মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / বিভিন্ন ৰোগৰ প্ৰতিষেধক সৰ্পগন্ধা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন ৰোগৰ প্ৰতিষেধক সৰ্পগন্ধা :

বিভিন্ন ৰোগৰ প্ৰতিষেধক সৰ্পগন্ধাৰ বিষয়ে লিখা হৈছে ।

 

সৰ্পগন্ধা এবিধ ঔষধি গছ। ভিন ভিন অঞ্চলত ইয়াক বেলেগ বেলেগ নামেৰে জনা যায়। লোকবিশ্বাস মতে, সৰ্পগন্ধা গছৰ গোন্ধ সাপে সহ্য কৰিব নোৱাৰে কাৰণে এই গছৰ নাম সৰ্পগন্ধা হ’ল। এই গছ হিমালয়ৰ তৰাই অঞ্চলত যথেষ্ট পৰিমাণে পোৱা যায়। উত্তৰ প্ৰদেশৰ উত্তৰ আৰু পূব অঞ্চলত, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ দক্ষিণ অঞ্চল, অসম আৰু বিহাৰত সৰ্পগন্ধা গছ পোৱা যায়। ইয়াৰ খেতিও কৰা হয়। ইয়াৰ বীজ ৰোপণ কৰি নাইবা ডাল কাটি ৰোৱা হয়। সৰ্পগন্ধা গছ দুই-তিনি ফুটমান ওখ হয়। ইয়াৰ ডালবোৰৰ পৰা পাত ওলায়। পাতবোৰ তিনিৰ পৰ ছয় ইঞ্চিমান দীঘল আৰু দুই ইঞ্চিমান বহল হয়। ডালৰ কাষেৰে থূপ-থূপকৈ ফুলৰ কলি ওলায়। ফুলৰ ঠাৰিডাল পাতল ৰঙা বা মাটীয়া ৰঙৰ। ফুলবোৰ এক-ডেৰ ইঞ্চিমান হয়। প্ৰথমে ফুলৰ ৰং বগা থাকে। পাছত ৰঙা ৰঙৰ হয়। এপ্ৰিলৰ পৰা নৱেম্বৰলৈ ফুল ফুলে। কেতিয়াবা একেটা ডালতে ৰঙা আৰু বগা ফুল ফুলি নয়নাভিৰাম দৃশ্যৰ সৃষ্টি কৰে।

সৰ্পগন্ধা গছত মে’ মাহত মটৰ গুটিৰ আকৃতিৰ ফল লাগে। জুলাইৰ পৰা অক্টোবৰ-নৱেম্বৰৰ ভিতৰত ফল পকে। কেঁচা অৱস্থাত ফলৰ ৰং সেউজীয়া। পকিলে প্ৰথমে ৰঙা বৰণৰ হয় যদিও লাহে লাহে ক’লা চানেকীয়া ৰঙা হৈ পৰে। সৰ্পগন্ধা গছৰ শিপাৰ পৰা বিভিন্ন ঔষধ তৈয়াৰ কৰা হয়। ইয়াৰ শিপা ১০ ইঞ্চি পৰ্যন্ত দীঘল হয় আৰু হালধীয়া চালেৰে ঢকা থাকে। বাৰিষা সৰ্পগন্ধাত এক বিশেষ ধৰণৰ পোক হয় আৰু গছডাল নষ্ট কৰে। সেয়ে সেমেকা বাতাবৰণৰ পৰা ইয়াক ৰক্ষা কৰা উচিত।

সৰ্পগন্ধা গছ যিমানে পুৰণি হয়, সিমানে ইয়াৰ ঔষধি গুণ বাঢ়ে। সৰ্পগন্ধাৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

*সৰ্পগন্ধা গছৰ শিপাৰ পৰা তৈয়াৰী ঔষধ মানসিক ৰোগীৰ বাবে উপকাৰী। এই ঔষধ ব্যৱহাৰৰ দ্বাৰা মানসিক ৰোগীৰ মনলৈ শান্তি আহে।

*উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবেও সৰ্পগন্ধাৰ শিপাৰ গুৰিৰ পৰা প্ৰস্তুত কৰা ঔষধ উপকাৰী।

*মানসিক অৱসাদ দূৰ কৰিবলৈ সৰ্পগন্ধা গছৰ পৰা তৈয়াৰ কৰা বেজী ব্যৱহাৰ কৰা হয়।

*সাপে খুঁটিলে সৰ্পগন্ধা গছৰ শিপা কাঠি সেই স্থানত লগালে বিষ কমে।

*সৰ্পগন্ধা গছৰ শিপা গুড়ি কৰি এক ৰাতি হিচাপত পানীৰ লগত খালে অনিদ্ৰা ৰোগ নিৰাময় হয়।

*শৰীৰত হোৱা বিভিন্ন বিষ, মূৰ ঘূৰোৱা, উন্মাদ ৰোগ আদিত সৰ্পগন্ধাৰ শিপাৰ গুড়ি প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top