অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভেদাইলতা

ভেদাইলতা

পৰিচয়

ভেদাইলতা এবিধ লতা জাতীয় দৰবৰ গছ। হাবি-জংঘলত এইবিধ লতা গছ-গছনিত বগাই বিস্তাৰিত হৈ থকা দেখা যায়। ইয়াৰ পাত মোহাৰিলেই দুৰ্গন্ধ বাহিৰ হয়। সেয়েহে ইয়াক চিনা অতি সহজ। কোনো কোনো ঠাইত ভেবেলী লতা বুলিও অভিহিত। ইয়াৰ পাতবোৰ পাতল এটা এটাকৈ ঠাৰিৰ পৰা ওলায়। ভেদাইলতাৰ শাস্ত্ৰীয় নাম ভদ্ৰপৰ্নী, প্ৰসাৰিণী, ৰাজবজলা, সাৰিণী, সৰা ইত্যাদি। ভেদাইলতাৰ পাত আৰু ঠাৰিৰ মানুহে আঞ্জা ৰান্ধি খায়। ৰান্ধিলে দুৰ্গন্ধ সমূলি নাথাকে।

লিখক: ধৰ্মকান্ত শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate