মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / বেল কোমোৰা আৰু মেৱাৰ ঔষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বেল কোমোৰা আৰু মেৱাৰ ঔষধি গুণ :

বেল কোমোৰা আৰু মেৱাৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

বেল কোমোৰা এবিধ লতাজাতীয় গছ। এইবিধ গছে আন গছক সাৰথি কৰি ওপৰলৈ বগাই যায়।

ই বহু বৰ্ষজীৱী গছ। সাধাৰণতে বেল কোমোৰা গছ গুটিৰ পৰা গজে যদিও পূৰঠ ডাল ৰুলে গছ গজে।

ইয়াৰ পাতবোৰ মিহি, ডাঙৰ আৰু কণী আকৃতিৰ। পাতৰ বৰণ কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে হালধীয়া বৰণৰ হয়।

বৰ্ষা কালত কলিৰ পৰা ফুল হয়।

ফুলৰ বৰণ কজলা। এই কজলা ফুলবোৰৰ পৰা এটা কোমল গোন্ধ ওলায়। ফুলৰ পৰা ফল হয়। ফলবোৰৰ ওপৰৰ অংশ মিহি আৰু চিকচিকীয়া।

ফলৰ আকৃতি দীঘ্ল। ভিতৰৰ অংশ ৰসাল আৰু মঙহাল। ফলৰ ভিতৰত অসংখ্য কোমল আৰু ৰসাল আৱৰণ থকা গুটি আছে।

বেল কোমোৰা দেখাত বেলটোৰ দৰে যদিও দিঘলীয়া হোৱা কাৰণে বোধ হয় ইয়াৰ নাম বেল কোমোৰা। অঞ্চলভেদে ইয়াক কঠবেল, মেৱা আদি নামেৰেও জনা যায়।

বেল কোমোৰাৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

*মূৰৰ বিষ হ’লে বেল কোমোৰা খালে উপকাৰ পোৱা যায়।

*বহুমূত্ৰ ৰোগত বেল কোমোৰাৰ পাত পিহি তাৰ ৰস উলিয়াই খালে ভাল ফল পোৱা যায়।

*টোপনি নোহোৱা ৰোগটো বেল কোমোৰা খোৱাটো উপকাৰী।

*উচ্চ ৰক্তচাপত বেল কোমোৰাৰ পাতৰ ৰস খালে ভাল ফল পোৱা যায়।

*পায়খানা বেছিকৈ হ’লে বেল কোমোৰা খালে ৰোগ নিৰাময় হোৱাত সহায় কৰে।

*শ্বাসৰ কষ্ট হ’লে বেল কোমোৰা খালে ভাল ফল পোৱা যায়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

 

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top