বেলগছ সৰ্ব্বজনবিদিত এবিধ পবিত্ৰ গছ। দেৱকাৰ্য্যত বেলপাতৰ প্ৰয়োজনীয়তা সৰ্ব্বত্ৰ পৰিলক্ষিত। বেল গছ ওখ ডাঙৰ হয়। ইয়াৰ গা-গছ আৰু ডালবোৰ কাইটীয়া। পাতবোৰ তিনিপতীয়া দেখিবলৈ ধুনীয়া; অৱশ্যে চাৰিপতীয়া বেল গছো এবিধ আছে যদিও সচৰাচৰ পোৱা নাযায়। বেলৰ শাস্ত্ৰীয় নম-বিলব শাণ্ডিল্য বা শ্ৰীফল। কেচা বেল টুকুৰা-টুকুৰকৈ কাটি ৰ’দত শুকালে তাক বেলশুঠ বোলে। বেলশুঠ আয়ুৰ্বেদীয় দৰবৰ উপাদান।
গুণাগুণ
কেচা বেল সেউজীয়া আৰু ভিতৰখন বগা আৰু পকিলে ওপৰৰ বাকলি ঈষৎ হালধীয়া হয়।
লিখক: ধৰ্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 7/19/2020