মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ভিন্ন গুণৰ উৎস নয়নতৰা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভিন্ন গুণৰ উৎস নয়নতৰা :

ভিন্ন গুণৰ উৎস নয়নতৰাৰ বিষয়ে লিখা হৈছে ।

আমাৰ ঘৰ-চোতালৰ আশে-পাশে সহজে পোৱা এনে কিছুমান সৰু সাধাৰণ উদ্ভিদ আছে, যিবোৰ কিন্তু ঔষধি গুণত অসাধাৰণ।

তেনেকুৱা এবিধ উদ্ভিদ হৈছে বছৰৰ মাহে ফুলি থকা ‘নয়নতৰা’ নামৰ ফুলবিধ। যি বিধ উদ্ভিদৰপৰা কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিব পৰা ঔষধ পৰ্যন্ত প্ৰস্তুত হৈছে। ইয়াৰ অনেক প্ৰজাতি আছে। এইবিধ উদ্ভিদৰ ইংৰাজী নাম ‘Periwinkle’।

ইয়াৰ বৈজ্ঞানিক নাম হৈছে- ‘কেথাৰেন্থাছৰোজছ’(Catharanthus roseus)। আমাৰ দেশ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ই বিভিন্ন নামেৰে পৰিচিত।

অসমীয়া আৰু বঙালী ভাষাত ইয়াক নয়নতৰা, হিন্দীত সদাবহাৰ, মাৰাঠীত সদাফুলী আদি নামেৰে জনা যায়।

ভেষজ গুণৰ ভঁৰাল স্বৰূপ এই নয়নতৰা ফুলৰ পাতৰ ৰসত লুকাই আছে কৰ্কট, মধুমেহ আদিকে ধৰি দুৰাৰোগ্য ৰোগৰ সহজ চিকিৎসা। আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানীৰ গৱেষণাত প্ৰকাশ পোৱা তথ্য মতে, নয়নতৰাৰ বগাফুলীয়া প্ৰজাতিবিধ কেন্সাৰৰ চিকিৎসাত বেছি প্ৰভাৱশালী বুলি জনা গৈছে। ইয়াৰ পাতৰ ৰস কেন্সাৰ প্ৰতিৰোধী হিচাপে প্ৰমাণিত হৈছে।

ইয়াৰ পৰিমিত পৰিমাণৰ পাতৰ ৰস সেৱনে ৰোগাক্ৰান্ত কৰ্কট কোষবোৰৰ ৰোগৰ গতি স্তিমিত কৰে আৰু শতিগ্ৰস্ত কোষবোৰক পুনৰ সুস্থ-সবল কৰি তোলাত অৰিহণা যোগায়।

ইয়াৰ পাতৰ ৰস প্ৰাথমিক পৰ্যায়ৰ কৰ্কট ৰোগীক যথা নিয়মে সেৱন কৰালে ৰোগৰ বৰ্দ্ধনকাৰ্য ব্যাহত হয় আৰু পুৰণি ৰোগীৰো ৰো প্ৰতিৰোধী ক্ষমতা বঢ়াই তুলি ৰোগীক কিছু পৰিমাণে সকাহ দি জীৱনকাল দীঘলীয়া কৰে।

মধুমেহত ভোগা ৰোগীৰ ক্ষেত্ৰতো ই ‘এন্টিডায়েবেটিক’ হিচাপে কাম কৰি তেকত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত কৰে। সুস্থ লোকেও ইয়াক(পাতৰ ৰস) সেৱন কৰি ৰোগ প্ৰতিৰোধী শক্তি বঢ়াই তুলিব পাৰে।

ভাৰতবৰ্ষৰ ‘কেন্দ্ৰীয় ঔষধীয় আৰু সুগন্ধী উদ্ভিদ সংস্থান’ৰ দ্বাৰা কৰা অনুসন্ধানৰ পৰা গম পোৱা গৈছে যে নয়নতৰাৰ পাতত থকা ভিনক্ৰিষ্টাইন(Vincristine) নামৰ এলকালয়ড বিধে কেন্সাৰ বিশেষকৈ ৰক্তকেন্সাৰৰ(লিউকেমিয়া) ৰোগীক যথেষ্ট সুফল বা সকাহ দিয়ে।

নয়নতৰা ফুলত ‘এলকালয়ড’(Alkaloid) আৰু ‘টেনিন’(Tannin) নামৰ দুবিধ সক্ৰিয় উপাদান পোৱা যায়। এই বিধ উদ্ভিদত এশতকৈও অধিক প্ৰকাৰৰ এলকালয়ডত(উপক্ষাৰ) পোৱা যায় যিবোৰৰ ভিতৰত ভিনক্ৰিষ্টাইন(Vincristine) আৰু ভিনব্লাষ্টিন(Vinblastine) ঔষধীয় গুণৰ বাবে বিখ্যাত।

ভাৰতীয় আয়ুৰ্বেদিক আৰু চীন দেশীয় চিকিৎসা প্ৰণালীতো ই অতীজৰেপৰা ব্যৱহৃত হৈ আহিছে। ইয়াৰ পাত-ফুল-শিপা আদি আয়ুৰ্বেদিক ঔষধত আৰু ইয়াৰ আৰক(extract) চীন দেশীয় ঔষধত ব্যৱহৃত হয়।

  • মেলেৰিয়া,
  • মধুমেহ,
  • ৰক্তকৰ্কট আদিকে ধৰি বিভিন্ন ৰোগত ই ফলদায়ক।

ইয়াৰ পাত আৰু ঠাল-ঠেঙুলিসমূহ এলকালয়ডচৰ ভাল উৎস, যিবোৰ কেন্সাৰৰোধী(Anti-Cancer) তথা টেমুনা প্ৰতিৰোধী(Anti-Tumor) গুণেৰে সমৃদ্ধ। পাতৰ আৰক উচ্চ ৰক্তচাপ আৰু মধুমেহ নিয়ন্ত্ৰক গুণ সমৃদ্ধ।

এলকালয়ডবোৰ বিষ প্ৰশমক আৰু দেহ শান্ত-সুস্থিৰকাৰক প্ৰকৃতিৰ। ই পেশীৰ বিষ আৰু অৱসাদ দূৰীকৰণৰ ক্ষেত্ৰতো সুফলদায়ক। ই দেহৰপৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি উলিয়াই অনাত সহায় কৰে। ই মগজুৰ বাবেও উপকাৰী।

ইয়াৰ সক্ৰিয় উপাদানবিলাকে মগজুলৈ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ উন্নতি সাধন কৰি মগজুক অধিক মাত্ৰাত অক্সিজেনৰ যোগান ধৰে।

ইয়াত থকা ভিনকামাইন নামৰ এলকালয়ড বিধে তেজৰ তাৰল্য সঠিকভাৱে ৰাখে আৰু স্মৃতিশক্তিৰ উন্নতি সাধন কৰে। তদুপৰি ই স্মৃতি বিভ্ৰমতা(dementia/vascular dementia) ৰোগ প্ৰতিৰোধ কৰে। গৰু-ছাগলীয়ে নোখোৱা এই উদ্ভিদবিধ চোতালৰ আগত সহজে ৰোপণ কৰি সৌন্দৰ্য বৰ্দ্ধন কৰাৰ উপৰি প্ৰয়োজনসাপেক্ষে পৰিমিত ৰূপত সেৱন কৰি ইয়াৰ ঔষধি গুণসমূহৰ সুফল লাভ কৰিব পাৰি।

লেখক: ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top