অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভোমোৰা

ভোমোৰা

পৰিচয়

ভোমোৰা সুপৰিচিত দৰবৰ গছ। এই গছৰ সুবৃহৎ হৈ উঠে। সকলো ঠাইতে বিশেষকৈ ওখ মাটিত এই গছ হয়। পাতবোৰ বটগছৰ পাত সদৃশ। ফুলবোৰ সৰু সৰু। নামনি অঞ্চলত ভোমোৰা গছ কম হয়; পাহাৰিয়া অঞ্চলত অধিক হয়। চ’ত, বহাগ মাহত ভোমোৰা গছৰ ফল ধৰে। ইয়াৰ গন্ধ বেয়া হোৱা বাবে সাধাৰণতে মানুহে ঘৰৰ ওচৰত নোৰোৱে। পুহ, মাঘ মাহত ফল সৰি সৰি পৰে। গুটিৰ মাজৰ অংশ খাবলৈ সুস্বাদু। ভোমোৰা দুবিধ। এবিধৰ ফল ঘূৰণীয়া আৰু আনবিধৰ ফল বকুলাকৃতি বা ডিম্বাকৃতি। আমলখিৰ দৰে ভোমোৰাও শুকাই ব্যৱহাৰ কৰা হয়। ভোমোৰাৰ শাস্ত্ৰীয় নাম অনেক। তাৰ ভিতৰত বিভীত কলি তুষ, তৈলফল বসন্ত আদিয়ে প্ৰসিদ্ধ।

লিখক: ধৰ্মকান্ত শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 4/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate