অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বেলৰ ঔষধি গুণ

আমাৰ সকলোৰে পৰিচিত এজোপা গছ হৈছে বেলগছ । এইডাল গছৰ প্ৰায় সকলো অংশই আমাৰ বাবে অতি মূল্যৱান । ইয়াৰ বিভন্ন অংশ আমি বিভিন্ন কামত ব্যৱহাৰ কৰি ইয়াৰপৰা সুফল পাব পাৰো।
বেলৰ ইংৰাজী নাম —— Wood apple, Bael
বৈজ্ঞানিক নাম —— Aegle Marmetos 
বৰ্গ —— Sapindales
পৰিয়াল —— Rutaceae, গোত্ৰ —— Clauseneae
.
ই এবিধ পুষ্টিকৰ ফল ৷ হিন্দু ধৰ্মী লোকসকলে পূজা-অৰ্চনাত বেল গছৰ পাত ব্যৱহাৰ কৰে ৷ বেলক বঙালী আৰু হিন্দী ভাষাত বেল বুলিয়ে কয় । সংস্কৃত ভাষাত বিল্ব বুলি কোৱা হয় ৷ 
বেলত থকা পদাৰ্থবোৰ হ’ল 
পানী —— ৬৯.৫ গ্ৰাম , প্ৰটিন —— ৭.৩ গ্ৰাম, চৰ্বী ——— ০.৬ গ্ৰাম, আঁহ——— ৫.২ গ্ৰাম, শৰ্কৰা——— ১৫.৫ গ্ৰাম, কেলছিয়াম ——— ০.১১ গ্ৰাম, ফছফৰাছ¬ —— ০.১৩ গ্ৰাম, লৌহ পদাৰ্থ —— ০.৬ মিলিগ্ৰাম, খাদ্যপ্ৰাণ 'খ' —— ০.৮ মিলিগ্ৰাম, খাদ্যপ্ৰাণ 'গ'—— ৩মিলিগ্ৰাম, খাদ্যপ্ৰাণ 'ক'—— ৬১ মাইক্ৰগ্ৰাম, শক্তি (কেলৰি) —— ৯৭ কেল ৷
.
বেল গছৰ বহুতো ঔষধি গুণ আছে । তাৰে কেইটিমান তলত আলোচনা কৰা হ’ল ৷
(১) হৃদযন্ত্ৰৰ দুৰ্বলতা —— ২৫ গ্ৰাম মান বেলৰ শাহ আৰু ১ চামুচ চেনি আৰু দুটামান ইলাচি একেলগ কৰি ঠাণ্ডা পানীত মিহলাই চৰবত কৰি প্ৰতিদিনে এগিলাচ কৈ খালে এই ৰোগৰপৰা হাত সাৰিব পাৰি ।
(২) স্মৃতি শক্তি বৃদ্ধিত বেল —— দুটামান বেলপাত গৰুৰ ঘিউত ভাজি লব লাগে। তাৰপিছত তালমিছিৰৰ গুড়ি কৰি কেইদিনমান খালে স্মৃতি শক্তি বৃদ্ধি পায় ।
(৩) পাতল পায়খানা হ’লে —— বেলৰ শুঠি আৰু ধুনিয়াৰ চূৰ্ণ এলেগলে ১চামুচ মিহলাই ল’ব লাগে । তাৰপিছত পানীৰ লগত দিনে তিনবাৰমান খালে পায়খানা বন্ধ হয় । যদি পায়খানাৰ লগত তেজও পৰো ইয়াৰপৰা উপশম পাব পাৰি । ইয়াৰ উপৰি কেঁচা বেল গুড়ি কৰি ইয়াৰ শাহ তালিমিচিৰৰ লগত দুচামুচ মান মিহলাই খালেও উপশম পাব পাৰি । দিনে তিনিবাৰমান খাব লাগিব ।
(৪) গ্ৰহণী —— বেলৰ শুঠি (এবাৰতে) আধা চামুচ আৰু আমৰ গুটিৰ শাহটো লগতে চাৰি চামুচমান ভাল আলউৱা চাউলৰ পানী মিহলি কৰি লওক । প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে প্ৰথম দিনা ৪ বাৰ, দ্বিতীয় দিনা পুৱা আৰু আবেলি আৰু তৃতীয় দিনা ৰাতিপুৱা সেৱন কৰিলে সুফল পোৱা যায় । তদুপৰি আধাপকা বেল পুৰি ইয়াৰ শাহ এবাৰত দুচামুকৈ এচামুচ চেনি বা গুৰৰ লগত মিহলাই খালেও বহুদিনৰ গ্ৰহণী ৰোগ আৰু ৰক্ত গ্ৰহণী ভাল হয় ।
(৫) অতিসাৰ (Diarrhoea) —— এই ৰোগত কেঁচা বেল বৰ উপকাৰী । কেঁচা বেল পুৰি তাৰ শাহটো দুচামুচ কৈ ৰোগীক খাবলৈ দিলে পায়খানা বন্ধ হয় । নাইবা ৰ’দত শুকোৱা পকা বেল গুড়ি পানীৰ লগত মিহলাই ১ চামুচকৈ খালেও এই ৰোগত উপশম পাব ।
(৬) হুপিং কাহ —— পটা এখনত কেইখিলামান বেলৰ পাত থেতেলাই গৰুৰ ঘিউঁত ভাজি ল’ব লাগে । তাৰ পিছত ভালদৰে গুৰি কৰি বটলত ভৰাই থওক । তাৰপিছত ১বা ২ গ্ৰাম মাত্ৰত তাৰ গুড়ি লৈ মৌৰ লগত মিহলাই দিনত ২-৩ বাৰকৈ সেৱন কৰক । ৰোগৰপৰা উপশম পাব ।
(৭) গাৰ দুৰ্গন্ধ —— গাৰপৰা বেয়া গোন্ধ ওলালে বা ঘামজনিত কাৰণত গাৰ গোন্ধালে বেলৰপাত পিচি ৰস উলিয়াই পানীত মিশ্ৰণ কৰি ল’ব লাগে । মিশ্ৰণখিনি গা ধোৱাৰ আধাঘণ্টা আগতে গাত লগাই ভালদৰে মালিচ কৰি ল’ব লাগে আৰু পিছত শীতল পানীৰে গা ধুব লাগে । গাৰ গোন্ধ নাইকিয়া হ’ব।
(৮) গৰ্ভৱতী নাৰীৰ জ্বৰ হ’লে বেলপাতৰ ৰস প্ৰতিদিনে ২-৩ বাৰকৈ খুৱালে জ্বৰৰ পৰা উপশম পাব ।
(৯) বেলৰ চৰবত এক শীতলীকৰণ পানীয়ৰূপে ব্যৱহাৰ কৰিব পাৰি ৷ ইয়াৰ ফলত ই শৰীৰ শীতল কৰি ৰাখে আৰু প্ৰস্ৰাৱৰ জ্বলন দূৰ কৰে ৷
(১০) Peptic Ulcer,Acidity থকা ৰোগীয়ে বেলৰ চৰবত খাব পাৰে ৷
(১১) প্ৰতিদিনে বেল খাব পাৰিলে পায়খানা খোলোচা হয় ৷
(১২) বেল পাতৰ ৰস আৰু জালুক মিহলাই খাইও চৰ্দি লগা কমাব পাৰি ৷

উত্স: https://www.facebook.com/Mahiruh.sss

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top