মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ভেদাই লতাৰ ঔষধি গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভেদাই লতাৰ ঔষধি গুণ

ভেদাই লতা হ’ল কেচেমা গোন্ধৰ দীঘল পাতৰ লতাজাতীয় এজোপা উদ্ভিদ । সাধাৰণতে হাবি -জংঘলত পোৱা যায় যদিও মানুহে সুবিধাৰ বাবে বাৰীতো ৰুই লয় । বহুতে ইয়াৰ আন এটা নাম 'ভেবেলি লতা' বুলি কব খোজে ৷ কিন্তু, বৃদ্ধ সকলে ভেবেলি লতা বুলি আন এজোপা লতাকহে আঙুলিয়াব খোজে ৷ যিকি নহওক, ভেদাই লতাৰ ঔষধি গুণবোৰ তলত দিবলৈ চেষ্টা কৰিছোঁ ৷

— ভেদাই লতাৰ ঔষধি গুণ —
(১) ইয়াৰ ৰসৰ তৰকাৰী ৰান্ধ খালে বাত বিষ ভাল হয় ।
(২) শিৰা সংকোচন হ’লে ভেদাই লতাৰ ৰস তিল তেলৰ লগত মিহলাই সিৰা সংকোচন হোৱা স্থানত সানিলে বিষ নাইকিয়াহয় ।
(৩) হাড় ভগা আৰু জোৰা লৰা ৰোগত ভেদাই লতাৰ প্ৰলেপ দি বান্ধিব লাগে আৰু ভেদাই লতাৰ ৰস খাব লাগে । 
(৪) প্ৰমেহ(Gonorrhoea), কেঁচুমূৰীয়া, অতিসাৰ বা পেটচলা ৰোগত ভেদাই লতা সুপথ্য ।
(৫) একাংগী (paralysis) ৰোগত ভেদাই লতাৰ ৰস খোৱাৰ উপৰিও ইয়াৰ ৰসেৰে মালিচ কৰিব লাগে ।
(৬) দাঁত বিষত ভেদাই লতাৰ গুটিৰে দাঁত মাজক ; বিষ কমি যাব ।
(৭) আমবাত বা এলাৰ্জি ৰোগত ভেদাই লতাৰ ৰস সানিলে আৰাম পোৱা যায় ।
(৮) ইয়াৰ কুমলীয়া আগ কেইফুটামান নহৰুৰ লগত চাটনী কৰি ভাতৰ লগত খালে ভোক বাঢ়ে আৰু হজমী শক্তি বাঢ়ে ৷

উত্স: https://www.facebook.com/Mahiruh.sss

3.20634920635
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top