কাৰণত বিজ্ঞানীসকলে কৰ্কট ৰোগ প্ৰতিৰোধত হালধিক গুৰুত্ব দিয়ে, সেয়া হৈছে হালধিয়ে কৰ্কটৰ কোষক বিভিন্ন দিশৰ পৰা আক্ৰমণ কৰে। যিবোৰ জিনক কৰ্কটৰ লগত সম্পৰ্কিত বুলি ভবা হয়, হালধিয়ে তাৰ কাৰ্যক্ষমতা কমাই দিয়ে। নিষ্ক্ৰিয় কৰে কৰ্কটৰ লগত সম্পৰ্কযুক্ত প্ৰ’টিনৰো। একেলগে সক্ৰিয় কৰে সেইসমূহ প্ৰ’টিনৰো যিয়ে কৰ্কট কোষৰ দ্ৰুত বৃদ্ধি প্ৰতিৰোধ কৰে আৰু কোষৰ মৃত্যুও ঘটায়।

চিকিৎসা শাস্ত্ৰত হালধিৰ ব্যৱহাৰ অৱশ্যে নতুন নহয়। ভাৰতৰ ঔষধি জগতত হাজাৰ হাজাৰ বছৰ ধৰি হালধিৰ ব্যৱহাৰ হৈ আহিছে। আয়ুৰ্বেদতো উল্লেখ আছে হালধিৰ ঘা, শৰীৰত দুখ পোৱা, বিষ নিৰাময়ত হালধিৰ ব্যৱহাৰ আমাৰ দেশত লোকাচাৰৰ দৰেই। বিজ্ঞানীসকলে সেই হালধিকে আজি যথাযথ পৰীক্ষাৰ দ্বাৰা ইয়াৰ গুণ প্ৰতিষ্ঠিত কৰিছে। যিকোনো ভেষজ যিমানেই গুণসম্পন্ন নহওক কিয় বিজ্ঞানসন্মত পৰীক্ষাৰ মাধ্যমেৰে প্ৰয়োগ কৰা নহ’লে প্ৰতিষ্ঠিত ঔষধ হিচাপে স্বীকৃতি পোৱা নাযায়। এইখিনিতেই আধুনিক গৱেষণাৰ গুৰুত্ব। হালধিয়ে সেই গৱেষণা পাৰ হৈ আজি মানৱ কল্যাণৰ বাবে স্বীকৃতি লাভ কৰিছে। গতিকে বাৰীৰ চকুত নীৰৱে গজি থকা হালধিডৰাৰ প্ৰতি আমি মৰমেৰে দৃষ্টি দিয়া উচিত। মনত ৰখা উচিত আমাৰ মাটিত সহজে হালধি খেতি হালধি খেতি হ’লেও বিদেশত বেছিকৈ চলিছে ইয়াৰ গৱেষণা। আহক হালধিৰ বিষয়ে আমি বেছিকৈ জানিবলৈ চেষ্টা কৰো আৰু হালধিৰ প্ৰতি সচেতন হওঁ।

উৎস: অসম বাণী(প্ৰাচী কাশ্যপ)

3.375
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top