অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিলাহী আৰু গাজৰ

বিলাহী আৰু গাজৰ

বিলাহী

শাক-পাছলি আৰু ফলৰ ভিতৰত মানুহে বেছি সমাদৰ কৰে বিলাহীক। বিলাহী সুস্বাদু আৰু স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। ইয়াত ভিটামিন এ. বি. চি. আৰু ডি. থকাৰ উপৰি ছালফাৰ, পটেছিয়াম, লো আৰু কেলছিয়ানো থাকে প্ৰচুৰ পৰিমাণে। ৰান্ধিলে কিছু পৰিমাণে ভিটামিন নষ্ট হয়। গতিকে কেঁচাই খোৱাটোহে বেছি উপকাৰী। বিলাহী তেজ বিশুদ্ধ কৰাক আৰু ই টনিকৰ দৰে কাম কৰে। জ্বৰ, ডাইবেটিক আৰু বেছিসময় ধৰি উপবাসে থাকিলে বিলাহী খাব লাগে। ইয়াত অধিক পৰিমাণৰ এ ভিটামিন থাকে। সেইবাবে বিলাহীক কুকুৰীকণা, দুৰ্বল দৃষ্টিশক্তি আৰু ভিটামিনৰ অভাৱত হোৱা চকুৰ আন বেমাৰৰ প্ৰতিষেধক বুলি কোৱা হয়। বিলাহীত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে। ই স্কাৰ্ভি ৰোগৰ প্ৰতিষেধক আৰু আৰোগ্যৰ কাৰক। বিলাহীয়ে শিশুৰ শাৰীৰ বৃদ্ধিতো সহায় কৰে। ইয়াত কেলচিয়াম আৰু লো থাকে যথেষ্ট পৰিমাণে। প্ৰতিদিনে এটি শিশুক এচামুচকৈ বিলাহীৰ ৰস খুৱাব লাগে। শিশুক প্ৰতিদিনে ২ চামুচকৈ বিলাহীৰ ৰস খুৱালে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা বন্ধ হয়।

গাজৰ

গাজৰ হৈছে এবিধ সুস্বাদু পাছলি। ই পুষ্টিকৰ খাদ্য। গাজৰত কেলছিয়াম যথেষ্ট পৰিমাণে থাকে। ই এ ভিটামিটৰ অভাৱ পূৰণ কৰে। কলা নিমখ মিহলাই গাজৰৰ লগত থাকে পেটত গেছ হোৱাৰ পৰা হাত সাৰিব পাৰি। গাজৰ পাত আৰু শিপাৰো বহুত গুণ আছে। ভিটামিন এ, বি, চি.ৰ উপৰি ইয়াত ছালফাৰ আৰু ফচফৰাচ থাকে। বিভিন্ন ৰোগৰ বিপক্ষে ই প্ৰতিষেধক শক্তি বৃদ্ধি কৰে। শৰীৰ বিকাশত সহায় কৰে। গাজৰ সেৱনে কিডনিৰ জ্বলা-পোৰা ভাব দূৰ কৰে। দৈনিক ৰাতিপুৱা ৩-৪টাকৈ গাজৰ ৰস খালে অম্লতা দূৰ হয়।

লেখিকা: ৰেখা বৰা।

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate