মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / বেঙেনাৰ স্বাস্থ্যবৰ্ধক গুণাগুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বেঙেনাৰ স্বাস্থ্যবৰ্ধক গুণাগুণ

বেঙেনাৰ স্বাস্থ্যবৰ্ধক গুণাগুণ

সাধাৰণতে খোৱাৰ পাতত পাচলিজাতীয় খাদ্যসামগ্ৰীৰ ভিতৰত আলুৰ পাছতে বেঙেনাই স্থান পায় । বেঙেনা কেৱল আমাৰ দেশ ভাৰতবৰ্ষতে উৎপাদন কৰা হয় । সেয়ে ইয়াৰ মহত্ব তথা স্বাস্থ্য সম্বন্ধীয় গুণাগুণ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে । পোষক পদাৰ্থৰ দৃষ্টিৰে বেঙেনাত কেলছিয়াম, ফছফৰাছ,লৌহ পদাৰ্থ,পটাছিয়ামতথা মেংগানিজ মধ্যম মাত্ৰাত পোৱা যায় । ইয়াৰ লগতে ভিটামিন এ আৰু ভিটামিন বি কমপ্লেক্স কিছু পৰিমাণে থাকে । দেখাত টান যেন লাগিলেও বেঙেনাত ৯২% পানী পোৱা যায় ।
বেঙেনাৰ স্বাস্থ্যবৰ্ধক গুণাগুণ
____________________
(১) ফাইবাৰ হ'ল এবিধ পোষক পদাৰ্থ, যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে । বেঙেনা খালে আপোনাৰ শৰীৰে ২ গ্ৰাম ফাইবাৰ লাভ কৰিব । সেয়ে নিয়মীয়া আহাৰত বেঙেনাক অন্তৰ্ভূক্ত কৰক আৰু কোষ্টকাঠিন্যতাৰদৰে ৰোগৰ পৰা বাচি থাকক ।
(২) বেঙেনাই শৰীৰৰ ছালক হাইড্ৰেট কৰি ৰাখে আৰু ইয়াক ভিতৰৰ পৰা কোমলতা প্ৰদান কৰে । সেয়ে যিসকল ব্যক্তিৰ ছাল আৰু চুলি ৰুক্ষ আৰু শুকান হয়,তেওঁলোকে বেঙেনা খাবলৈ আৰম্ভ কৰি দিয়ক ।
(৩) বেঙেনাই শৰীৰৰ বৰ্ধিত চৰ্বি নাশ কৰে আৰু কেলৰি হ্ৰাস কৰে । বেঙেনাত ফাইবাৰ পোৱা যায়,যাক খালে পেট ভৰি যায় আৰু ভোক নালাগে । ইয়াৰ দ্বাৰা ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায়ক হয় ।
(৪) বেঙেনাৰ গছত যথেষ্ট পৰিমাণৰ নিউট্ৰিচনচ পোৱা যায়, যি মগজুৰ শ্ৰীবৃদ্ধিৰ বাবে উপযোগী । ই মগজুৰ ফ্ৰি ৰেডিকেলচবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু মগজুৰ বিকাশ সাধন কৰে ।
(৫) হাই ফাইবাৰ আৰু কম কাৰ্বহাইড্ৰেট থকাৰ বাবে বেঙেনা মধুমেহ ৰোগীসকলৰ বাবে উপযোগী । ই আপোনাৰ চুগাৰ লেভেল কম কৰিব পাৰে ।
(৬) বেঙেনা হৃদৰোগ,যকৃতৰ ৰোগ আৰু কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো চিকিৎসকৰ দ্বাৰা এক স্বাস্থ্যবৰ্ধক সুপথ্য হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হয় ।
বিশেষ দষ্ট্ৰব্যঃ- বেঙেনাৰ উপকাৰী দিশ আছে যদিও কিছুমান ক্ষেত্ৰত ইয়াক খোৱাৰ ফলত সৃষ্টি হোৱা ক্ষতিকাৰক প্ৰভাৱক সহজতে ওলাই কৰিব নোৱাৰি । আমি জানো যে বেঙেনাত প্ৰচুৰ পৰিমাণৰ গুটি পোৱা যায় । এই গুটিবোৰে আমাৰ পেটলৈ গৈ অপকাৰ সাধন কৰিব পাৰে । সেয়ে পেটৰ কিছুমান গুৰুতৰ ৰোগত ভোগা ব্যক্তিসকলে বেঙেনা খোৱা উচিত নহয় । বেঙেনাৰ গুটিবোৰৰ বাবেই দন্তৰোগত আক্ৰান্ত ব্যক্তিসকলৰ ইয়াক খোৱাটো হানিকাৰক । তদুপৰি পিছলপ্ৰকৃতিযুক্ত হোৱাৰ বাবে মৃগীৰোগীসকলৰ ক্ষেত্ৰতো বেঙেনাক এবিধ বিৰুদ্ধ আহাৰ বুলি গণ্য কৰা হয় ।

লিখক: ৰিদিপ ৰঞ্জন চেতিয়া

2.91071428571
Ishan Kashyap Hazarika Mar 31, 2015 11:02 AM

এলাৰ্জিৰ বাবে বঙেনা বেয়া বুলি কোৱা হয়। কথাটো কিমান দূৰ সত্য ?

নবনীতা বৈশ্য Mar 24, 2015 01:45 PM

বেঙেনাৰ উপকাৰী গুণসমূহ পঢ়ি ভাল লাগিল, বিশেষকৈ হৃদৰোগ, যকৃতৰ ৰোগ আৰু কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো যে বেঙেনা উপকাৰী সেইটো জানি ভাল লাগিল।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top