মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ব্ৰাহ্মী আৰু মানিমুনি মেধাবৰ্ধক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্ৰাহ্মী আৰু মানিমুনি মেধাবৰ্ধক

ব্ৰাহ্মী আৰু মানিমুনি মেধাবৰ্ধকৰ বিষয়ে লিখা হৈছে ।

ব্ৰাহ্মী আৰু মানিমুনি ঘিউৰ লগত ভাজি খালে স্মৃতি বৃদ্ধি হয়। অৱশ্যে এই প্ৰণালীৰে ভাজি খালে ৰসায়ন হিচাপে বল বৃদ্ধি, শৰীৰৰ দুৰ্বলতা অৰ্থাৎ এজন ব্যক্তিক সুস্থ-সবল কৰি ৰাখে।

শাক-পাচলি, ফল-ফুল আমাৰ অসমত সহজতে উপলব্ধ, বিশেষকৈ কেইবিধমান শাক-পাচলি, ফলমূল অতি সহজে আমাৰ ঘৰৰ পিছফালৰ বাৰীত পোৱা যায়।

সেই সকলোবোৰৰ ভিতৰত ব্ৰাহ্মী আৰু মানিমুনি শাক ল’ৰা-ছোৱালীৰ পৰা বৃদ্ধ বয়সৰ ব্যক্তিসকলৰ বাবে বিশেষভাৱে উপযোগী আৰু মেধা শাক অৰ্থাৎ স্মৃতিশক্তি বঢ়োৱাত বিশেষভাৱে সহায় কৰে।

কেৱল যে স্মৃতিশক্তি বৃদ্ধি কৰে তেনে নহয়, এই শাকে প্ৰায় বহুত ৰোগ উপশম পোৱাত সহায় কৰে।

আমাৰ ল’ৰা-ছোৱালীয়ে শাক বুলি ক’লে দূৰতে তিনি জাঁপ মাৰে নাখাওঁ বুলি, বিশেষকৈ ব্ৰাহ্মী আৰু মানিমুনিৱ শাকৰ নাম শুনিলে কথায়ে বেলেগ হৈ যায়।

কাৰোবাৰ ভাতৰ পাতত শাক দেখিলে বমি লাগে, কাৰোবাৰ আকৌ পেটৰ বিষ, নহ’লে কাৰোবাৰ আকৌ ভোক নাই বুলি কয়।

মুঠৰ ওপৰত কিবা উপায়েৰে শাকখিনি খোৱা পাতৰ পৰা আঁতৰাবলৈ পালে ৰক্ষা পৰে।

কিন্তু অভিভাৱক হিচাপে আমাৰ গধুৰ দায়িত্ব আছে যে আমি আমাৰ ল’ৰা-ছোৱালীক যিকোনো উপায়েৰে শাক খুৱাবলৈ চেষ্টা কৰিব লাগে।

হয়তো আমি ৰন্ধা প্ৰণালীটো সলাব লাগিব। যদি শাক ভাজি বেয়া পায়, তেনেহ’লে আমি চপ বা বৰা নহ’লে পকৰী আদি বনাই খুৱাব লাগিব।

কাৰণ আমি সকলোৱে জানো যে জন্মৰ পৰা ৫ বছৰ বয়সলৈকে আমাৰ ল’ৰা-ছোৱালীবোৰৰ মস্তিষ্ক সম্পূৰ্ণৰূপে বিকাশ হয়।

গতিকে আমি এই সময়ছোৱাত বিশেষভাৱে গুৰুত্ব দিব লাগে খোৱা-বোৱাত।

সেইবাবে সৰুৰে পৰা আমি উচিত পৰিমাণৰ-

  • কাৰ্বহাইড্ৰেট,
  • প্ৰ’টিন,
  • ভিটামিন,
  • মিনাৰেল,
  • ফেট আদি যাতে খাদ্যত থাকে তাৰ ওপৰত সদায় লক্ষ্য ৰাখিব লাগে।

আয়ুৰ্বেদ শাস্ত্ৰৰ চৰক সংহিতাত ব্ৰাহ্মী আৰু মানিমুনি মেধা দ্ৰব্য বা শাক বুলি উল্লেখ কৰা আছে। ব্ৰাহ্মী আৰু মানিমুনি শাকক স্মৃতিশক্তি বৰ্ধকৰ লগতে ৰক্তশোধক, ৰসায়ন আদি গুণেৰে পৰিপূৰ্ণ।

ব্ৰাহ্মীৰ বৈজ্ঞানিক নাম Bacopa monnieri আৰু মানিমুনি Centella asiatica নামেৰে প্ৰচলিত যদিও ইয়াৰ উৎপত্তিস্থল এছিয়াত, তথাপিও এই দুবিধ শাক অসম আৰু পশ্চিমবংগত বিশেষভাৱে প্ৰচলিত ব্ৰাহ্মী আৰু মানিমুনি জেকা মাটিত হয়।

ব্ৰাহ্মীৰ সোৱাদ তিক্ত আৰু মধু। আনহাতে, মানিমুনিৰ সোৱাদ কতু আৰু মধুযুক্ত।

ব্ৰাহ্মী আৰু মানিমুনিৰ ঔষধি গুণাগুণ -

১)ব্ৰাহ্মী আৰু মানিমুনি একেলগে ঘিউৰ লগত ভাজি খালে স্মৃতি বৃদ্ধি হয়। অৱশ্যে এই প্ৰণালীৰে ভাজি খালে ৰসায়ন হিচাপে বল বৃদ্ধি, শৰীৰৰ দুৰ্বলতা অৰ্থাৎ এজন ব্যক্তিক সুস্থ-সবল কৰি ৰাখে।

২)ব্ৰাহ্মী শাকৰ ৰস ২ চাহ চামুচ, ১ চাহ চামুচ মানিমুনিৰ ৰস লগত ১/২ চাহ চামুচ মৌ একেলগে মিহলাই ১/২ গিলাচ কুহুমীয়া পানীৰ লগত নিতৌ দুবাৰকৈ সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি, কোষ্ঠকাঠিন্য, শৰীৰ হৃষ্টপুষ্ট, মুৰ্ছাৰ পৰা উপশম পায়।

৩)ব্ৰাহ্মী শাকৰ ৰস ২ চাহ চামুচ, ২ চাহ চামুচ কুমলীয়া শেৱালি পাতৰ ৰসৰ লগতে ১/২ গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰকৈ সেৱন কৰিলে সেৱন কৰিলে কৃমিৰোগ, পেটৰ বিষ, কোষ্ঠকাঠিন্য, অম্লপিত্ত আৰু শৰীৰ দুৰ্বলতাৰ পৰা উপশম পায়।

৪)ব্ৰাহ্মী জুইচ ১ চাহ চামুচ, মানিমুনিৰ ৰস ২ চাহ চামুচ, ১ টা অশ্বগন্ধা কেপছুলৰ লগতে ১/২ গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰকৈ সেৱন কৰিলে হৃদৰোগ, অনিদ্ৰা, উচ্চ ৰক্তচাপ, কলেষ্টেৰলৰ পৰা উপশম পায়।

৫)ব্ৰাহ্মী জুইচ ২ চাহ চামুচ, মানিমুনিৰ পাউডাৰ ১ চাহ চামুচ, লগত ২ চাহ চামুচ এলোভেৰা জুইচ একেলগে মিহলাই নিতৌ দুবাৰকৈ সেৱন কৰিলে পেটৰ বিষ, অম্লপিত্ত, কোষ্ঠকাঠিন্য, চৰ্ম ৰোগৰ পৰা উপশম পায়।

৬)ব্ৰাহ্মী পাউডাৰ ২ চাহ চামুচ, জবা ফুলৰ পাউডাৰ ২ চাহ চামুচ, ২ চাহ চামুচ আমলখি পাউডাৰ একেলগে মিলাই লেপন বনাব। এই লেপন সপ্তাহত তিনিবাৰ তালুত লগাই ২০ মিনিট ৰাখি কোমল আয়ুৰ্বেদিক শ্বেম্পু দি ধুলে চুলি সৰা বন্ধ হয়, চুলি উজ্জ্বল হয় আৰু উফিৰ সমস্যাৰ পৰা উপশম পায়।

৭)মানিমুনিৰ ৰস ১ চাহ চামুচ হালধি ৰস, ১ চাহ চামুচ এলোভেৰা ৰস একেলগে ১/২ গিলাচ কুহুমীয়া পানীৰ লগত নিতৌ দুবাৰকৈ সেৱন কৰিলে চৰ্বৰোগ, শালমইনা, একজেমা, চৰিয়াছিছ আদিৰ পৰা উপশম পায়।

৮)২ চাহ চামুচ মানিমুনি ৰস, ৪ চামুচ শতমূলৰ ৰস, ২ চাহ চামুচ এলোভেৰা ৰস মিহলাই নিতৌ দুবাৰকৈ সেৱন কৰিলে শ্বতপ্ৰদাৰ, ৰক্তপ্ৰদাৰ, ৰক্তহীনতা, যৌন ৰোগ আদিৰ পৰা উপশম পায়।

৯)ব্ৰাহ্মী ৰস ৪ চাহ চামুচ, ২ চাহ চামুচ চিকাকাই পাউডাৰ(ৰাতি ১ গিলাচ পানীত তিয়াই থৈ ৰাতিপুৱা চেকি পানীখিনি উলিয়াই ল’ব), ২ চাহ চামুচ আলমখি ৰস, ২ চাহ চামুচ এলোভেৰা ৰস, ২ চাহ চামুচ জবাপাতৰ ৰস একেলগে মিহলাই চুলি ধুলে চুলি মিহি হয়, চুলি সৰা বন্ধ হয়, টকৌৱে খোৱা, পকাৰ পৰা উপশম পায়।

১০)আজিকালি বজাৰত ব্ৰাহ্মী টেবলেট, ব্ৰাহ্মী ছিৰাপ, ব্ৰাহ্মী জুইচ, মানিমুনি কেপছুল, মানিমুনি পাউডাৰ সহজভাৱে উপলব্ধ, গতিকে বয়স অনুসৰি ব্ৰাহ্মী আৰু মানিমুনি ব্যৱহাৰ কৰিব পাৰিব।

ওপৰোক্ত বিধিসমূহ ১৪ বছৰ বয়সৰ পৰা অৱলম্বন কৰিব পাৰিব। ১৪ বছৰতকৈ কম হ’লে ইয়াৰ পৰিমাণ বেলেগ হয়।

কোনোবা জটিল ৰোগত আক্ৰান্ত ব্যক্তিয়ে উপৰিউক্ত বিধিসমূহ এজন চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰাটো বাধ্যতামূলক।

লেখিকা: ডাঃ কৰবী হাজৰিকা চৌধুৰী(নিয়মীয়া বাৰ্তা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top