ভেকুৰিক তিতা ভেকুৰি তিতা বুলিও কোৱা হয়। ই এবিধ বনৰীয়া গছ। নৈ কাষৰীয়া ঠাইত, বাম খেতিপথাৰৰ কাষত ইয়াৰ গছ দেখিবলৈ পোৱা যায়। খেতি কৰা নহয় যদিও ইয়াৰ সেউজীয়া সৰু সৰু ফলবোৰ ছিঙি আনি ঔষধ হিচাপে কেঁচাই বা ভাজি ভাতৰ লগত খোৱা হয়। ফলবোৰ তিতা স্বাদযুক্ত। ইয়াৰ ইংৰাজী নাম ইণ্ডিয়ান নাইটশ্বেড, এছিয়ান নাইটশ্বেড, পয়জন বেৰী আদি। বাংলাত ইয়াৰ নাম ফুটকি, তিত বেগুন। সংস্কৃত নাম বৰ্হট্টী। বৈজ্ঞানিক নাম ছোলেনাম ভায়লেচিয়াম। ই ছোলেনেচি গোত্ৰৰ উদ্ভিদ। ইয়াৰ গছ জোপোহা, কাইটীয়া আৰু ডেৰ মিটাৰমানলৈকে ওখ হয়। ডালবোৰ কজলা বা সেউজীয়া আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ নোমেৰে আবৃত। পাতবোৰ দেখাত বেঙেনা পাতৰ দৰে-একান্তৰ, ডিম্বাকাৰ, ক্ষুদ্ৰ ক্ষুদ্ৰ নোমযুক্ত, কাইটীয়া, পাঁচৰ পৰা পোন্ধৰ চেন্টিমিটাৰ দীঘল আৰু দুইৰ পৰা সাত চেন্টিমিটাৰ বহল। বাৰিষা কালত ডালৰ আগ অংশৰ পত্ৰকক্ষত মঞ্জৰী ওলাই ফুল ফুলে আৰু ফল লাগে। মঞ্জৰীত দুটা শাৰীত ফুলবোৰ সজোৱা থাকে। ফুলৰ ঠাৰি দীঘল, বেটুপাত চুটি। ফুলৰ মঞ্জৰী আৰু ঠাৰিতো কাঁইট থাকে। ফুল সৰু আৰু কজলা ৰঙৰ। ফুলাৰ পিছত সৰু সৰু আঠ মিলিমিটাৰ মান ব্যাসৰ গোলাকাৰ ফল ধৰে। ফলত অসংখ্য চেপেটা গুটি থাকে। ফলবোৰ উজ্জ্বল, মিহি, সেউজীয়া-পাতল বগাৰে পখৰা আৰু পূৰঠ হ’লে হালধীয়া বা কমলা হয়। পূৰঠ গুটিৰ পৰা পুলি গজে। চৰাই, কেৰ্কেটুৱা আদিয়ে ফলবোৰ খায় আৰু বিস্তাৰ কৰে। ইয়াৰ কাণ্ড, পাত, শিপা, ফল আদি শ্বাসৰোগ, শুকান কাহ, কৃমি, পেটৰ কামোৰণি, জ্বৰ, দাঁতৰ বিষ, বদহজমী, পানীয়ে খোৱা, নাকৰ ভিতৰত ঘা লগা, প্ৰস্ৰাৱ কৰোতে কষ্ট পোৱা আদি নানা ৰোগত বনৌষধ হিচাপে ব্যৱহাৰ কৰা হয়।
লিখক: ৰঞ্জন কুমাৰ দাস, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/17/2020