অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মদাৰ

মদাৰ

মদাৰ মাধ্যম আকাৰৰ বৃক্ষ। ইয়াৰ গোটেই গাটো সৰু সৰু কলা ৰঙৰ কাইটেৰে আবৃত। ফুল উজ্জ্বল ৰঙা। মদাৰৰ ফল কিছু চুঙা আকৃতিৰ ১২ পৰা ৩০ ছেঃ মিঃলৈ দীঘল হয়। এটা ফলত ৪-৮ টাকৈ গুটি থাকে। গুটিবোৰৰ ৰঙ মুগা ৰঙৰ।

—মদাৰৰ ছাল জ্বৰ আৰু কৃমিনাশক। 
—তেজগ্ৰহণী আৰু যকৃতৰ অসুখত উপকাৰী। 
—চকু নমাত অঞ্জন হিচাপে ব্যৱহাৰ কৰিব পাৰি। 
—মদাৰ গছৰ ছালে সাপে কামোৰাত বিষঘ্ন হিচাপে কাম কৰে।
—মদাৰৰ পাত কৃমিনাশক। 
—মহিলাৰ মহেকীয়া অনিয়মীয়া হ’লে মদাৰৰ পাতৰ ৰস খালে নিয়মীয়া কৰে আৰু মাতৃস্তনৰ গাখীৰৰ নিঃসৰণত সহায় কৰে। 
—পাতৰ বাহ্যিক প্ৰয়োগে গাঠিৰ বিষ নিৰাময়ত সহয় কৰে।
উপৰিউক্ত মদাৰৰ দৰে আৰু এবিধ মদাৰ আছে। এইবিধ মদাৰৰ ফুল, ফল, পাত প্ৰয় ওপৰত উল্লেখ কৰা মদাৰৰ দৰেই। অৱশ্যে গাৰ কাইটবোৰ ক’লা নহয়, কাঁইটৰ গুৰি বহল আৰু ই ওপৰলৈ ক্ৰমান্বেয় সৰু। কিন্তু এইবিধ মদাৰৰ ঔষধি গুাগুণো উপৰিক্ত মদাৰৰ দৰেই ৷

উত্স: https://www.facebook.com/Mahiruh.sss

শেহতীয়া উন্নীতকৰণ: : 6/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate